--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কৈলাসৰ পৰা বৰফ নোহোৱা হৈ পৰিবলৈ ধৰা বুলি কোৱা হৈছে। যোৱা মাহত স্থানীয় গাইড আৰু পর্যটকে দেখা পায় যে সাধাৰণতে বৰফাবৃত্ত হৈ থকা কৈলাসৰ উত্তৰ ফাল বৰফমুক্ত হৈ পৰে।

ডিজিটেল ডেস্ক : সনাতন ধর্মত বিশেষ গুৰুত্ব থকা কৈলাস পর্বত এতিয়া বৰফমুক্ত হৈ পৰিছে। এই ঘটনাই বিজ্ঞানীসকলকো চিন্তিত কৰি তুলিছে। উল্লেখযোগ্য যে পৌৰাণিক ধৰ্ম গ্ৰন্থসমূহত কৈলাস পৰ্বতক ভগৱান শিৱৰ বাসস্থান বুলি কোৱা হয় আৰু এই পৰ্বত সদায় বৰফৰে আবৃত হৈ থাকে। তিব্বতৰ ভূ-ভাগত স্থিত পবিত্র পৰ্বতৰ শৃংগ সমুদ্রপৃষ্ঠৰ পৰা ৬,৬৩৮ মিটাৰ উচ্চতাত আছে। শেহতীয়াকৈ লাভকৰা কৈলাসৰ ফটোত পৰ্বতটোত বৰফ নোহোৱা হৈ পৰাটো স্পষ্টভাৱে দেখা পোৱা গৈছে।


জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কৈলাসৰ পৰা বৰফ নোহোৱা হৈ পৰিবলৈ ধৰা বুলি কোৱা হৈছে। যোৱা মাহত স্থানীয় গাইড আৰু পর্যটকে দেখা পায় যে সাধাৰণতে বৰফাবৃত্ত হৈ থকা কৈলাসৰ উত্তৰ ফাল বৰফমুক্ত হৈ পৰে। এই দৃশ্যই পৰিৱেশবিদসকলৰ লগতে কৈলাস পর্বত ভ্রমণলৈ যোৱা ভক্তসকলকো উদ্বিগ্ন কৰি তুলিছে।


এজন ভক্তই কয়, 'মই সমগ্ৰ জীৱনটো এই পর্বতটো বৰফৰে ঢাকি থকা দেখা পাই আহিছোঁ। ভগৱান শিৱৰ এই নিৱাসৰ পৰিচয় হ'ল বৰফৰ শীতলতা। এতিয়া ইয়াত শূন্যতা বিৰাজমান, উদাস উদাস লাগে। ই আমাৰ পাপৰ ফল নহয় জানো?' ইয়াৰ বিপৰীতে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেণ্টৰ জ্যেষ্ঠ বিজ্ঞানী তথা জলবায়ু বিশেষজ্ঞ কিয়াংগোং ঝাঙে কয় যেই প্ৰকৃততে চিন্তাৰ বিষয়। পৰ্বতটোত বৰফ নোহোৱা হোৱাটো স্পষ্টভাৱে জলবায়ু সংকটৰ ইংগিত। কৈলাস অঞ্চলত তাপমাত্রা বৃদ্ধি আৰু হিমবাহ গলি যোৱাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁৰ মতে, যোৱা এটা দশকত হিমালয় অঞ্চলত গড় তাপমাত্রা ০.৬ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাইছে। ইয়াৰ ফলত হিমবাহ দ্রুতগতিত হ্রাস পাইছে। এই পৰিৱৰ্তনে বিজ্ঞানীসকলক চিন্তিত কৰাই নহয় আধ্যাত্মিকভাৱেও গভীৰ প্ৰভাৱ পেলাইছে।


ভক্তসকলৰ মতে, 'কৈলাসৰ বৰফৰ মাজত ভগৱান শিৱই বাস কৰে। এতিয়া ইয়াৰ পৰা বৰফ নোহোৱা হৈ পৰিছে। ই ভগৱান শিৱৰ ক্ৰোধৰ ফল নহয়নে?' ভক্তসকলৰ মতে, কৈলাসৰ বৰফ নোহোৱা হোৱাটোৱে অশুভ ইংগিত বহন কৰিছে। ইফালে স্থানীয় নিৱাসীসকলে কয়, 'আমি সৰুৰে পৰা সম্পূৰ্ণ পৰ্বতটো বৰফাবৃত হৈ থকা দেখা পাই আহিছোঁ। এতিয়া শিশুসকলে ইয়াৰ পৰা বৰফ ক'লৈ গ'ল বুলি প্ৰশ্ন কৰে। আমাৰ জীৱন এই পৰ্বতৰ সৈতে ওতপ্রোতভাৱে জড়িত। যদি পর্বতটো শুকাই যায় তেতিয়া আমাৰ কি হ'ব? বিজ্ঞানী আৰু পৰিৱেশবিদসকলে এই বুলি সতৰ্ক কৰি দিয়ে যে যদি এতিয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া সমগ্র হিমালয় অঞ্চলত পানীৰ ব্যাপক নাটনি হ'ব আৰু নদীসমূহৰ পাৰিপাৰ্শ্বিক তন্ত্ৰক প্ৰভাৱিত কৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক