--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংগালুৰুত আৰম্ভ হৈছে বিৰোধীৰ ঐক্য সন্মিলনৰ দ্বিতীয় দিন। বৈঠকত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে-এ কয় যে কংগ্ৰেছ দল ক্ষমতা বা প্ৰধানমন্ত্ৰী পদৰ কোনো এটাৰ প্ৰতি আগ্ৰহী নহয়। তেওঁ লগতে কয়, ''আমি ৰাজ্যিক পৰ্যায়ত আমাৰ কিছুমানৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে সচেতন; এইবোৰ মতাদৰ্শগত নহয় আৰু এইবোৰ ইমান ডাঙৰ বিষয়ো নহয় যে জনসাধাৰণৰ স্বাৰ্থত ইয়াক আঁতৰাই ৰাখিব পৰা নাযাব৷''

খৰ্গেই লগতে উল্লেখ কৰে যে, ‘আমি ২৬টা দল,আমাৰ ১১খন ৰাজ্যত চৰকাৰ আছে। বিজেপিয়ে নিজে ৩০৩খন আসন পোৱা নাই, মিত্ৰশক্তিৰ ভোট ব্যৱহাৰ কৰিহে সেয়া সম্ভৱ কৰি উঠিছে।” আজি অনুষ্ঠিত হৈ থকা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ বৈঠকক লক্ষ্য কৰি তেওঁ কয় যে, “বিজেপিৰ সভাপতি (জে পি নাড্ডা) আৰু দলৰ নেতাসকলে পুৰণি মিত্ৰশক্তিৰ সৈতে মিত্ৰতা কৰিবলৈ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ দৌৰিছে।” এই বৈঠকতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই কয় যে ২০২৪ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দৌৰত কংগ্ৰেছ দল জড়িত নহয়। তেওঁ কয়, কংগ্ৰেছে বিৰোধীৰ বৈঠকত অংশ লৈছে যদিও প্ৰধানমন্ত্ৰীৰ দৌৰত নাই। ক্ষমতা বা প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰতি আগ্ৰহী নহয় কংগ্ৰেছ।বৰঞ্চ বিজেপি বিৰোধী শক্তিসমূহৰ একত্ৰীকৰণতহে কংগ্ৰেছে গুৰুত্ব দিয়ে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ