--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিলে দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুটে। বুকাৰ বঁটাৰ দৌৰত ডেমন গালগুটৰ লগতে আছিল আন এজন লেখক ৰিচাৰ্ড পাৱাৰছ। ৰিচাৰ্ড পাৱাৰছক অতিক্ৰম কৰি ডেমন গালগুটে অৰ্জন কৰিলে ২০২১ বৰ্ষৰ বুকাৰ বঁটা। ‘দ্য প্ৰমিজ’ৰ বাবে ডেমন গালগুটে এই সন্মানীয় বঁটা লাভ কৰিছে। ১৯৬৩ চনৰ ১২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ প্ৰেট’ৰিয়াত জন্মগ্ৰহণ কৰিছিল ডেমন গালগুটে।

দক্ষিণ আফ্ৰিকাৰ সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ ডেমন গালগুট

১৭ বছৰ বয়সতে সাহিত্যৰ জগতখনত ভৰি দি তেওঁ নিজ প্ৰতিভাৰ পৰিচয় দিছিল। জীৱনৰ ১৭ বছৰ বয়সতে তেওঁ লিখি উলিয়াইছিল প্ৰথমখন উপন্যাস। ডেমন গালগুটৰ বুকাৰ বঁটা প্ৰাপ্ত ‘দ্য প্ৰমিজ’ত চাৰি দশকজুৰি দক্ষিণ আফ্ৰিকাৰ এটা বগা কৃষক পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে। পৰিয়ালটোৰ মাতৃগৰাকীৰ মৃত্যুৰ পূৰ্বে ইচ্ছা আছিল গোটেই জীৱন পৰিয়ালটোৰ বাবে কাম কৰা কৃষ্ণাঙ্গ মহিলাগৰাকীক এটা ঘৰ উপহাৰ দিয়া। কিন্তু মহিলাগৰাকীৰ সন্তানসকলে তেওঁলোকৰ মাতৃৰ ইচ্ছা অনুসৰণ কৰিব নে নাই তাক লৈ বিৰোধিতা কৰে। মূলতঃ বৰ্ণবৈষম্যক কেন্দ্ৰ কৰিয়েই উপন্যাসখন লিখা হৈছে বুলি জনাইছে বিশিষ্ট লেখকগৰাকীয়ে।

বুকাৰ বঁটী প্ৰাপ্ত ‘দ্য প্ৰমিজ’ক হাতত লৈ ডেমন গালগুট

আৰু পঢ়কঃ সুৰাপান কৰি মৃত্যুমুখত পৰিল ৮ জনকৈ লোক! ক’ত?

উল্লেখ্য যে ডেমন গালগুটে ২০০৩ আৰু ২০১০ চনতো বুকাৰৰ বঁটাৰ বাবে মনোনীত হৈছিল যদিও তেওঁ সেই কৃতিত্ব অৰ্জন কৰাৰ পৰা বঞ্চিত হৈছিল। অৱশেষত ২০২১ বৰ্ষৰ বুকাৰ বঁটা অৰ্জন কৰি ডেমন গালগুটে আলোকিত কৰি তুলিলে নিজ সাহিত্যিক জীৱন।২০১৫ চনতো চানডে টাইমছ ফিকচন পুৰস্কাৰ লাভ কৰিছিল ডেমন গালগুটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ