--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল জিকাৰ পিছত বহুতেই ভাৰতত  লিয়’নেল মেছিৰ জীৱনীমূলক ছবি এখন নিৰ্ণাণৰ বাবে দাবী তুলিছে। একাং নেটিজেনে এখোজ আগুৱাই গৈ মেছিৰ চৰিত্ৰত অভিনেতা  অক্ষয় কুমাৰক নিৰ্বাচনেই কৰি পেলাইছে। টুইটাৰত এতিয়া মেছিৰ জাৰ্চি পিন্ধা অভিনেতা অক্ষয় কুমাৰৰ ছবি ভাইৰেল হৈ পৰিছে। 

মেছি আৰু আৰ্জেণ্টিনাৰ দলটোৱে  বিশ্বকাপ ট্ৰফী দখল কৰাৰ ঠিক পিছতে আৰ্জেণ্টিনাৰ ৰঙত অক্ষয়ৰ ফটো অনলাইনত বিয়পি পৰিছে।  অক্ষয় কুমাৰ হৈছে বলীউডৰ এজন অভিনেতা যিয়ে বহুতৰে বাস্তৱ জীৱনৰ চৰিত্ৰত অভিনয় কৰিছে।  সেয়েহে তেওঁ বি-টাউনত বায়’পিকৰ ৰজা হিচাবেই জনাজাত। কিংবদন্তী ফুটবল খেলুৱৈ লিয়’নেল মেছিৰ দলে  ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰি ফিফা বিশ্বকাপ ফাইনেলত ইতিহাস সৃষ্টি কৰাৰ পিছত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বহুতে বলীউডৰ অবিনেতাগৰাকীয়ে মেছিৰ বায়’পিকত অভিনয় কৰিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰিছে। 



এজন নেটিজেনেতো লিখিয়েই পেলাইছে  "অক্ষয় কুমাৰে মেছিৰ জীৱনীমূলক ছবিত মেছিৰ চৰিত্ৰত অভিনয় কৰিব।" এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, "অক্ষয় ইতিমধ্যে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ বাবে সাজু হৈছে। "লিঅনেল মেছি: দ্য লেজেণ্ড অৱ আৰ্জেণ্টিনা বায়োপিক ইনকামিং! য’ত তেওঁ নিজেই মেছিৰ চৰিত্ৰত অভিনয় কৰিব" । এনে ধেমালিৰ পিছতো অৱশ্যে অভিনেতাগৰাকীয়ে এতিয়ালৈকে বিষয়টো সন্দৰ্ভত একো কোৱা নাই। 

ইয়াৰ আগতে অভিনেতাজনে এয়াৰলিফ্ট, পেড মেন আৰু মিছন মংগলকে ধৰি কেইবাখনো বায়োপিকত কাম কৰিছিল।শেহতীয়াকৈ তেওঁ খনি অভিযন্তা চৰ্দাৰ যশৱন্ত সিং গিলৰ চৰিত্ৰত   জীৱনীমূলক ছবিত অবিনয় কৰিছে। ইয়াৰ উপৰি  তেওঁ   চলচ্চিত্   গোৰ্খাত ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ এজন কিংবদন্তি বিষয়া মেজৰ জেনেৰেল ইয়ান কাৰ্ডোজোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও চুক্তিবদ্ধ হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক