--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰাৰ পিছতে এমিলিয়ানো মাৰ্টিনেজ বিতৰ্কত সোমাই পৰিছিল। গল্ডেন গ্ল’ভছ হাতত লৈ তেওঁ এটা বিশেষ ভংগীমা কৰিছিল। ভংগীমাটোক অনেকে অশ্লীল বুলি আখ্যা দিছে। তেওঁৰ ক্লাব এষ্টন ভিলাও সুখী নহয় মাৰ্টিনেজৰ আচৰণত।

কিন্তু এতিয়া নতুনকৈ আৰ্জেণ্টিনাৰ তাৰকা গ’লকীপাৰগৰাকী চৰ্চালৈ আহিছে। সেয়া হৈছে আমেৰিকান পপষ্টাৰ মাইলী চাইৰাছক নকল কৰিহে সেই ভংগীমা কৰিছিল মাৰ্টিনেজে। মাইলীয়ে এবাৰ তেনেধৰণৰ এটা ভংগীমা প্ৰদৰ্শন কৰিছিল।

মাইলী আৰু মাৰ্টিনেজৰ একেই ভংগীমাৰ ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মাইলীয়ে ইনষ্টাগ্ৰাম একাউণ্টযোগে নিজেই কেইদিনমান আগতে সেই ভংগীমাটোৰ এখন ফটো পোষ্ট কৰিছিল। তাত দেখা গৈছিল যে মাইলীৰ হাতত আছিল এটা ফুলৰ তোড়া।

উক্ত ফটোখন চাৰি বছৰ আগৰ আছিল বুলি জনা গৈছে। আমেৰিকান প’পষ্টাৰগৰাকীয়ে তেওঁৰ নিজৰ বিয়াত ফুলৰ থোপা লৈ মাৰ্টিনেজৰ দৰে পোজ দিছিল।

উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰত মাইলীয়ে অষ্ট্ৰেলিয়াৰ অভিনেতা লিয়াম হেমছৱৰ্থৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ২০২০ চনত এই বিবাহে বিচ্ছেদৰ ৰূপ লয়। মাইলীৰ স’তে একে ভংগীমা প্ৰদৰ্শন কৰাৰ পাছতে বহুতে কৈছে যে মাৰ্টিনেজ হয়তো প’পষ্টাৰগৰাকীৰ এগৰাকী অনুৰাগী হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক