--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংগালুৰুত আৰম্ভ হৈছে বিৰোধীৰ ঐক্য সন্মিলনৰ দ্বিতীয় দিন। বৈঠকত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে-এ কয় যে কংগ্ৰেছ দল ক্ষমতা বা প্ৰধানমন্ত্ৰী পদৰ কোনো এটাৰ প্ৰতি আগ্ৰহী নহয়। তেওঁ লগতে কয়, ''আমি ৰাজ্যিক পৰ্যায়ত আমাৰ কিছুমানৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে সচেতন; এইবোৰ মতাদৰ্শগত নহয় আৰু এইবোৰ ইমান ডাঙৰ বিষয়ো নহয় যে জনসাধাৰণৰ স্বাৰ্থত ইয়াক আঁতৰাই ৰাখিব পৰা নাযাব৷''

খৰ্গেই লগতে উল্লেখ কৰে যে, ‘আমি ২৬টা দল,আমাৰ ১১খন ৰাজ্যত চৰকাৰ আছে। বিজেপিয়ে নিজে ৩০৩খন আসন পোৱা নাই, মিত্ৰশক্তিৰ ভোট ব্যৱহাৰ কৰিহে সেয়া সম্ভৱ কৰি উঠিছে।” আজি অনুষ্ঠিত হৈ থকা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ বৈঠকক লক্ষ্য কৰি তেওঁ কয় যে, “বিজেপিৰ সভাপতি (জে পি নাড্ডা) আৰু দলৰ নেতাসকলে পুৰণি মিত্ৰশক্তিৰ সৈতে মিত্ৰতা কৰিবলৈ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ দৌৰিছে।” এই বৈঠকতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই কয় যে ২০২৪ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দৌৰত কংগ্ৰেছ দল জড়িত নহয়। তেওঁ কয়, কংগ্ৰেছে বিৰোধীৰ বৈঠকত অংশ লৈছে যদিও প্ৰধানমন্ত্ৰীৰ দৌৰত নাই। ক্ষমতা বা প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰতি আগ্ৰহী নহয় কংগ্ৰেছ।বৰঞ্চ বিজেপি বিৰোধী শক্তিসমূহৰ একত্ৰীকৰণতহে কংগ্ৰেছে গুৰুত্ব দিয়ে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু