--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ বৰঘৰত জ্বলি উঠা বিদ্ৰোহৰ শিখা পালেগৈ দিল্লী৷ ৰাজেন গোহাঁইৰ মন্তব্যই ধুমুহা আনিছে ৰাজ্যিক বিজেপিত৷ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি মুকলিকৈ ৰাজেন গোহাঁয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ পাছত উভতি ধৰিছিল মন্ত্ৰী পীযূষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ 

বিশেষকৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ পাছতেই অধিক তীব্ৰতৰ হৈ উঠিল ৰাজ্যিক বিজেপিত গঢ় লৈ উঠা বিসম্বাদৰ ৰাজনীতি৷ সমাধান নোলাল বাজপেয়ী ভৱনত৷ ৰাজেন গোহাঁইক মাতি পঠিয়াইছে দিল্লীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে কাইলৈ বৈঠকত মিলিত হ’ব ৰাজেন গোহাঁই৷ পিছে, অমিত শ্বাহক কি কথা জনাব ৰাজেন গোহাঁয়ে?

দিল্লীলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত পুনৰ জয়ন্ত মল্লক সমালোচনাৰ লক্ষ্য কৰি লয় ৰাজেন গোহাঁয়ে৷ মন্ত্ৰী মল্লবৰুৱাৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, মন্ত্ৰী পীযূষ হাজৰিকাৰ কথাক লৈ মোৰ আপত্তি নাই৷ কিন্তু, জয়ন্ত মল্লবৰুৱাই মোক চৰম অপমান কৰিলে৷ ইয়াৰ উত্তৰ মই যথাস্থানত দিম৷ 

আনহাতে তেওঁ কয়, কাক মুখ্যমন্ত্ৰী পাতে মই কোনো আপত্তি কৰা নাই। সৰ্বানন্দক পাতে, হিমন্তক পাতে, কোনো আপত্তি কৰা নাছিলোঁ৷ মই দলটোক বহুত দিছোঁ৷ মোৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছিলোঁ৷ মই কাৰো আশীৰ্বাদত মন্ত্ৰী হ’বলৈ যোৱা নাই। মই মন্ত্ৰিত্ব পাইছিলো নিজৰ দমত। মোদী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছিলোঁ মোৰ ভুল ক’ত?

আন এক নতুন ইংগিত বহন কৰি গোহাঁয়ে কয়, মোক মুখ্যমন্ত্ৰীয়ে যি কৈছিল সেয়া ৰাজহুৱা কৰিলে বিজেপি থান-বান হৈ যাব। বহুত কথা আছে সকলো অমিত শ্বাহক ক’ম। মুখ্যমন্ত্ৰীয়ে মোক কালি ৭বাৰ ফোন কৰিছিল। তেঁও মোক অমিত শ্বাহক ফোন কৰিবলৈ অনুৰোধ জনালে। মোৰ হাতত অমিত শ্বাহৰ নম্বৰ নাছিল৷ মুখ্যমন্ত্ৰীয়ে মোক অমিত শ্বাহৰ নম্বৰ দিলে। মই অমিত শ্বাহক ফোন কৰিছিলোঁ। সোমবাৰে মোক অমিত শ্বাহে লগ কৰিম বুলি জনাইছে।

সোমবাৰে অমিত শ্বাহক সাক্ষাৎ কৰি সকলো কথা ক’ব বুলি দোহাৰে ৰাজেন গোহাঁয়ে৷ তেওঁ লগতে অসমত পুৰণিক আতৰাবলৈ কৰা প্ৰক্ৰিয়াৰ বিষয়েও অমিত শ্বাহক অৱগত কৰিব বুলি সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক