--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৩ চনত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব কেইবাখনো ক্ৰিকেট মেচ। জানিব পৰা মতে দেশ দুখনৰ মাজত চলিত বৰ্ষত মুঠ ১০ খন মেচ অনুষ্ঠিত হ’ব।  ক্ৰিকেট অনুৰাগীসকলে ভাৰত বনাম পাকিস্তান  খেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। এছিয়ান ক্ৰিকেট কাউন্সিলে (এচিচি) বৃহস্পতিবাৰে সম্পূৰ্ণ বছৰৰ সময়সূচী প্ৰকাশ কৰিছে।

 ইয়াত এদিনীয়া এছিয়া কাপো অন্তৰ্ভুক্ত আছে।এছিয়া কাপত ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে ৰখা হৈছে। মহিলাৰ টি-২০  এছিয়া কাপ, পুৰুষৰ ৫০ অভাৰৰ এছিয়া কাপ আৰু পুৰুষৰ অনুৰ্ধ-১৯ এছিয়া কাপতো দুয়োখন  চিৰ প্ৰতিদ্বন্দী দেশে অংশগ্ৰহণ কৰিব। 

এই বছৰৰ অক্টোবৰ-নৱেম্বৰত ভাৰতত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব। ৰোহিত শৰ্মা আৰু বাবৰ আজমৰ দলৰ মাজত এই মেচকলৈ তীব্ৰ যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে।  ইয়াৰ উপৰি ভাৰত আৰু পাকিস্তানে অনুৰ্ধ-১৯ মহিলা বিশ্বকাপতমুখামুখি হ’ব। অৰ্থাৎ এই ছয়খন টুৰ্ণামেণ্টত দুয়ো খন দেশৰ  মাজত ১০ খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব।

এছিয়া কাপ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। অৱশ্যে খেলৰ স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই। আয়োজক দেশ হৈছে পাকিস্তান। কিন্তু ভাৰতে পাকিস্তানলৈ  যাবলৈ অস্বীকাৰ কৰি  আছে। এনে পৰিস্থিতিত খেল খন  নিৰপেক্ষ স্থানতো অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। 

প্ৰতিযোগিতাখনত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ বাহিৰেও, কোৱালিফায়াৰ-১ ক এটা গোটত ৰখা হৈছে। শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান দ্বিতীয় গ্ৰুপত আছে। তাৰ পিছতে চুপাৰ ফোৰ আৰু তাৰ পিছতে ফাইনেল। অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজত ৩ খন খেল হ'ব পাৰে।

এদিনীয়া বিশ্বকাপৰ কথা ক'লে, একেটা গোটতে ১০ টা দল ৰখা হৈছে। সকলো দলে ৯ টা গোটৰ বিৰুদ্ধে খেলিব। ইয়াৰ পিছত, নকআউটত ভাৰত-পাকিস্তানৰ এখন মেচ হ'ব পাৰে।

অনুৰ্ধ-১৯ মহিলা বিশ্বকাপত ভাৰত আৰু পাকিস্তান পৃথক গোটত আছে। চুপাৰ-৬ আৰু ছেমি ফাইনেল বা ফাইনেল দুয়োটা দলৰ মাজত খেলাৰ সম্ভাৱনা আছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক