--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম সঁচাই আচৰিত। প্ৰেমৰ শক্তিৰে মানুহে কি কি যে নকৰে! প্ৰেমে বয়সৰ সীমা নামানে বুলি কোৱা হয়।প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিয়েই এজন ১৮ বছৰীয়া যুৱকে বিয়া পাতিলে ৭১ বছৰীয়া বৃ্দ্ধাক। আন ১০ জনে এই প্ৰেমক দেখি নাক কোচালেও তেওঁলোকে কিন্তু নিজৰ প্ৰেমক লৈ, নিজৰ সংসাৰক লৈ অত্যন্ত সুখী। আনে তেওঁলোকক দেখি কি কয় সেয়া কোনোদিন এই দম্পতীয়ে গুৰুত্ব দিয়া নাই। বৰ্তমান যুৱকজনৰ বয়স ২৩ আৰু মহিলাগৰাকীৰ বয়স ৭৬। তেওঁলোক যেতিয়া বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া যুৱকজন আছিল ১৮ বছৰীয়া আৰু মহিলাগৰাকী আছিল ৭১ বছৰীয়া।

স্বামীৰ নাম গেৰী হাৰ্ডৱিক আৰু পত্নীৰ নাম আলমেডাৰ। ৬ বছৰ পূৰ্বে গেৰী হাৰ্ডৱিক আৰু আলমেডাৰে সংসাৰৰ পাতনি মেলিছিল। আলমেডাৰৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত গেৰী উপস্থিত আছিল।

সেই প্ৰথম দৃষ্টিতেই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। ১৮ বছৰীয়া গেৰী বহুদিনৰ পৰা এগৰাকী প্ৰেমিকাৰ সন্ধানত আছিল কিন্তু তেওঁ মনে মিলা কাকোকে পোৱা নাছিল। কিন্তু বৃদ্ধা আলমেডাৰক দেখাৰ লগে লগেই প্ৰেমত পৰে গেৰী।

যুৱকজনে খুব সোনকালেই বৃদ্ধাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আলমেডাৰেও অলপো পলম নকৰি গেৰী হাৰ্ডৱিকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰেম আগবঢ়াই নিবৰ বাবে দুয়ো সোনকালেই বিয়া পতাৰ সিদ্ধান্ত লয়।

এই সম্পৰ্কটো আগুৱাই নিবলৈ কিন্তু প্ৰেমিকযুগলে বহু বাধা নিষেধ অতিক্ৰম কৰিব লগা হৈছিল। তথাপিও এজনেও আনজনৰ লগ নেৰিলে। অৱশেষত সকলো বাধা অতিক্ৰমি চিৰজীৱনৰ বাবে দুয়ো এক হয়। খুব ধুনীয়াকৈ গেৰী আৰু আলমেডাৰ আগবাঢ়ি গৈছে সংসাৰ যাত্ৰাত। তেওঁলোক এতিয়া সুখী দম্পতী।

কিছুদিন পূৰ্বে ৬ বছৰীয়া বিবাহ বাৰ্ষিকী খুব ধুমধামেৰে উদযাপন কৰে গেৰী আৰু আলমেডাৰে। তেওঁলোক খুব সুখী দম্পতী।যিসকলে তেওঁলোকৰ সম্পৰ্কটোক লৈ নানা ধৰণৰ অৰ্থহীন কথা কৈছিল,সেইসকলৰ লগত কোনো সম্পৰ্ক ৰখা নাই গেৰী আৰু আলমেডাৰে।

এই দুয়ো পতি-পত্নী ছ'চিয়েল মিডিয়াত বৰ সক্ৰিয়। তেওঁলোকে প্ৰায়ে ৰোমাণ্টিক ফটো বা আন যিকোনো ধৰণৰ সুখী মূহুৰ্তৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু