--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰাৰ পিছতে এমিলিয়ানো মাৰ্টিনেজ বিতৰ্কত সোমাই পৰিছিল। গল্ডেন গ্ল’ভছ হাতত লৈ তেওঁ এটা বিশেষ ভংগীমা কৰিছিল। ভংগীমাটোক অনেকে অশ্লীল বুলি আখ্যা দিছে। তেওঁৰ ক্লাব এষ্টন ভিলাও সুখী নহয় মাৰ্টিনেজৰ আচৰণত।

কিন্তু এতিয়া নতুনকৈ আৰ্জেণ্টিনাৰ তাৰকা গ’লকীপাৰগৰাকী চৰ্চালৈ আহিছে। সেয়া হৈছে আমেৰিকান পপষ্টাৰ মাইলী চাইৰাছক নকল কৰিহে সেই ভংগীমা কৰিছিল মাৰ্টিনেজে। মাইলীয়ে এবাৰ তেনেধৰণৰ এটা ভংগীমা প্ৰদৰ্শন কৰিছিল।

মাইলী আৰু মাৰ্টিনেজৰ একেই ভংগীমাৰ ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মাইলীয়ে ইনষ্টাগ্ৰাম একাউণ্টযোগে নিজেই কেইদিনমান আগতে সেই ভংগীমাটোৰ এখন ফটো পোষ্ট কৰিছিল। তাত দেখা গৈছিল যে মাইলীৰ হাতত আছিল এটা ফুলৰ তোড়া।

উক্ত ফটোখন চাৰি বছৰ আগৰ আছিল বুলি জনা গৈছে। আমেৰিকান প’পষ্টাৰগৰাকীয়ে তেওঁৰ নিজৰ বিয়াত ফুলৰ থোপা লৈ মাৰ্টিনেজৰ দৰে পোজ দিছিল।

উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰত মাইলীয়ে অষ্ট্ৰেলিয়াৰ অভিনেতা লিয়াম হেমছৱৰ্থৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ২০২০ চনত এই বিবাহে বিচ্ছেদৰ ৰূপ লয়। মাইলীৰ স’তে একে ভংগীমা প্ৰদৰ্শন কৰাৰ পাছতে বহুতে কৈছে যে মাৰ্টিনেজ হয়তো প’পষ্টাৰগৰাকীৰ এগৰাকী অনুৰাগী হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক