--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সম্পৰ্কীয় কথাক লৈ যোৱা কিছুদিন ধৰি গৰম চৰ্চা চলি আছে।  

এতিয়া বিবাহৰ আলোচনা সন্দৰ্ভত অৱশেষত সিদ্ধাৰ্থই নিজৰ প্ৰতিক্ৰিয়া দিছে।  সিদ্ধাৰ্থ আৰু কিয়াৰাৰ অনুৰাগীসকলে এই কথা জানিবৰ বাবে ব্যগ্ৰ হৈ আছে।


'মিছন মজনু’ৰ প্ৰচাৰৰ বাবে আহি অভিনেতাগৰাকীয়ে কিয়াৰা আৰু তেওঁৰ বিবাহৰ বিষয়টোক লৈ অতি অদ্ভুত শৈলীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।   

আহিবলগীয়া ছবি ‘মিছন মজনু’ৰ প্ৰচাৰৰ বাবে ৰেডিঅ’ ফিভাৰ এফ এমত উপস্থিত হৈছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰশ্মিকা মান্দানা। তাতে ৰেডিঅ’ জকীগৰাকীয়ে ক’লে, "এটা উৰাবাতৰি ওলাইছে যিটো মই ক্লিয়াৰ কৰিব বিচাৰোঁ।"  এই কথা শুনি সিদ্ধাৰ্থই হাঁহি এটা মাৰি কয়, ''মোৰ বিয়া নতুন বছৰটোত হ'ব নে নাই, সেইটো কথা নহয় জানো?" সিদ্ধাৰ্থ মালহোত্ৰাৰ কথা শুনি ৰশ্মিকা মান্দনাই জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰে।


২০২৩ চনত সঁচাকৈয়ে দুয়োৰে বিবাহ হ’ব নে নাই তাকে লৈ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ অনুৰাগীসকল আৰু অধিক বিভ্ৰান্ত হৈ পৰিছে।   

উল্লেখ্য যে, সিদ্ধাৰ্থ আৰু কিয়াৰাৰ সম্পৰ্কক লৈ উদ্যোগটোত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে, কিন্তু দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্কক আনুষ্ঠানিক কৰি তোলা নাই।  'শ্বেৰশ্বাহ' ছবিখনত সিদ্ধাৰ্থ-কিয়াৰাৰ কেমেষ্ট্ৰীয়ে অনুৰাগীক বহুত আপ্লুত কৰিছিল, সেইবাবেই যেতিয়াই তেওঁলোকৰ সম্পৰ্কৰ কথা আলোচনা হয় তেতিয়াই দুয়োৰে অনুৰাগীসকল অতি উত্তেজিত হৈ পৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য