--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০০৬ চনত মুম্বাইত সংঘটিত হোৱা ৰে’ল বিস্ফোৰণত ১৮৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০ৰো অধিক লোক আহত হোৱাৰ প্ৰায় ১৯ বছৰৰ পাছত আজি বম্বে উচ্চ ন্যায়ালয়ে বিচাৰ আদালতে দোষী সাব্যস্ত হোৱা ১২ জন লোকক দোষমুক্ত কৰে

ডিজিটেল ডেস্ক : আজি বম্বে উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে এক ডাঙৰ ৰায় । এক ভয়ংকৰ দুৰ্ঘটনাত অভিযুক্ত ১২ জন লোকক নিৰ্দোষী সাব্যস্ত আদালতৰ। জানিব পৰা মতে, ২০০৬ চনত মুম্বাইত হোৱা বিস্ফোৰণত এই ১২ অভিযুক্ত প্ৰথম অৱস্থাত দোষী সাব্যস্ত হৈছিল।


২০০৬ চনত মুম্বাইত সংঘটিত হোৱা ৰে’ল বিস্ফোৰণত ১৮৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০ৰো অধিক লোক আহত হোৱাৰ প্ৰায় ১৯ বছৰৰ পাছত আজি বম্বে উচ্চ ন্যায়ালয়ে বিচাৰ আদালতে দোষী সাব্যস্ত হোৱা ১২ জন লোকক দোষমুক্ত কৰে। ২০১৫ চনত বিচাৰ আদালতে এই ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰি ইয়াৰে পাঁচজনক মৃত্যুদণ্ড আৰু বাকীসকলক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।


এক প্ৰতিবেদন অনুসৰি ন্যায়াধীশ অনিল কিলোৰ আৰু ন্যায়াধীশ শ্যাম চন্দকৰ বিচাৰপীঠে কয় যে বিচাৰ বিভাগে যুক্তিসংগত সন্দেহৰ বাহিৰত গোচৰটো প্ৰমাণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কেৱল এয়াই নহয়, আদালতে প্ৰায় সকলো বিচাৰ বিভাগৰ সাক্ষীৰ বক্তব্য অবিশ্বাস্য বুলি বিবেচনা কৰে। খবৰ অনুসৰি বিস্ফোৰণৰ প্ৰায় ১০০ দিনৰ পাছতো টেক্সি চালক বা ভিতৰত উপস্থিত থকা ৰাইজে অভিযুক্তক স্মৰণ কৰাৰ কোনো কাৰণ নাই বুলি আদালতে জানিবলৈ দিয়ে।


এতিয়া যদি আমি গোটেই গোচৰটোৰ কথা কওঁ তেন্তে ২০০৬ চনৰ ১১ জুলাইত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ হৈছিল।ইয়াত ১৮৯ জন লোকৰ মৃত্যু হৈছিল আৰু ৮২৪ জন লোক আহত হৈছিল। এমচিঅ’চিএৰ অধীনত দীৰ্ঘদিনীয়া শুনানিৰ অন্তত ২০১৫ চনৰ অক্টোবৰ মাহত বিশেষ আদালতে পাঁচজন অভিযুক্তক মৃত্যুদণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। সকলোকে বোমা বিস্ফোৰণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়।


২০২১ চনত কাৰাগাৰত থকাৰ সময়তে কমল আনছাৰীৰ মৃত্যু হৈছিল ক'ভিডত। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা অভিযুক্তসকলৰ ভিতৰত আছে তনবীৰ আহমেদ আনছাৰী, মহম্মদ মজিদ শ্বাফি, শ্বেখ মহম্মদ আলী আলম, মহম্মদ চাজিদ মাৰ্গুব আনছাৰী, মুজাম্মিল আতাউৰ ৰহমান শ্বেখ, চুহেইল মাহমুদ শ্বেখ আৰু জমিৰ আহমেদ লতিফুৰ ৰহমান শ্বেখ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক