--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিলে দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুটে। বুকাৰ বঁটাৰ দৌৰত ডেমন গালগুটৰ লগতে আছিল আন এজন লেখক ৰিচাৰ্ড পাৱাৰছ। ৰিচাৰ্ড পাৱাৰছক অতিক্ৰম কৰি ডেমন গালগুটে অৰ্জন কৰিলে ২০২১ বৰ্ষৰ বুকাৰ বঁটা। ‘দ্য প্ৰমিজ’ৰ বাবে ডেমন গালগুটে এই সন্মানীয় বঁটা লাভ কৰিছে। ১৯৬৩ চনৰ ১২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ প্ৰেট’ৰিয়াত জন্মগ্ৰহণ কৰিছিল ডেমন গালগুটে।

দক্ষিণ আফ্ৰিকাৰ সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ ডেমন গালগুট

১৭ বছৰ বয়সতে সাহিত্যৰ জগতখনত ভৰি দি তেওঁ নিজ প্ৰতিভাৰ পৰিচয় দিছিল। জীৱনৰ ১৭ বছৰ বয়সতে তেওঁ লিখি উলিয়াইছিল প্ৰথমখন উপন্যাস। ডেমন গালগুটৰ বুকাৰ বঁটা প্ৰাপ্ত ‘দ্য প্ৰমিজ’ত চাৰি দশকজুৰি দক্ষিণ আফ্ৰিকাৰ এটা বগা কৃষক পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে। পৰিয়ালটোৰ মাতৃগৰাকীৰ মৃত্যুৰ পূৰ্বে ইচ্ছা আছিল গোটেই জীৱন পৰিয়ালটোৰ বাবে কাম কৰা কৃষ্ণাঙ্গ মহিলাগৰাকীক এটা ঘৰ উপহাৰ দিয়া। কিন্তু মহিলাগৰাকীৰ সন্তানসকলে তেওঁলোকৰ মাতৃৰ ইচ্ছা অনুসৰণ কৰিব নে নাই তাক লৈ বিৰোধিতা কৰে। মূলতঃ বৰ্ণবৈষম্যক কেন্দ্ৰ কৰিয়েই উপন্যাসখন লিখা হৈছে বুলি জনাইছে বিশিষ্ট লেখকগৰাকীয়ে।

বুকাৰ বঁটী প্ৰাপ্ত ‘দ্য প্ৰমিজ’ক হাতত লৈ ডেমন গালগুট

আৰু পঢ়কঃ সুৰাপান কৰি মৃত্যুমুখত পৰিল ৮ জনকৈ লোক! ক’ত?

উল্লেখ্য যে ডেমন গালগুটে ২০০৩ আৰু ২০১০ চনতো বুকাৰৰ বঁটাৰ বাবে মনোনীত হৈছিল যদিও তেওঁ সেই কৃতিত্ব অৰ্জন কৰাৰ পৰা বঞ্চিত হৈছিল। অৱশেষত ২০২১ বৰ্ষৰ বুকাৰ বঁটা অৰ্জন কৰি ডেমন গালগুটে আলোকিত কৰি তুলিলে নিজ সাহিত্যিক জীৱন।২০১৫ চনতো চানডে টাইমছ ফিকচন পুৰস্কাৰ লাভ কৰিছিল ডেমন গালগুটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক