--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত প্ৰতিটো দিন এটা বা আন এজন দেৱতাৰ প্ৰতি উৎসৰ্গা কৰা হয়। মঙলবাৰ আৰু শনিবাৰ হনুমান জীৰ পূজাৰ দিন। এই দিনটোত বজৰংগবলী পূজা কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি হনুমান জীৰ আশীৰ্বাদ লাভ কৰা হয়। হনুমান চালিছা পাঠ কৰাৰ বিশেষ গুৰুত্ব এইকেইদিনত কোৱা হৈছে। কোৱা হয় যে এই দিনটোত হনুমান চালিছা পাঠ কৰি ভক্তসকলে দুখ-কষ্টৰ পৰা মুক্তি লাভ কৰে।

হনুমান চালিছা জপ কৰিলে ভক্তসকলৰ সকলো দুখ নোহোৱা হৈ যায় বুলি বিশ্বাস কৰা হয়। লগতে তেওঁলোকৰ জীৱনৰ  সুখসমূহ ৰৈ যায়। কিন্তু জ্যোতিষত কোৱা হৈছে যে যদি হনুমান চলিছাৰ আবৃত্তি নিয়মৰ সৈতে কৰা হয়, তেন্তে ভক্তসকলে ইয়াৰ শুভ ফল অতি সোনকালে পায়। হনুমান চলিছাৰ নিয়মৰ বিষয়ে জানো আহক।

হনুমান চালিছাৰ নিয়ম

- নিয়মিতভাৱে হনুমান চালিছা জপ কৰাৰ বিষয়ে শাস্ত্ৰত কোৱা হৈছে। কোৱা হয় যে পাঠ আৰম্ভ কৰাৰ আগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লওক। সেইবাবেই আবৃত্তিৰ আগতে নিজকে পৰিষ্কাৰ কৰি ধ্যান কৰাৰ পাছত নিজৰ ওপৰত গংগাজল ছটিয়াই তাৰ পাছত হনুমান চালিছা আবৃত্তি বা পাঠ আৰম্ভ কৰক।

- মনত ৰাখিব যে পূজাৰ বাবে বহি থাকোঁতে এখন নিদিৰ্ষ্ট আসন ব্যৱহাৰ কৰিব লাগে। আসন নোহোৱাকৈ মজিয়াত বহি পাঠ কৰাটো অশুভ বুলি গণ্য কৰা হয়। ঈশ্বৰৰ যিকোনো কাম কৰাৰ সময়ত মেট, ঢাৰি বা কঠ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হয়।

-হনুমান চালিছাৰ পাঠ আৰম্ভ কৰাৰ আগতে ভগৱান গণেশৰ পূজা আৰম্ভ কৰক। ইয়াৰ পাছত ভগৱান শ্ৰী ৰাম আৰু মাতৃ সীতাক প্ৰণাম কৰি তাৰ পিছতহে হনুমান চালিছা পাঠ কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে ব্যক্তিয়ে আকাংক্ষিত ফল লাভ কৰে।

- জ্যোতিষ শাস্ত্ৰ অনুযায়ী হনুমান চালিছা পাঠ কৰাৰ আগে আগে বন্তি আৰু ধূপ জ্বলাই হনুমান জীক ফুল আগবঢ়াওক। ইয়াৰ লগতে মনত ৰাখিব যে মনত কোনো ব্যক্তিৰ প্ৰতি শত্ৰুতা-ক্ৰোধ থাকিব নালাগে। নিজৰ ইচ্ছাক মনত ৰাখি হনুমান চালিছা পাঠ কৰা আৰম্ভ কৰক।

হনুমান চলিছা পঢ়াৰ উপকাৰিতা 
জ্যোতিষৰ মতে হনুমান চালিছা যদি পদ্ধতিগতভাৱে আবৃত্তি কৰা হয়, তেন্তে আৰ্থিক সংকট এজন ব্যক্তিৰ জীৱনৰ পৰা আঁতৰি যায়। ব্যক্তিজনৰ ভিতৰত ক্ষমতাৰ অনুভূতি জাগ্ৰত হয়। হনুমান চালিছাৰ আবৃত্তিও মোক্ষ লাভৰ বাবে অতি ফলপ্ৰসূ বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা ব্যক্তিয়ে জ্ঞান আৰু প্ৰজ্ঞা লাভ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু