--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত প্ৰতিটো দিন এটা বা আন এজন দেৱতাৰ প্ৰতি উৎসৰ্গা কৰা হয়। মঙলবাৰ আৰু শনিবাৰ হনুমান জীৰ পূজাৰ দিন। এই দিনটোত বজৰংগবলী পূজা কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি হনুমান জীৰ আশীৰ্বাদ লাভ কৰা হয়। হনুমান চালিছা পাঠ কৰাৰ বিশেষ গুৰুত্ব এইকেইদিনত কোৱা হৈছে। কোৱা হয় যে এই দিনটোত হনুমান চালিছা পাঠ কৰি ভক্তসকলে দুখ-কষ্টৰ পৰা মুক্তি লাভ কৰে।

হনুমান চালিছা জপ কৰিলে ভক্তসকলৰ সকলো দুখ নোহোৱা হৈ যায় বুলি বিশ্বাস কৰা হয়। লগতে তেওঁলোকৰ জীৱনৰ  সুখসমূহ ৰৈ যায়। কিন্তু জ্যোতিষত কোৱা হৈছে যে যদি হনুমান চলিছাৰ আবৃত্তি নিয়মৰ সৈতে কৰা হয়, তেন্তে ভক্তসকলে ইয়াৰ শুভ ফল অতি সোনকালে পায়। হনুমান চলিছাৰ নিয়মৰ বিষয়ে জানো আহক।

হনুমান চালিছাৰ নিয়ম

- নিয়মিতভাৱে হনুমান চালিছা জপ কৰাৰ বিষয়ে শাস্ত্ৰত কোৱা হৈছে। কোৱা হয় যে পাঠ আৰম্ভ কৰাৰ আগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লওক। সেইবাবেই আবৃত্তিৰ আগতে নিজকে পৰিষ্কাৰ কৰি ধ্যান কৰাৰ পাছত নিজৰ ওপৰত গংগাজল ছটিয়াই তাৰ পাছত হনুমান চালিছা আবৃত্তি বা পাঠ আৰম্ভ কৰক।

- মনত ৰাখিব যে পূজাৰ বাবে বহি থাকোঁতে এখন নিদিৰ্ষ্ট আসন ব্যৱহাৰ কৰিব লাগে। আসন নোহোৱাকৈ মজিয়াত বহি পাঠ কৰাটো অশুভ বুলি গণ্য কৰা হয়। ঈশ্বৰৰ যিকোনো কাম কৰাৰ সময়ত মেট, ঢাৰি বা কঠ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হয়।

-হনুমান চালিছাৰ পাঠ আৰম্ভ কৰাৰ আগতে ভগৱান গণেশৰ পূজা আৰম্ভ কৰক। ইয়াৰ পাছত ভগৱান শ্ৰী ৰাম আৰু মাতৃ সীতাক প্ৰণাম কৰি তাৰ পিছতহে হনুমান চালিছা পাঠ কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে ব্যক্তিয়ে আকাংক্ষিত ফল লাভ কৰে।

- জ্যোতিষ শাস্ত্ৰ অনুযায়ী হনুমান চালিছা পাঠ কৰাৰ আগে আগে বন্তি আৰু ধূপ জ্বলাই হনুমান জীক ফুল আগবঢ়াওক। ইয়াৰ লগতে মনত ৰাখিব যে মনত কোনো ব্যক্তিৰ প্ৰতি শত্ৰুতা-ক্ৰোধ থাকিব নালাগে। নিজৰ ইচ্ছাক মনত ৰাখি হনুমান চালিছা পাঠ কৰা আৰম্ভ কৰক।

হনুমান চলিছা পঢ়াৰ উপকাৰিতা 
জ্যোতিষৰ মতে হনুমান চালিছা যদি পদ্ধতিগতভাৱে আবৃত্তি কৰা হয়, তেন্তে আৰ্থিক সংকট এজন ব্যক্তিৰ জীৱনৰ পৰা আঁতৰি যায়। ব্যক্তিজনৰ ভিতৰত ক্ষমতাৰ অনুভূতি জাগ্ৰত হয়। হনুমান চালিছাৰ আবৃত্তিও মোক্ষ লাভৰ বাবে অতি ফলপ্ৰসূ বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা ব্যক্তিয়ে জ্ঞান আৰু প্ৰজ্ঞা লাভ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক