--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা ২০২৪ৰ লোকসভা নিৰ্বাচনত ভাৰতৰ নাৰী শক্তিয়ে এক বিশ্ব অভিলেখ গঢ়িছে। ভাৰতৰ  মহিলা ভোটাৰৰ মুঠ সংখ্যাই ইউৰোপৰ তিনিখন শক্তিশালী দেশৰ  মুঠ জনসংখ্যাকো অতিক্ৰম কৰিলে। লগতে মহিলাৰ ভোটদানৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ দেশ হিচাবে পৰিগণিত হৈছে। সোমবাৰে মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে নতুন দিল্লীত  সাংবাদিকক সম্বোধন কৰে। সমগ্ৰ নিৰ্বাচনৰ পৰিসংখ্যা সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত  মুঠ ৬৪.২ কোটি লোকে ভোটদান কৰিছে। ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৩১ কোটি। আয়ুক্তগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বৰ যিকোনো নিৰ্বাচনত ইমান সংখ্যক লোকে ভোট দিয়াৰ কোনো নজিৰ নাই।


নিৰ্বাচন সফল ভাবে অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি  মুখ্য নিৰ্বাচন আয়ুক্ত কুমাৰে  কেইবাটাও পৰিসংখ্যা দাখিল কৰে। শেহতীয়াকৈ সমাপ্ত হোৱা নিৰ্বাচনত ভাৰতীয় ভোটাৰৰ সংখ্যা জি-৭ৰ সদস্য দেশসমূহৰ মুঠ ভোটাৰৰ সংখ্যাতকৈ ডেৰগুণ বেছি বুলিও তেওঁ কয়। তেওঁ কয় যে ইউৰোপীয় সংঘৰ ২৭খন দেশৰ ভোটাৰৰ তুলনাত এই সংখ্যা ডেৰ-দুগুণ বেছি।

 মন কৰিব যে শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত ৩১ কোটিৰো অধিক মহিলাই ভোটদান কৰিছে। ইউৰোপৰ চাৰিখন শক্তিশালী দেশ  ব্ৰিটেইন, ইটালী, ফ্ৰান্স আৰু জাৰ্মানীৰ মুঠ জনসংখ্যাতকৈ ভাৰতত মহিলা ভোটাৰ বেছি। প্ৰসংগক্ৰমে এই চাৰিখন দেশৰ জনসংখ্যা ক্ৰমে ৬ কোটি, ৬ কোটি, ৭ কোটি আৰু  ৮ কোটি। ৰাজীৱ কুমাৰে লগতে কয় যে বিশ্বৰ কোনো এখন দেশতে ৩১ কোটি মহিলা ভোটাৰে ভোটদান কৰাৰ  কোনো নজিৰ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক