--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে নিজৰ দলটো সাজু কৰি তুলিছে। কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতিৰ তালিকাত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেকে ধৰি মুঠ ৩৯ জন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

একে সময়তে আনন্দ শৰ্মা, শশী থাৰুকে ধৰি এনে বহু জি-২৩ নেতায়ো  এই কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে। দীৰ্ঘদিন ধৰি চি ডব্লিউ চিৰ বাবে অপেক্ষা কৰি আছিল। এইখন কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ সমিতি। অৱশ্যে এই নতুন সমিতিখনত পুৰণি সমিতিখনৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। তালিকা প্ৰকাশৰ পূৰ্বে বিগত কেইবামাহো ধৰি এক ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈ আহিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়।

চি ডব্লিউ চিত মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, মনমোহন সিং, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, এ কে এণ্টনি, অম্বিকা ছোনী, অধীৰ ৰঞ্জন চৌধুৰী, দিগ্বিজয় সিং, চৰণজিৎ সিং চান্নী, আনন্দ শৰ্মাকে ধৰি মুঠ ৩৯ গৰাকী নেতা আছে। ইয়াৰ উপৰিও ৩২ গৰাকী স্থায়ী আমন্ত্ৰিত, ৯ গৰাকী বিশেষ আমন্ত্ৰিত, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মহিলা কংগ্ৰেছ আৰু সেৱা দলৰ সভাপতিকো স্থান দিয়া হৈছে।


ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধীয়ে গঠন কৰা কমিটীৰ সৈতে কাম কৰি আছিল। এতিয়া যিখন কংগ্ৰেছ ৱৰ্কিং কমিটী ঘোষণা কৰা হৈছে তাত পূৰ্বৰ কমিটীৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক