--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে আশাৰে বাট চাই আছে ২০২৩ চনলৈ। বলীউডৰ বহু তাৰকা আগন্তুক নতুন বছৰটোকলৈ আগ্ৰহী কাৰণ এই বছৰটোৱে বক্স অফিচত তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব। আনহাতে নতুন বছৰটোত এজন নহয়, দুজন নহয়, ১০গৰাকী ষ্টাৰ কিডে বলীউডত অভিষেক ঘটাব।

জানো আহক কোন এই ১০গৰাকী ষ্টাৰ কিড
आर्चीज से सुहाना खान का डेब्यू
১) ছুহানা খানঃ ২০২৩ চনত দীৰ্ঘ ব্যৱধানৰ অন্তত শ্বাহৰুখ খান পৰ্দালৈ ঘূৰি অহাৰ বিপৰীতে তেওঁৰ প্ৰিয় কন্যাই নতুন বছৰৰ পৰা জীৱনৰ এক নতুন ইনিংছ আৰম্ভ কৰিব। ২০২৩ চন শ্বাহৰুখ আৰু ছুহানা দুয়োৰে বাবে অতি বিশেষ হ’বলৈ গৈ আছে কাৰণ নতুন বছৰটোত ছুহানাই বলীউডত ভৰি থ'ব। চিনেমাখনৰ নাম 'আৰ্চিজ'।
खुशी कपूर भी करेंगी डेब्यू
২) খুশী কাপুৰঃ সোনম কাপুৰ, অৰ্জুন কাপুৰ আৰু জাহ্নৱী কাপুৰৰ পাছত এতিয়া বলীউডত ভৰি দিবলৈ ওলাইছে পৰিয়ালটোৰ আন এগৰাকী সন্তানে। ২০২৩ চনত মুক্তি পাবলগীয়া জ’য়া আখতাৰৰ ছবি 'আৰ্চিজ'ত দেখা যাব শ্ৰীদেৱী আৰু বনী কাপুৰৰ কন্যা খুশী কাপুৰক।
अमिताभ के नातिन का डेब्यू
৩) অগস্ত্য নন্দাঃ অমিতাভ বচ্চনৰ নাতিনী নব্যা নৱেলী নন্দাই বলীউডত অভিষেক ঘটাব বুলি জল্পনা-কল্পনা চলিছিল যদিও আন কিবা এটাহে ঘটিল। নব্যা নৱেলীয়ে ব্যৱসায়ত প্ৰৱেশ কৰিছিল আৰু তেওঁৰ ভাতৃ অগস্ত্য নন্দাই অভিনয়ৰ পথ গ্ৰহণ কৰিছিল। জ’য়া আখতাৰৰ ছবি 'আৰ্চিজ'ত দেখা যাব অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাক। অগস্ত্যৰ মাতৃ শ্বেতা বচ্চন নন্দা অমিতাভ বচ্চনৰ কন্যা।
बेधड़क में दिखेंगीं शनाया
৪) ছানায়া কাপুৰঃ কাপুৰ পৰিয়ালৰ আন এক সন্তান ছানায়া কাপুৰে নতুন বছৰটোত বলীউডত খোজ পেলাব। 'বেধড়ক' নামৰ ছবিখনৰ জৰিয়তে উদ্যোগটোত ভৰি দিবলৈ ওলোৱা ছানায়াৰ ষ্টাইল আৰু সৌন্দৰ্য্যক লৈ যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে। ছানায়া কাপুৰ অভিনেতা সঞ্জয় কাপুৰৰ কন্যা আৰু অনিল কাপুৰৰ ভতিজী।
इब्राहिम अली खान बनेंगे हीरो
৫) ইব্ৰাহিম আলী খানঃ সহকাৰী পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ইব্ৰাহিম আলী খানে এতিয়া অভিনয়ত প্ৰৱেশৰ সিদ্ধান্ত লৈছে। তেওঁ কৰণ জোহৰৰ ছবিৰ জৰিয়তে ২০২৩ চনত বলীউডত অভিষেক ঘটাব। বৰ্তমান ছবিখনৰ বিষয়ে বিশেষ তথ্য দিয়া হোৱা নাই।  ইব্ৰাহিম আলী খান ছেইফ  আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ।
सलमान की भांजी का भी होगा डेब्यू
৬) আলিজেহ অগ্নিহোত্ৰীঃ সৌন্দৰ্য্যৰ বাবে ইতিমধ্যে চৰ্চা লাভ কৰিছে ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীয়ে। সূৰজ বৰজাত্যৰ ছবিৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ওলাইছে।
ऋतिक की कजिन की पहली फिल्म होगी रिलीज
৭) পশ্মিনা ৰোশনঃ বহুদিনৰ পৰা চৰ্চা লভি আছে ঋত্বিক ৰোশনৰ কাজিন পশ্মিনা ৰোশনে। এইবাৰ তেওঁক দেখা যাব ২০০৩ চনৰ 'ইস্ক বিস্ক'ৰ ছিকুৱেল 'ইস্ক বিস্ক ৰিবাউণ্ড'ত। বৰ্তমান পশ্মিনাৰ কাৰ্তিক আৰিয়ানৰ সৈতে থকা সম্পৰ্কক লৈও চৰ্চা চলি আছে।
पलक तिवारी का बॉलीवुड डेब्यू
৮) পলক তিৱাৰীঃ শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰীৰ প্ৰথমখন ছবি ২০২৩ চনত মুক্তি পাব। ইয়াকে লৈ তেওঁ অতিশয় উৎসাহিত।
आमिर के लाडले बनेंगे हीरो
৯) জুনেইদ খানঃ আমিৰ খান আৰু ৰীনা দত্তৰ পুত্ৰ জুনেইদ খানেও চিনেমাত অভিনয় কৰাৰ সিদ্ধান্ত লৈছে। পিতৃৰ পদাংক অনুসৰণ কৰি জুনেইদে পিৰিয়ড ফিল্ম মহাৰাজৰ সৈতে আত্মপ্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। ২০২৩ চনত ছবিখনে মুক্তি পাব।
रोमांटिक ड्रामा में दिखेंगे राजवीर देओल
১০) ৰাজবীৰ দেউলঃ অভিনেতা ছানী দেওলৰ দ্বিতীয় পুত্ৰ ৰাজবীৰ দেউলে ২০২৩ চনত বলীউডত অভিষেক ঘটাব। আলিজেহ অগ্নিহোত্ৰীৰ সৈতে ছুৰজ বৰজাত্যৰ ছবিখনত তেওঁক নায়ক হিচাপে দেখা যাব। চিনেমাখন ৰোমান্টিক ধাৰাৰ হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক