--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল জিকাৰ পিছত বহুতেই ভাৰতত  লিয়’নেল মেছিৰ জীৱনীমূলক ছবি এখন নিৰ্ণাণৰ বাবে দাবী তুলিছে। একাং নেটিজেনে এখোজ আগুৱাই গৈ মেছিৰ চৰিত্ৰত অভিনেতা  অক্ষয় কুমাৰক নিৰ্বাচনেই কৰি পেলাইছে। টুইটাৰত এতিয়া মেছিৰ জাৰ্চি পিন্ধা অভিনেতা অক্ষয় কুমাৰৰ ছবি ভাইৰেল হৈ পৰিছে। 

মেছি আৰু আৰ্জেণ্টিনাৰ দলটোৱে  বিশ্বকাপ ট্ৰফী দখল কৰাৰ ঠিক পিছতে আৰ্জেণ্টিনাৰ ৰঙত অক্ষয়ৰ ফটো অনলাইনত বিয়পি পৰিছে।  অক্ষয় কুমাৰ হৈছে বলীউডৰ এজন অভিনেতা যিয়ে বহুতৰে বাস্তৱ জীৱনৰ চৰিত্ৰত অভিনয় কৰিছে।  সেয়েহে তেওঁ বি-টাউনত বায়’পিকৰ ৰজা হিচাবেই জনাজাত। কিংবদন্তী ফুটবল খেলুৱৈ লিয়’নেল মেছিৰ দলে  ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰি ফিফা বিশ্বকাপ ফাইনেলত ইতিহাস সৃষ্টি কৰাৰ পিছত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বহুতে বলীউডৰ অবিনেতাগৰাকীয়ে মেছিৰ বায়’পিকত অভিনয় কৰিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰিছে। 



এজন নেটিজেনেতো লিখিয়েই পেলাইছে  "অক্ষয় কুমাৰে মেছিৰ জীৱনীমূলক ছবিত মেছিৰ চৰিত্ৰত অভিনয় কৰিব।" এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, "অক্ষয় ইতিমধ্যে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ বাবে সাজু হৈছে। "লিঅনেল মেছি: দ্য লেজেণ্ড অৱ আৰ্জেণ্টিনা বায়োপিক ইনকামিং! য’ত তেওঁ নিজেই মেছিৰ চৰিত্ৰত অভিনয় কৰিব" । এনে ধেমালিৰ পিছতো অৱশ্যে অভিনেতাগৰাকীয়ে এতিয়ালৈকে বিষয়টো সন্দৰ্ভত একো কোৱা নাই। 

ইয়াৰ আগতে অভিনেতাজনে এয়াৰলিফ্ট, পেড মেন আৰু মিছন মংগলকে ধৰি কেইবাখনো বায়োপিকত কাম কৰিছিল।শেহতীয়াকৈ তেওঁ খনি অভিযন্তা চৰ্দাৰ যশৱন্ত সিং গিলৰ চৰিত্ৰত   জীৱনীমূলক ছবিত অবিনয় কৰিছে। ইয়াৰ উপৰি  তেওঁ   চলচ্চিত্   গোৰ্খাত ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ এজন কিংবদন্তি বিষয়া মেজৰ জেনেৰেল ইয়ান কাৰ্ডোজোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও চুক্তিবদ্ধ হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু