--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৩ চনত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব কেইবাখনো ক্ৰিকেট মেচ। জানিব পৰা মতে দেশ দুখনৰ মাজত চলিত বৰ্ষত মুঠ ১০ খন মেচ অনুষ্ঠিত হ’ব।  ক্ৰিকেট অনুৰাগীসকলে ভাৰত বনাম পাকিস্তান  খেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। এছিয়ান ক্ৰিকেট কাউন্সিলে (এচিচি) বৃহস্পতিবাৰে সম্পূৰ্ণ বছৰৰ সময়সূচী প্ৰকাশ কৰিছে।

 ইয়াত এদিনীয়া এছিয়া কাপো অন্তৰ্ভুক্ত আছে।এছিয়া কাপত ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে ৰখা হৈছে। মহিলাৰ টি-২০  এছিয়া কাপ, পুৰুষৰ ৫০ অভাৰৰ এছিয়া কাপ আৰু পুৰুষৰ অনুৰ্ধ-১৯ এছিয়া কাপতো দুয়োখন  চিৰ প্ৰতিদ্বন্দী দেশে অংশগ্ৰহণ কৰিব। 

এই বছৰৰ অক্টোবৰ-নৱেম্বৰত ভাৰতত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব। ৰোহিত শৰ্মা আৰু বাবৰ আজমৰ দলৰ মাজত এই মেচকলৈ তীব্ৰ যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে।  ইয়াৰ উপৰি ভাৰত আৰু পাকিস্তানে অনুৰ্ধ-১৯ মহিলা বিশ্বকাপতমুখামুখি হ’ব। অৰ্থাৎ এই ছয়খন টুৰ্ণামেণ্টত দুয়ো খন দেশৰ  মাজত ১০ খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব।

এছিয়া কাপ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। অৱশ্যে খেলৰ স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই। আয়োজক দেশ হৈছে পাকিস্তান। কিন্তু ভাৰতে পাকিস্তানলৈ  যাবলৈ অস্বীকাৰ কৰি  আছে। এনে পৰিস্থিতিত খেল খন  নিৰপেক্ষ স্থানতো অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। 

প্ৰতিযোগিতাখনত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ বাহিৰেও, কোৱালিফায়াৰ-১ ক এটা গোটত ৰখা হৈছে। শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান দ্বিতীয় গ্ৰুপত আছে। তাৰ পিছতে চুপাৰ ফোৰ আৰু তাৰ পিছতে ফাইনেল। অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত ৩ খন খেল হ'ব পাৰে।

এদিনীয়া বিশ্বকাপৰ কথা ক'লে, একেটা গোটতে ১০ টা দল ৰখা হৈছে। সকলো দলে ৯ টা গোটৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত, নকআউটত ভাৰত-পাকিস্তানৰ এখন মেচ হ'ব পাৰে।

অনুৰ্ধ-১৯ মহিলা বিশ্বকাপত ভাৰত আৰু পাকিস্তান পৃথক গোটত আছে। চুপাৰ-৬ আৰু ছেমি ফাইনেল বা ফাইনেল দুয়োটা দলৰ মাজত খেলাৰ সম্ভাৱনা আছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু