--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৃহস্পতিবাৰে এক বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ সুতৰ হাৰ বৰ্তমান ৬.৫০% হৈয়ে থাকিব। একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট সলনি কৰা নাই আৰ বি আইয়ে। আজি মুদ্ৰানীতিৰ বৈঠকত গ্ৰহণ কৰা এইসমূহ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে।

আৰ বি আইৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত (২৪ বিত্তীয় বৰ্ষ) মুদ্ৰাস্ফীতি ৪%ৰ ওপৰত থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ২০২৩-২৪ বিত্তীয় বৰ্ষত বাস্তৱিক জিডিপি বৃদ্ধি ৬.৫% হ’ব বুলি অনুমান কৰা হৈছে। প্ৰথম ত্ৰৈমাসিকত জিডিপি ৮%, দ্বিতীয় ত্ৰৈমাসিকত ৬.৫%, তৃতীয় ত্ৰৈমাসিকত ৬% আৰু চতুৰ্থ ত্ৰৈমাসিকত ৫.৭% হ’ব পাৰে।

২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈ ৬ বাৰত ২.৫০% ৰেট বৃদ্ধি কৰিছে আৰ বি আইয়ে। এপ্ৰিল মাহত ৰেপো হাৰ ৬.৫০% অপৰিৱৰ্তিত ৰখা হৈছিল। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত এই হাৰ ৬.২৫%ৰ পৰা ৬.৫০%লৈ বৃদ্ধি কৰা হৈছিল। ৰেপো ৰেটৰ ৰূপত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ আৰ বি আইৰ হাতত আছে এক শক্তিশালী আহিলা। যেতিয়া মুদ্ৰাস্ফীতি অতি বেছি হয় তেতিয়া আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি অৰ্থনীতিৰ ধনৰ প্ৰবাহ হ্ৰাস কৰাৰ চেষ্টা কৰে। ৰেপো ৰেট বেছি হ’লে আৰ বি আইৰ পৰা বেংকে যি ঋণ লাভ কৰে সেয়া ব্যয়বহুল হ’ব। বিনিময়ত বেংকে গ্ৰাহকৰ বাবে ঋণ ব্যয়বহুল কৰি তোলে। ইয়াৰ ফলত অৰ্থনীতিত ধনৰ প্ৰবাহ হ্ৰাস পায়। যদি ধনৰ প্ৰবাহ কমি যায়, তেন্তে চাহিদা কমি যায় আৰু মুদ্ৰাস্ফীতি কমি যায়।

একেদৰে অৰ্থনীতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হ’লে অৰ্থনীতিৰ আৰোগ্যৰ বাবে ধনৰ প্ৰবাহ বৃদ্ধি কৰাৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট হ্ৰাস কৰে। ইয়াৰ বাবে আৰ বি আইৰ পৰা ঋণ বেংকৰ বাবে সস্তা হৈ পৰে আৰু গ্ৰাহকেও কম হাৰত ঋণ লাভ কৰে। উদাহৰণস্বৰূপে কৰ’নাৰ সময়ত যেতিয়া অৰ্থনৈতিক কাৰ্যকলাপ স্তব্ধ হৈ পৰিল, তেতিয়া চাহিদা কমি আহিল। এনে পৰিস্থিতিত আৰ বি আইয়ে সুতৰ হাৰ হ্ৰাস কৰি অৰ্থনীতিৰ ধনৰ প্ৰবাহ বৃদ্ধি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা