--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কৈলাসৰ পৰা বৰফ নোহোৱা হৈ পৰিবলৈ ধৰা বুলি কোৱা হৈছে। যোৱা মাহত স্থানীয় গাইড আৰু পর্যটকে দেখা পায় যে সাধাৰণতে বৰফাবৃত্ত হৈ থকা কৈলাসৰ উত্তৰ ফাল বৰফমুক্ত হৈ পৰে।

ডিজিটেল ডেস্ক : সনাতন ধর্মত বিশেষ গুৰুত্ব থকা কৈলাস পর্বত এতিয়া বৰফমুক্ত হৈ পৰিছে। এই ঘটনাই বিজ্ঞানীসকলকো চিন্তিত কৰি তুলিছে। উল্লেখযোগ্য যে পৌৰাণিক ধৰ্ম গ্ৰন্থসমূহত কৈলাস পৰ্বতক ভগৱান শিৱৰ বাসস্থান বুলি কোৱা হয় আৰু এই পৰ্বত সদায় বৰফৰে আবৃত হৈ থাকে। তিব্বতৰ ভূ-ভাগত স্থিত পবিত্র পৰ্বতৰ শৃংগ সমুদ্রপৃষ্ঠৰ পৰা ৬,৬৩৮ মিটাৰ উচ্চতাত আছে। শেহতীয়াকৈ লাভকৰা কৈলাসৰ ফটোত পৰ্বতটোত বৰফ নোহোৱা হৈ পৰাটো স্পষ্টভাৱে দেখা পোৱা গৈছে।


জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কৈলাসৰ পৰা বৰফ নোহোৱা হৈ পৰিবলৈ ধৰা বুলি কোৱা হৈছে। যোৱা মাহত স্থানীয় গাইড আৰু পর্যটকে দেখা পায় যে সাধাৰণতে বৰফাবৃত্ত হৈ থকা কৈলাসৰ উত্তৰ ফাল বৰফমুক্ত হৈ পৰে। এই দৃশ্যই পৰিৱেশবিদসকলৰ লগতে কৈলাস পর্বত ভ্রমণলৈ যোৱা ভক্তসকলকো উদ্বিগ্ন কৰি তুলিছে।


এজন ভক্তই কয়, 'মই সমগ্ৰ জীৱনটো এই পর্বতটো বৰফৰে ঢাকি থকা দেখা পাই আহিছোঁ। ভগৱান শিৱৰ এই নিৱাসৰ পৰিচয় হ'ল বৰফৰ শীতলতা। এতিয়া ইয়াত শূন্যতা বিৰাজমান, উদাস উদাস লাগে। ই আমাৰ পাপৰ ফল নহয় জানো?' ইয়াৰ বিপৰীতে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেণ্টৰ জ্যেষ্ঠ বিজ্ঞানী তথা জলবায়ু বিশেষজ্ঞ কিয়াংগোং ঝাঙে কয় যেই প্ৰকৃততে চিন্তাৰ বিষয়। পৰ্বতটোত বৰফ নোহোৱা হোৱাটো স্পষ্টভাৱে জলবায়ু সংকটৰ ইংগিত। কৈলাস অঞ্চলত তাপমাত্রা বৃদ্ধি আৰু হিমবাহ গলি যোৱাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁৰ মতে, যোৱা এটা দশকত হিমালয় অঞ্চলত গড় তাপমাত্রা ০.৬ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাইছে। ইয়াৰ ফলত হিমবাহ দ্রুতগতিত হ্রাস পাইছে। এই পৰিৱৰ্তনে বিজ্ঞানীসকলক চিন্তিত কৰাই নহয় আধ্যাত্মিকভাৱেও গভীৰ প্ৰভাৱ পেলাইছে।


ভক্তসকলৰ মতে, 'কৈলাসৰ বৰফৰ মাজত ভগৱান শিৱই বাস কৰে। এতিয়া ইয়াৰ পৰা বৰফ নোহোৱা হৈ পৰিছে। ই ভগৱান শিৱৰ ক্ৰোধৰ ফল নহয়নে?' ভক্তসকলৰ মতে, কৈলাসৰ বৰফ নোহোৱা হোৱাটোৱে অশুভ ইংগিত বহন কৰিছে। ইফালে স্থানীয় নিৱাসীসকলে কয়, 'আমি সৰুৰে পৰা সম্পূৰ্ণ পৰ্বতটো বৰফাবৃত হৈ থকা দেখা পাই আহিছোঁ। এতিয়া শিশুসকলে ইয়াৰ পৰা বৰফ ক'লৈ গ'ল বুলি প্ৰশ্ন কৰে। আমাৰ জীৱন এই পৰ্বতৰ সৈতে ওতপ্রোতভাৱে জড়িত। যদি পর্বতটো শুকাই যায় তেতিয়া আমাৰ কি হ'ব? বিজ্ঞানী আৰু পৰিৱেশবিদসকলে এই বুলি সতৰ্ক কৰি দিয়ে যে যদি এতিয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া সমগ্র হিমালয় অঞ্চলত পানীৰ ব্যাপক নাটনি হ'ব আৰু নদীসমূহৰ পাৰিপাৰ্শ্বিক তন্ত্ৰক প্ৰভাৱিত কৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস