--°C
Loading...
Advertisement
Listen to Article
2 min read
80%


ৰামায়ণত ভগৱান শ্ৰীৰামৰ চৈধ্য বছৰীয়া বনবাসৰ কথা উল্লেখ আছে। এই ৰামায়ণতে সোণৰ হৰিণাৰ কথা কোৱা হৈছে। সোণৰ হৰিণা এক অবাস্তৱ বস্তু সেই কথা সীতাই বুজি পোৱা নাছিল। ৰাম চন্দ্ৰই সোণৰ হৰিণা বিচাৰি যোৱাৰ পৰাই ৰামায়ণৰ সীতা হৰণৰ মূল কাহিনীভাগ পঞ্চৱতী অৰণ্যৰ পৰা আৰম্ভ হৈ লংকাত শেষ হৈছিল। যি নহওক সোণৰ হৰিণা বিচৰাৰ তাৎপৰ্য এয়াই যে সৰহভাগ মানুহে বাস্তৱ জীৱনটোৰ সৈতে জড়িত উপাদান সমূহলৈ পিঠি দি অবাস্তৱ উপাদান সমূহক লৈ ব্যস্ত হৈ পৰে। তেনে লোক স্থিতপ্ৰজ্ঞ হৈ থাকিব নোৱাৰে। বিপদৰ সময়তো তেওঁলোক ভাগি পৰে। কিন্তু সুখ-দুখ, হাঁহি-কান্দোন আৰু সংগ্ৰামক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰি বিপদৰ সন্মুখীন হৈয়ো সঠিক ভাবে জীৱনটোত আগবাঢ়ি যাব পাৰি। উত্তৰণ মুখী আৰু মানসিক শক্তিৰ অধিকাৰী বহু মানুহে আজি তেনে উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। যন্ত্ৰণাগধুৰ,বিবৰ্ণ জীৱন এটাক কৰি তুলিছে প্ৰিয়। তেনে এগৰাকী তেজস্বী নাৰী হৈছে - মহাৰাষ্ট্ৰৰ সিন্ধুতাই সপকাল। সিন্ধুতাই সপকালে আত্মবিশ্বাস আৰু নিৰ্ভীকতাৰে সমাজৰ আদৰ্শ হ'বলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ পাৰদৰ্শিতাই নৈতিক আৰু মানৱীয় মূল্যবোধক কৰ্মৰে প্ৰতিপন্ন কৰিছে। চকুলোৰ আঙুলিত ধৰি আগবাঢ়ি যোৱা ৭১বছৰীয়া সিন্ধুতাই সপকালে অতীতৰ দিনবোৰ সুৱৰি আজি হাঁহিমুখে কয় - '' য়ে ভী কুচ কম ন্যহী /তেৰা দৰ চুটনে কে বাদ /হম আপনে পাছ আয়ে /দিল টুটনে কে বাদ।’

জীৱন সংগ্ৰামৰ মুহূৰ্ত্তবোৰত মন দৃঢ় কৰি আগবাঢ়ি যোৱাজনেই প্ৰকৃত যোদ্ধা। প্ৰকৃত জীৱনৰ প্ৰেমিক। দুখৰ মুহূৰ্তবোৰত আত্মসমৰ্পণ কৰা জনে জীৱনক ভালপাৱ নাজানে। নিজৰ মাজতে হেৰাই যায়,নিজক অন্বেষণ কৰিব নোৱাৰে। বেদনাৰ বোজা কঢ়িয়াই জনবহুল সমাজত অকলে আগুৱাই যোৱাতো সহজ কথা নহয় যদিও ই অসম্ভৱো নহয়। এনে কিছু সংখ্যক নাৰী আমাৰ সমাজত আজিও আছে যিয়ে জীৱনক এক শিল্পলৈ আৰু ব্যক্তিত্বক পৰিচয়লৈ ৰূপান্তৰ কৰিব পাৰিছে। দুখ বেদনাক জিনিব পাৰিছে সাহসেৰে-সততাৰে-মানৱীয়তাৰে। তেনে এগৰাকী নাৰী হৈছে মহাৰাষ্ট্ৰৰ সিন্ধুতাই সপকাল । তেওঁৰ খ্যাতি আজি কেবল ভাৰতবৰ্ষতে বৰ্তি থকা নাই আমেৰিকা, লণ্ডনতো সুকীয়া পৰিচিতি লভিবলৈ সক্ষম হৈছে মাই অৰ্থাৎ মা নামেৰে। যিগৰাকী নাৰীৰ এসময়ত আশ্ৰয়ৰ বাবে বাসস্থান নাছিল আজি তেওঁ হেজাৰ সন্তানৰ মা। পংকিলময় জীৱনত নিজ হাতে বাট সাজি আগুৱাই যোৱা এক যুগান্তকাৰী চেতনা সিন্ধুতাই সপকাল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ এবছৰ পাছত অৰ্থাৎ ১৯৪৮চনৰ, ১৪নৱেম্বৰত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰে সিন্ধুতাই,মহাৰাষ্ট্ৰৰ বৰ্ধা জিলাত।

পিতাকে নাম ৰাখিলে সিন্ধি (মাৰাথী ভাষাত ইয়াৰ অৰ্থ ফটা কাপোৰ) ফটা কাপোৰ যিদৰে কামত নাহে তেনেদৰে সেই সময়ত ছোৱালী জন্ম দিয়াতো পৰিয়ালৰ বাবে এক বোজা বুলিহে বিবেচনা কৰিছিল সেইখন সমাজে। চতুৰ্থ শ্ৰেণীলৈ পঢ়াৰ পাছত দুৰ্বল আৰ্থ সামাজিক অৱস্থাই তেওঁৰপৰা শিক্ষা কাঢ়িলে,১০বছৰ বয়সতে ল'ৰালিৰ সুখ কাঢ়ি নিলে সিন্ধুতাইৰ বিবাহে। বৈবাহিক জীৱনৰ সংগ্ৰাম , সমাজৰ এচাম মিছা কথীয়াই জাপি দিয়া গ্লানি; স্বামীৰ পৰা পোৱা লাঞ্চনা –গঞ্জনা;সংসাৰৰ দ্বায়িত্ব বুজি নোপোৱা কণমানি জনীৰ মনত আঘাত দিছিল। ৯মহীয়া গৰ্ভৱতী মহিলা গৰাকীক ;সেইগৰাকী বিবেকহীন স্বামীয়ে গৰ্ভত লঠিয়াই ঘৰৰ পৰা উলিয়াই দিলে। প্ৰসৱ যন্ত্ৰণাত ঢলি পৰা সিন্ধুতাই অচেতন হৈ গোহালিত ঢলি পৰিল। গাই গৰুৰ হেম্বেলনিত সাৰ পাই দেখে ,অচেতন অৱস্থাতে ইতিমধ্যে তেওঁৰ প্ৰসৱ হৈছে। এগৰাকী কণ্যা সন্তান। নৱজাত শিশুটিৰ জন্ম নলী পাথৰেৰে চিঙি, আলফুলে তুলি লৈছিল কণ্যাক। আশ্ৰয় বিচাৰি তেওঁ নিজ ঘৰলৈ গৈছিল কিন্তু স্বামীৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ পাচত সেইখন ঘৰে সিন্ধুক পুনৰ গ্ৰহণ নকৰিলে। জীৱনৰ কন্টকময় পথত সিন্ধু অকলশৰীয়া হৈ পৰিছিল। আশ্ৰয় একমাত্ৰ স্থল হৈ পৰিছিল পদপথ,ৰেল ষ্টেচন আৰু শ্মশান| ২০বছৰীয়া কিশোৰী গৰাকীক যদি এদল যুৱকে আহি শাৰীৰিক বা মানসিক হেঁচা প্ৰয়োগ কৰে তেওঁ ক'লৈ যাব! কি কৰিব! কাক মাতিব ! যি ভয়ে তেওঁক শ্মশানত আশ্ৰয় লবলৈ বাধ্য কৰাইছিল।

সিন্ধুতাইৰ জীৱনৰ পৰা সমস্ত সুখ কাঢ়ি নিয়াৰ পাছতো কিন্তু মনৰ বিশালতা সংকুচিত হৈ যোৱা নাছিল। জীৱনৰ পৰা পোৱা গ্লানি; সামাজিক সংঘাতক আলিংগন কৰি তেওঁ হৈ পৰিল মহান। সংগ্ৰামবিহীন জীৱন এটাই মানুহক জীৱনৰ মোল বুজাব নোৱাৰে । মানুহৰ বাবে জী থকা আৰু আনক জীয়াৱলৈ প্ৰেৰণা যোগোৱাই হৈ পৰিল তেওঁৰ জীৱনৰ মন্ত্ৰ। যাৰ প্ৰতিফলন তেওঁৰ কৰ্মৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে । ১০দিনীয়া সন্তানটিক বোকোচাত লৈ ভজন গাই ৰেল গাড়ীত ভিক্ষা খুজি পোৱা উপাৰ্জনেৰে আন আন ক্ষুধাৰ্তৰ ক্ষুধা নিবাৰণ কৰি সিন্ধুৱে সমাজক অনুপ্ৰাণিত কৰিছে মানুহ যে মানুহৰ বাবে। মানুহ মাত্ৰে নিজস্ব গুণৰ অধিকাৰী। এই গুণৰ বিকাশৰ বাবে আশ্ৰয়ৰ প্ৰয়োজন। এই আশ্ৰয় পৰিৱেশ সম্পৰ্কীয় বাতাবৰণ বা ব্যক্তি বিশেষেও হ'ব পাৰে।

স্বামী বিবেকানন্দই যিদৰে ৰামকৃষ্ণ পৰমহংসদেৱৰ সান্নিধ্য লাভেৰে পূৰ্ণ বিকাশ হোৱাৰ সুযোগ পাইছিল তেনেদৰে মহাৰথী কৰ্ণইও পৰশুৰামৰ শিষ্যত্ব গ্ৰহণ কৰি প্ৰতিভা বিকাশৰ সুযোগ পাইছিল। মাণিক অতি মূল্যৱান। কিন্তু সেই মাণিক আৰু অধিক মূল্যৱান হৈ পৰে তেতিয়াহে যেতিয়া ই ৰত্নত খচিত হয়। জীৱনটোক পৰিপূৰ্ণ কৰিবলৈকে যেন সংঘাট আহে। এই সংঘাটৰ খোচ খাই সংগ্ৰাম কৰি দৃঢ়তাৰে নিজ লক্ষ্যত উপনীত হোৱাটোৱেই মানুহ মাত্ৰেই জীৱনৰ মূল মন্ত্ৰ হোৱা উচিত। যি কঠোৰ সংগ্ৰাম, পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু ব্যক্তিৰ সংস্পৰ্শই সিন্ধিৰ পৰা সিন্ধুতাইক আৱিস্কাৰ কৰিলে। ভোকৰ তাড়নাত চিতা জুইৰ অঙঠাত ৰুটি পুৰি খোৱা সিন্ধুতাই সপকালে কৈছিল - 'ভোক সদায় লাগে ,এই জীৱনটোক ভোকেই বহু কথা শিকালে, মানুহে মোক শিকোৱা নাই। ভোকেহে আজি মোক মানুহ হ'বলৈ সাহ দিছে ।'

মানুহৰ বাবে জী থকা সিন্ধুতাইৰ মনৰ নিৰ্মলতা আৰু সাহসীকতাই তেওঁৰ মূল উদ্যম। এতিয়া সিন্ধুতাই অকলশৰীয়া হৈ থকা নাই । অভাৱৰ শৰে বিন্ধা সিন্ধুৱে অন্ন,বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰিছিল। তথাপিতো বিশাল মনৰ গৰাকী সিন্ধুৱে নিজৰ লগতে আন দহজনক জীৱন জীয়াৱলৈ উৎসাহ দিছিল। কণ কণ অনাথ শিশুক বুকুত বান্ধি ল'ব পাৰিছিল। কাৰণ, তেওঁ যে এগৰাকী মাতৃ। লাহে লাহে সিন্ধুৰ পৰিয়ালৰ সদস্য বাঢ়ি আহিল। দ্বায়িত্বও বাঢ়িল। নিজ সন্তান আৰু অনাথ শিশুৰ মাজত যাতে ভেদাভেদৰ ভাবে ক্ৰিয়া কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ নিজ সন্তানক Shrimant Dagdu sheth Halwai, নামে পুনেৰ এখন আশ্ৰমত থৈছিল। আজি সিন্ধুতাইৰ জৈৱিক সন্তান মমতা এটি সন্তানৰ মাতৃ আৰু সিন্ধুতাই দুহেজাৰতকৈ অধিক অনাথ ল'ৰা-ছোৱালীৰ আদৰ্শবাদী মাতৃ। চাণক্যই কৈছিল- 'দৰিদ্ৰতা ধীৰতমা বিৰাজতে ' অৰ্থাৎ ধৈৰ্য্যই দৰিদ্ৰতা উপশম কৰে। সিন্ধুতাইৰ ধৈৰ্যই আজি সফলতাৰ শিখৰ চুমিছে। কম গৌৰৱৰ কথা নে… যিগৰাকী সিন্ধুতাইৰ চতুৰ্থ শ্ৰেণীতে আনুষ্ঠানিক শিক্ষাৰ য'তি পৰিছিল পঢ়াৰ দুৰ্বাৰ হেঁপাহ থকাৰ পাছতো। আজি তেওঁৰ সন্তান অধ্যাপক, অভিযন্তা, নাৰ্চ, অধিবক্তা, শিক্ষক, ডক্টৰৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ উপৰি তেওঁৰ সন্তানে নিজ মাতৃক গৱেষণাৰ সমল হিচাপে লৈছে । এগৰাকী মাতৃৰ বাবে স্বাভাৱিকতে এয়া আনন্দ আৰু পৰম তৃপ্তিৰ কথা।

২০০৯চনত বিশ্ব মাৰাথী সাহিত্য সন্মিলনত ভাষণ দিয়াৰ বাবে তেওঁক আমেৰিকালৈ নিমন্ত্ৰণ কৰা হৈছিল। আমেৰিকাৰ পৰা উভতি অহাৰ পাছত অনন্ত নাৰায়ণ মহাদেৱনে সিন্ধুতাই সপকালক কেন্দ্ৰ কৰি তেওঁৰ জীৱন আধাৰিত ছবি 'Mee Sindhutai Sapkal 'মাৰাথী ভাষাত ২০১০ চনত নিৰ্মাণ কৰি উলিয়াইছিল। যিখন ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাৰ লগতে লণ্ডনত ৫৪তম চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। জীৱন সংগ্ৰামে কোঙা কৰা সমাজৰ বহু ব্যক্তিক এই ছবিখনে সঞ্জীৱনী শক্তি প্ৰদান কৰিছিল বুলি উল্লেখ কৰিছে সিন্ধুতাই সপকালে । ছবি নিৰ্দেশক অনন্ত নাৰায়ণ মহাদেৱনে এক সাক্ষাত্‍কাৰত ,সিন্ধুতাইৰ কি বৈশিষ্ট্যই তেওঁক এই ছবিখন প্ৰস্তুত কৰি উলিওৱাত প্ৰেৰণা যোগাইছিল বুলি সোধাত তেওঁ কৈছিল - ' এসময়ত ঘৰৰ পৰা উলিয়াই দিয়া স্বামীয়ে যেতিয়া পুনৰ তেওঁৰ কাষলৈ আহিব বিচাৰিছিল তেতিয়া সিন্ধুতাইৰ উত্তৰ আছিল এনেধৰণৰ যে এতিয়া মই কাৰো জী ,কাৰো পত্নী নহয় এতিয়া মোৰ কেবল এটাই পৰিচয় মা, মই তোমাক গ্ৰহণ কৰিম কিন্তু তুমি মোৰ পুত্ৰ হৈ আহিব লাগিব। এনে বাস্তৱমুখী দৰ্শন কেবল এগৰাকী মাতৃৰ বাবেহে সম্ভৱপৰ।’

সমাজ আৰু যুৱপ্ৰজন্মক আত্মবিশ্বাস আৰু কৰ্মেৰে স্বাৱলম্বী হৈ জীৱন জীয়াৱলৈ প্ৰেৰণা যোগাই অহা সিন্ধুতাই সপকালক বিভিন্ন সময়ত বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছে। ২০১৭চনত ভাৰত চৰকাৰে তেওঁক 'নাৰী শক্তি পুৰস্কাৰ' সন্মানেৰে বিভূষিত কৰে। বঁটা বাহনৰ পৰা লাভ কৰা মূল্যখিনি তেওঁ অনাথ শিশুসকলৰ ভৰন পোষণৰ বাবে ব্যৱহাৰ কৰাৰ উপৰি প্ৰাপ্ত ধনেৰে অনাথ শিশুসকলৰ আশ্ৰয়ৰ বাবে ভূমি ক্ৰয় লগতে তেওঁলোকক উচ্চ শিক্ষাৰে দিক্ষীত কৰি তোলা প্ৰচুৰ মানসিক শক্তিৰ অধিকাৰী সিন্ধুতাই সপকালে আমাক পতিয়ন নিয়াবলৈ সক্ষম হৈছে যে - মানুহ ওখ হয় গুণৰ জড়িয়তে। যি গুণে আজি মানুহৰ পূজা পাইছে।

এগৰাকী নাৰী অপমানিত হৈ জীয়াই থকা মানে আত্মসন্মানবোধ নথকাটো নুবুজায়। আজিৰ প্ৰেক্ষাপটত নাৰীয়ে জীৱনলৈ অহা সকলো প্ৰত্যাহ্বান নেওচি আত্মসন্মানবোধক মৃত্যুৰ পৰিবৰ্তে সমাজত মূৰ দাঙি জীয়াই থকাৰ আহিলা হিচাপে গ্ৰহণ কৰিছে। ই এক যোগাত্মক বাৰ্তা। পৃথিৱীৰ প্ৰতিগৰাকী নাৰীয়ে হওক প্ৰেৰণাৰ শ্ৰোত । নেলচন মেণ্ডেলাই কৈছিল – ‘’As long as women are bound by poverty and as long as they are looked down upon, human rights will lack substance.’’ সেই দৰিদ্ৰতাক জিনি প্ৰতিগৰাকী নাৰীয়ে আজি শিক্ষাৰে সমাজত জেউতি বিলাব লাগিছে। জীৱন উত্তৰণৰ দিশত মনোনিৱেশ কৰিছে আৰু সফলো হৈছে । নাৰী অবলা বা নিষ্প্ৰভ নহয় এনে নাৰীৰ সপোনতো জীৱন থাকে। কেতিয়াবা জীৱনটোত আগুৱাই যাবলৈ হ'লে পাছলৈ ঘূৰি চাব লগা হয়,জীৱন যুঁজত জয়ী হ'বলৈ সিন্ধুতাইৰ দৰে সকলো বাধাক আলিংগন কৰি জীৱনটোক আগুৱাই লৈ যোৱাটোৱে লক্ষ্য হোৱা উচিত। প্ৰেৰণাৰ অভিধেয় সিন্ধুতাই প্ৰকৃত মানুহ ,যিয়ে সমাজক অনুপ্ৰাণিত আৰু সুন্দৰ পথৰ সন্ধান দি আহিছে। এই মেদিনীত এনে হেজাৰ গৰাকী সিন্ধুতাইৰ জন্ম হওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
ভাৰত অভিমুখী ব'য়িঙৰ ২খন বিমানত কাৰিকৰী বিজুতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?