--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ বৰঘৰত জ্বলি উঠা বিদ্ৰোহৰ শিখা পালেগৈ দিল্লী৷ ৰাজেন গোহাঁইৰ মন্তব্যই ধুমুহা আনিছে ৰাজ্যিক বিজেপিত৷ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি মুকলিকৈ ৰাজেন গোহাঁয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ পাছত উভতি ধৰিছিল মন্ত্ৰী পীযূষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ 

বিশেষকৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ পাছতেই অধিক তীব্ৰতৰ হৈ উঠিল ৰাজ্যিক বিজেপিত গঢ় লৈ উঠা বিসম্বাদৰ ৰাজনীতি৷ সমাধান নোলাল বাজপেয়ী ভৱনত৷ ৰাজেন গোহাঁইক মাতি পঠিয়াইছে দিল্লীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে কাইলৈ বৈঠকত মিলিত হ’ব ৰাজেন গোহাঁই৷ পিছে, অমিত শ্বাহক কি কথা জনাব ৰাজেন গোহাঁয়ে?

দিল্লীলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত পুনৰ জয়ন্ত মল্লক সমালোচনাৰ লক্ষ্য কৰি লয় ৰাজেন গোহাঁয়ে৷ মন্ত্ৰী মল্লবৰুৱাৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, মন্ত্ৰী পীযূষ হাজৰিকাৰ কথাক লৈ মোৰ আপত্তি নাই৷ কিন্তু, জয়ন্ত মল্লবৰুৱাই মোক চৰম অপমান কৰিলে৷ ইয়াৰ উত্তৰ মই যথাস্থানত দিম৷ 

আনহাতে তেওঁ কয়, কাক মুখ্যমন্ত্ৰী পাতে মই কোনো আপত্তি কৰা নাই। সৰ্বানন্দক পাতে, হিমন্তক পাতে, কোনো আপত্তি কৰা নাছিলোঁ৷ মই দলটোক বহুত দিছোঁ৷ মোৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছিলোঁ৷ মই কাৰো আশীৰ্বাদত মন্ত্ৰী হ’বলৈ যোৱা নাই। মই মন্ত্ৰিত্ব পাইছিলো নিজৰ দমত। মোদী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছিলোঁ মোৰ ভুল ক’ত?

আন এক নতুন ইংগিত বহন কৰি গোহাঁয়ে কয়, মোক মুখ্যমন্ত্ৰীয়ে যি কৈছিল সেয়া ৰাজহুৱা কৰিলে বিজেপি থান-বান হৈ যাব। বহুত কথা আছে সকলো অমিত শ্বাহক ক’ম। মুখ্যমন্ত্ৰীয়ে মোক কালি ৭বাৰ ফোন কৰিছিল। তেঁও মোক অমিত শ্বাহক ফোন কৰিবলৈ অনুৰোধ জনালে। মোৰ হাতত অমিত শ্বাহৰ নম্বৰ নাছিল৷ মুখ্যমন্ত্ৰীয়ে মোক অমিত শ্বাহৰ নম্বৰ দিলে। মই অমিত শ্বাহক ফোন কৰিছিলোঁ। সোমবাৰে মোক অমিত শ্বাহে লগ কৰিম বুলি জনাইছে।

সোমবাৰে অমিত শ্বাহক সাক্ষাৎ কৰি সকলো কথা ক’ব বুলি দোহাৰে ৰাজেন গোহাঁয়ে৷ তেওঁ লগতে অসমত পুৰণিক আতৰাবলৈ কৰা প্ৰক্ৰিয়াৰ বিষয়েও অমিত শ্বাহক অৱগত কৰিব বুলি সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু