--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৃষক মহাশক্তিৰ সন্মুখত নতজানু হ’বলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ। প্ৰায় ডেৰ বছৰজোৰা কৃষক বিদ্ৰোহৰ ওচৰত সেও মানি তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে আনকি নতশিৰে ক্ষমাও বিচাৰিলে প্ৰতিবাদী কৃষকৰ ওচৰত। এতিয়া বহুতেই এই অভিযোগ কৰিছে যে, উত্তৰ প্ৰদেশ,পঞ্জাবৰ দৰে ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ’ল মোদী চৰকাৰে। সি যি কি নহওক জয় কিন্তু হ’ল কৃষকৰে। কিন্তু দেশত এতিয়া আন একুৰা জুই উমি উমি জ্বলিবলৈ ধৰিছে। ইমান দিনে অৱদমিত হৈ থকা একুৰা জুইৰ স্ফুলিংগ এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে। এই জুই হৈছে ‘কা’বিৰোধী আন্দোলনৰ জুই।

Assam, Dec 15 (ANI): Women raise slogans during a protest against the Citizenship (Amendment ) Act, 2019, organized by Assamese artists, at AEI Playground, Chandmari in Guwahati on Sunday. (ANI Photo)

কৃষকৰ অবিচল প্ৰতিবাদৰ ওচৰত শিৰনত কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ এতিয়া দেশৰ ‘কা’বিৰোধী শক্তিয়েও শৃংখল পিন্ধোৱাৰ বাবে ফল্গু সদৃশ গুপুত সংগ্ৰামৰ আখৰা যেন এতিয়া দেশে প্ৰান্তে প্ৰান্তে চলিবলৈ ধৰিছে। জনতাতন্ত্ৰৰ অস্ত্ৰৰ ঝংকাৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ দৰ্পচূৰ্ণ কৰিব পাৰে নে নোৱাৰে সেয়া সময়ত প্ৰমাণিত হ’ব যদিও এতিয়া পুনৰ নাগৰিকত্ব সংশোধনী আইন তথা নাগৰিকপঞ্জীৰ দৰে বিতৰ্কিত প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী সজোৰে উঠিবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ এগৰাকী কঠোৰ সমালোচক তথা দেশৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম প্ৰধান হোতা আছাদুদ্দিন ওৱেইছিয়ে এইবাৰ ‘কা’, ‘এনআৰচি’ৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে ওৱেইছী। এআইএমআইএম মুৰব্বীগৰাকীয়ে ‘কা’, ‘এনআৰচি’ বাতিল কৰা উচিত বুলি দাবী কৰাই নহয় ইয়াৰ ব্যতিৰেকে পুনৰ ‘শ্বাহিনবাগ’ কাণ্ডৰ পুনৰাবৃত্তি হ’ব বুলি সকীয়নি দিছে ওৱেইছীয়ে। ‘কা’, ‘এনআৰচি’ প্ৰক্ৰিয়া বাতিল নকৰিলে পুনৰ ৰাজপথ উত্তাল কৰাৰ ভাবুকি দিছে ওৱেইছীয়ে। উল্লেখ্য যে, ২০২০ চনত শ্বাহিনবাগৰ সংগ্ৰামে দেশৰ লগতে বিদেশতো ব্যাপক চৰ্চা লাভ কৰিছিল আৰু দেশৰ ‘কা’বিৰোধী সংগ্ৰামক ই এক নতুন ৰূপ দিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ ‘নৌটংকীবাজ’ আখ্যা দি তীব্ৰ আক্ৰমণ কৰে ওৱেইছীয়ে।

তেওঁৰ স্বভাৱসুলভ আক্ৰমণাত্মক ভংগিমাৰে মোদীক সমালোচনা কৰি তেওঁ মোদীয়ে ভুলতে ৰাজনীতিত প্ৰৱেশ কৰা বুলিও কটাক্ষ কৰে। তেওঁ চিনেমা জনগততহে থাকিব লাগিছিল বুলি কটাক্ষ কৰি ওৱেইছীয়ে। ৭৫০জন কৃষকৰ বলিদানৰ পাছত কৃষি আইন বাতিল কৰি মোদীয়ে নিজকে হীৰো সজোৱাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে ওৱেইছীয়ে। সি যি কি নহওক তেওঁ দাবী কৰাৰ দৰে দেশত পুনৰ ‘কা’বিৰোধী আন্দোলনে গা কৰি উঠাটো সম্ভৱ হ’বনে? কিমান সহজসাধ্য হ’ব পাৰে এনে সংগ্ৰামৰ অগ্নিশিখা পুনৰ প্ৰজ্বলিত কৰি তোলাটো? এই সংগ্ৰামৰ ইতিহাসৰ পাত লুটিয়ালেই এইকথা অনুধাৱন কৰিব পৰা যাব।

বিগত সময়ছোৱাত দুখন সংগ্ৰামৰ তপ্ত শিখাৰ সৈতে দেশবাসী পৰিচিত হ’ল। প্ৰথমে হ’ল কাবিৰোধী আন্দোলন। প্ৰৱসল প্ৰখৰতা আৰু পট পৰিৱৰ্তনৰ সম্ভাৱনা বহন কৰি এই সংগ্ৰাম আৰম্ভ হ’ল যদিও এই সংগ্ৰামৰ শেষ পৰিণতি হ’ল অতি কৰুণ। সমগ্ৰ দেশৰ লগতে অসমত কোনো সংগঠন অবিহনেই এই সংগ্ৰামে তপ্ত তিখাৰ দৰে জ্বলি উঠিল যদিও পৰৱৰ্তী সময়ত ই খুব তাপহীন ৰূপ ল’লে। কটন কলেজকে ধৰি দেশৰ ছাত্ৰ সমাজে স্বতঃস্ফূৰ্তভাৱে আৰম্ভ কৰা এই সংগ্ৰামত যেতিয়াই একাংশ সংগঠনৰ চীল-মোহৰ পৰিল তেতিয়াই ই হৈ পৰিল স্তব্ধ আৰু নিস্তৰংগ। পুৱা ১০বজাৰ পৰা বিয়লি পাঁচ বজালৈ আন্দোলন কৰাৰ চমৎকাৰ কৌশল উলিয়াই একাংশ নেতাই ৰাইজৰ মনত স্বতঃস্ফূৰ্তভাৱে উদগীৰণ হোৱা ক্ষোভৰ জুইকুৰা নুমুৱাই পেলালে আৰু আন্দোলনটোক নাচ-গান, ধেমালি-ধুমুলাৰ এক কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰি পেলালে।

তাৰ পৰৱৰ্তী সময়ত আন্দোলনৰ একাংশ নেতাই বিজেপিত চামিল লৈ সকলো সংগ্ৰামী লোকৰে মনত একপ্ৰকাৰ পদাঘাত কৰিলে। ইফালে, সৰ্বভাৰতীয় পৰ্যায়ত ‘কা’ আৰু ‘এনআৰচি’ৰ প্ৰসংগৰ কিছু অপব্যাখ্যা হ’ল আৰু শ্বাহিনবাগৰ দৰে আন্দোলনক একপ্ৰকাৰ দিয়া হ’ল সাম্প্ৰদায়িক ৰূপ। এইক্ষেত্ৰত শাসকপক্ষৰ কাৰচাজিয়ে বিশেষ প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিলে। অসম তথা উত্তৰ পূবৰ মানুহে যি উদ্দেশ্য লৈ আন্দোলন কৰিছিল সেই একে উদ্দেশ্য সৰ্বভাৰতীয় প্ৰেক্ষাপটত পৰিলক্ষিত হোৱা নাছিল। অসমৰ আন্দোলনৰ নেতাসকলৰ ভুলেই অসমৰ এটা সম্ভাৱনাপূৰ্ণ আৰু গতিশীল আন্দোলন এটা গতি ৰুদ্ধ কৰিলে আৰু এতিয়া তেনে এটা আন্দোলনে পুনৰ গা কৰি উঠাৰ সম্ভাৱনাতো পুনৰ হেঙাৰ বান্ধিলে।

আন্দোলনকাৰী নেতাৰ ভুল দিশ নিৰ্দেশনা আৰু প্ৰতাৰণাই বাৰে বাৰে আশাহত কৰা অসমৰ জনগণ আকৌ যো কোনোবাই ‘আহ ঐ আহ’ বুলিলেই ৰাজপথলৈ ওলাই আহিব সেই আশা কৰিব নোৱাৰি। একেদৰে সৰ্বভাৰতীয় পৰ্যায়তো ওৱেইছীৰ দৰে নেতাৰ দাবীক সৰ্বসাধাৰণে কিমান গুৰু্ত্ব আৰোপ কৰে সেয়া লক্ষ্যণীয় হব। কিন্তু কৃষকৰ শৃংখলাবদ্ধতা, তেওঁলোকৰ নীতিৰ ক্ষেত্ৰত অবিচল দৃঢ়তা, ধৈৰ্য আৰু লক্ষ্যত অটল হৈ থকাৰ যি মানসিকতা সেয়া আমাৰ আন্দোলনকাৰীয়ে শিকিব পাৰিব বুলিও মনে নধৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?