--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম সঁচাই আচৰিত। প্ৰেমৰ শক্তিৰে মানুহে কি কি যে নকৰে! প্ৰেমে বয়সৰ সীমা নামানে বুলি কোৱা হয়।প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিয়েই এজন ১৮ বছৰীয়া যুৱকে বিয়া পাতিলে ৭১ বছৰীয়া বৃ্দ্ধাক। আন ১০ জনে এই প্ৰেমক দেখি নাক কোচালেও তেওঁলোকে কিন্তু নিজৰ প্ৰেমক লৈ, নিজৰ সংসাৰক লৈ অত্যন্ত সুখী। আনে তেওঁলোকক দেখি কি কয় সেয়া কোনোদিন এই দম্পতীয়ে গুৰুত্ব দিয়া নাই। বৰ্তমান যুৱকজনৰ বয়স ২৩ আৰু মহিলাগৰাকীৰ বয়স ৭৬। তেওঁলোক যেতিয়া বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া যুৱকজন আছিল ১৮ বছৰীয়া আৰু মহিলাগৰাকী আছিল ৭১ বছৰীয়া।

স্বামীৰ নাম গেৰী হাৰ্ডৱিক আৰু পত্নীৰ নাম আলমেডাৰ। ৬ বছৰ পূৰ্বে গেৰী হাৰ্ডৱিক আৰু আলমেডাৰে সংসাৰৰ পাতনি মেলিছিল। আলমেডাৰৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত গেৰী উপস্থিত আছিল।

সেই প্ৰথম দৃষ্টিতেই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। ১৮ বছৰীয়া গেৰী বহুদিনৰ পৰা এগৰাকী প্ৰেমিকাৰ সন্ধানত আছিল কিন্তু তেওঁ মনে মিলা কাকোকে পোৱা নাছিল। কিন্তু বৃদ্ধা আলমেডাৰক দেখাৰ লগে লগেই প্ৰেমত পৰে গেৰী।

যুৱকজনে খুব সোনকালেই বৃদ্ধাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আলমেডাৰেও অলপো পলম নকৰি গেৰী হাৰ্ডৱিকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰেম আগবঢ়াই নিবৰ বাবে দুয়ো সোনকালেই বিয়া পতাৰ সিদ্ধান্ত লয়।

এই সম্পৰ্কটো আগুৱাই নিবলৈ কিন্তু প্ৰেমিকযুগলে বহু বাধা নিষেধ অতিক্ৰম কৰিব লগা হৈছিল। তথাপিও এজনেও আনজনৰ লগ নেৰিলে। অৱশেষত সকলো বাধা অতিক্ৰমি চিৰজীৱনৰ বাবে দুয়ো এক হয়। খুব ধুনীয়াকৈ গেৰী আৰু আলমেডাৰ আগবাঢ়ি গৈছে সংসাৰ যাত্ৰাত। তেওঁলোক এতিয়া সুখী দম্পতী

কিছুদিন পূৰ্বে ৬ বছৰীয়া বিবাহ বাৰ্ষিকী খুব ধুমধামেৰে উদযাপন কৰে গেৰী আৰু আলমেডাৰে। তেওঁলোক খুব সুখী দম্পতী।যিসকলে তেওঁলোকৰ সম্পৰ্কটোক লৈ নানা ধৰণৰ অৰ্থহীন কথা কৈছিল,সেইসকলৰ লগত কোনো সম্পৰ্ক ৰখা নাই গেৰী আৰু আলমেডাৰে।

এই দুয়ো পতি-পত্নী ছ'চিয়েল মিডিয়াত বৰ সক্ৰিয়। তেওঁলোকে প্ৰায়ে ৰোমাণ্টিক ফটো বা আন যিকোনো ধৰণৰ সুখী মূহুৰ্তৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ