--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ অনুসৰি মংগল গ্ৰহক গ্ৰহসমূহৰ ভিতৰত প্ৰধান সেনাপতি হিচাপে গণ্য কৰা হয়। নতুন বছৰৰ মাৰ্চ মাহত মিথুন ৰাশিত মংগল গ্ৰহে ট্ৰেনজিট কৰিব। মংগল গ্ৰহক সাহস আৰু বীৰত্বৰ প্ৰতীক বোলা হয়। যেতিয়াই কোনো গ্ৰহ ৰাশিৰ পৰিৱৰ্তন ঘটে তেতিয়াই তাৰ শুভ আৰু অশুভ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰে। সেয়েহে মাৰ্চ মাহত মংগল গ্ৰহৰ ট্ৰেনজিটে কোন ৰাশিৰ লোকৰ বাবে শুভ হ’ব। এই ট্ৰেনজিটৰ লগে লগে কেৰিয়াৰত অগ্ৰগতি আৰু চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়, জানো আহক ৰাশিকেইটা।

 ১. মিথুন ৰাশিঃ-জ্যোতিষশাস্ত্ৰ অনুসৰি মংগল গ্ৰহৰ ট্ৰেনজিট এই ৰাশিৰ লোকৰ বাবে অতি অনুকূল বুলি বিবেচিত হৈছে। মংগল গ্ৰহে মিথুন ৰাশিত ট্ৰেনজিট কৰিবলৈ গৈ আছে। এনে পৰিস্থিতিত এই সময়ত এই ৰাশিৰ লোকে নিজৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। কেৱল এয়াই নহয়, নিবনুৱা লোকে লাভ কৰিব পাৰে নতুন চাকৰিৰ প্ৰস্তাৱ। চাকৰিৰ বৃত্তিত থকা লোকসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায়তো সম্প্ৰসাৰণৰ সম্ভাৱনা দেখা যায়।

২. কন্যা ৰাশিঃ-জ্যোতিষৰ মতে মংগল গ্ৰহৰ ট্ৰেনজিট কন্যা ৰাশিৰ লোকসকলকো দিব শুভ ফল। এই ৰাশিৰ দশম স্থানত মংগল গ্ৰহ ট্ৰেনজিট হ’বলৈ গৈ আছে। সেয়েহে চৰকাৰী চাকৰিৰ প্ৰস্তুতিত ব্যস্তসকলে এই সময়ছোৱাত সফলতা লাভ কৰিব। চাকৰিত নিয়োজিত হৈ থকাসকলৰ পদোন্নতিৰ যোগ দেখা যায়। এই সময়ছোৱাত অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ শুভ হ’ব।

৩. মীন ৰাশিঃ-মিথুন ৰাশিত মংগল গ্ৰহৰ ট্ৰেনজিট মীন ৰাশিৰ লোককো দিব শুভ ফল। এই ৰাশিৰ চতুৰ্থ স্থানত মংগল গ্ৰহ ট্ৰেনজিট হ’বলৈ গৈ আছে। এই সময়ছোৱাত শাৰীৰিক সুখ লাভ কৰিব। মংগল গ্ৰহৰ দিশটো এই ৰাশিৰ দশম স্থানত পৰিছে। মীন ৰাশিৰ লোকসকলৰ নতুন চাকৰি যোগৰ লগতে দীৰ্ঘদিন ধৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে এই সময়ছোৱাত সফলতা লাভ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু