--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৃহস্পতিবাৰে এক বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ সুতৰ হাৰ বৰ্তমান ৬.৫০% হৈয়ে থাকিব। একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট সলনি কৰা নাই আৰ বি আইয়ে। আজি মুদ্ৰানীতিৰ বৈঠকত গ্ৰহণ কৰা এইসমূহ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে।

আৰ বি আইৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত (২৪ বিত্তীয় বৰ্ষ) মুদ্ৰাস্ফীতি ৪%ৰ ওপৰত থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ২০২৩-২৪ বিত্তীয় বৰ্ষত বাস্তৱিক জিডিপি বৃদ্ধি ৬.৫% হ’ব বুলি অনুমান কৰা হৈছে। প্ৰথম ত্ৰৈমাসিকত জিডিপি ৮%, দ্বিতীয় ত্ৰৈমাসিকত ৬.৫%, তৃতীয় ত্ৰৈমাসিকত ৬% আৰু চতুৰ্থ ত্ৰৈমাসিকত ৫.৭% হ’ব পাৰে।

২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈ ৬ বাৰত ২.৫০% ৰেট বৃদ্ধি কৰিছে আৰ বি আইয়ে। এপ্ৰিল মাহত ৰেপো হাৰ ৬.৫০% অপৰিৱৰ্তিত ৰখা হৈছিল। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত এই হাৰ ৬.২৫%ৰ পৰা ৬.৫০%লৈ বৃদ্ধি কৰা হৈছিল। ৰেপো ৰেটৰ ৰূপত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ আৰ বি আইৰ হাতত আছে এক শক্তিশালী আহিলা। যেতিয়া মুদ্ৰাস্ফীতি অতি বেছি হয় তেতিয়া আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি অৰ্থনীতিৰ ধনৰ প্ৰবাহ হ্ৰাস কৰাৰ চেষ্টা কৰে। ৰেপো ৰেট বেছি হ’লে আৰ বি আইৰ পৰা বেংকে যি ঋণ লাভ কৰে সেয়া ব্যয়বহুল হ’ব। বিনিময়ত বেংকে গ্ৰাহকৰ বাবে ঋণ ব্যয়বহুল কৰি তোলে। ইয়াৰ ফলত অৰ্থনীতিত ধনৰ প্ৰবাহ হ্ৰাস পায়। যদি ধনৰ প্ৰবাহ কমি যায়, তেন্তে চাহিদা কমি যায় আৰু মুদ্ৰাস্ফীতি কমি যায়।

একেদৰে অৰ্থনীতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হ’লে অৰ্থনীতিৰ আৰোগ্যৰ বাবে ধনৰ প্ৰবাহ বৃদ্ধি কৰাৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট হ্ৰাস কৰে। ইয়াৰ বাবে আৰ বি আইৰ পৰা ঋণ বেংকৰ বাবে সস্তা হৈ পৰে আৰু গ্ৰাহকেও কম হাৰত ঋণ লাভ কৰে। উদাহৰণস্বৰূপে কৰ’নাৰ সময়ত যেতিয়া অৰ্থনৈতিক কাৰ্যকলাপ স্তব্ধ হৈ পৰিল, তেতিয়া চাহিদা কমি আহিল। এনে পৰিস্থিতিত আৰ বি আইয়ে সুতৰ হাৰ হ্ৰাস কৰি অৰ্থনীতিৰ ধনৰ প্ৰবাহ বৃদ্ধি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস