--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সম্পৰ্কীয় কথাক লৈ যোৱা কিছুদিন ধৰি গৰম চৰ্চা চলি আছে।  

এতিয়া বিবাহৰ আলোচনা সন্দৰ্ভত অৱশেষত সিদ্ধাৰ্থই নিজৰ প্ৰতিক্ৰিয়া দিছে।  সিদ্ধাৰ্থ আৰু কিয়াৰাৰ অনুৰাগীসকলে এই কথা জানিবৰ বাবে ব্যগ্ৰ হৈ আছে।


'মিছন মজনু’ৰ প্ৰচাৰৰ বাবে আহি অভিনেতাগৰাকীয়ে কিয়াৰা আৰু তেওঁৰ বিবাহৰ বিষয়টোক লৈ অতি অদ্ভুত শৈলীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।   

আহিবলগীয়া ছবি ‘মিছন মজনু’ৰ প্ৰচাৰৰ বাবে ৰেডিঅ’ ফিভাৰ এফ এমত উপস্থিত হৈছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰশ্মিকা মান্দানা। তাতে ৰেডিঅ’ জকীগৰাকীয়ে ক’লে, "এটা উৰাবাতৰি ওলাইছে যিটো মই ক্লিয়াৰ কৰিব বিচাৰোঁ।"  এই কথা শুনি সিদ্ধাৰ্থই হাঁহি এটা মাৰি কয়, ''মোৰ বিয়া নতুন বছৰটোত হ'ব নে নাই, সেইটো কথা নহয় জানো?" সিদ্ধাৰ্থ মালহোত্ৰাৰ কথা শুনি ৰশ্মিকা মান্দনাই জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰে।


২০২৩ চনত সঁচাকৈয়ে দুয়োৰে বিবাহ হ’ব নে নাই তাকে লৈ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ অনুৰাগীসকল আৰু অধিক বিভ্ৰান্ত হৈ পৰিছে।   

উল্লেখ্য যে, সিদ্ধাৰ্থ আৰু কিয়াৰাৰ সম্পৰ্কক লৈ উদ্যোগটোত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে, কিন্তু দুয়োজনে কেতিয়াও নিজৰ সম্পৰ্কক আনুষ্ঠানিক কৰি তোলা নাই।  'শ্বেৰশ্বাহ' ছবিখনত সিদ্ধাৰ্থ-কিয়াৰাৰ কেমেষ্ট্ৰীয়ে অনুৰাগীক বহুত আপ্লুত কৰিছিল, সেইবাবেই যেতিয়াই তেওঁলোকৰ সম্পৰ্কৰ কথা আলোচনা হয় তেতিয়াই দুয়োৰে অনুৰাগীসকল অতি উত্তেজিত হৈ পৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে