--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে নিজৰ দলটো সাজু কৰি তুলিছে। কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতিৰ তালিকাত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেকে ধৰি মুঠ ৩৯ জন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

একে সময়তে আনন্দ শৰ্মা, শশী থাৰুকে ধৰি এনে বহু জি-২৩ নেতায়ো  এই কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে। দীৰ্ঘদিন ধৰি চি ডব্লিউ চিৰ বাবে অপেক্ষা কৰি আছিল। এইখন কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ সমিতি। অৱশ্যে এই নতুন সমিতিখনত পুৰণি সমিতিখনৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। তালিকা প্ৰকাশৰ পূৰ্বে বিগত কেইবামাহো ধৰি এক ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈ আহিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়।

চি ডব্লিউ চিত মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, মনমোহন সিং, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, এ কে এণ্টনি, অম্বিকা ছোনী, অধীৰ ৰঞ্জন চৌধুৰী, দিগ্বিজয় সিং, চৰণজিৎ সিং চান্নী, আনন্দ শৰ্মাকে ধৰি মুঠ ৩৯ গৰাকী নেতা আছে। ইয়াৰ উপৰিও ৩২ গৰাকী স্থায়ী আমন্ত্ৰিত, ৯ গৰাকী বিশেষ আমন্ত্ৰিত, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মহিলা কংগ্ৰেছ আৰু সেৱা দলৰ সভাপতিকো স্থান দিয়া হৈছে।


ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধীয়ে গঠন কৰা কমিটীৰ সৈতে কাম কৰি আছিল। এতিয়া যিখন কংগ্ৰেছ ৱৰ্কিং কমিটী ঘোষণা কৰা হৈছে তাত পূৰ্বৰ কমিটীৰ তুলনাত বিশেষ পৰিৱৰ্তন হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু