--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এন চি পি বিভাজনৰ লগে লগে মহাৰাষ্ট্ৰত ৰাজনৈতিক ভূমিকম্প দেখা পোৱাৰ মাত্ৰ কেইদিনমানৰ পাছতেই ভাইৰেল হোৱা বিজেপি নেতা কিৰিট সোমাইয়াৰ এটা ভিডিঅ’ই তোলপাৰ সৃষ্টি কৰিছে৷ মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁটক আক্ৰমণ কৰিবলৈ বিৰোধী দলক এই বিষয়টোৱে নতুন ইচ্ছ্যু দিছে।

কংগ্ৰেছ আৰু উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই সোমাইয়া আৰু শাসকীয় মিত্ৰজোঁটৰ ওপৰত তীব্ৰ সমালোচনা কৰি কয় যে এই ভিডিঅ’টোৱে তেওঁলোকৰ “চৰিত্ৰ আৰু প্ৰকৃত মুখ” উন্মোচন কৰিছে। এনেধৰণৰ আন কেইবাটাও ক্লিপও আছে বুলি দাবী কৰিছে।

ইপিনে সোমাইয়াই ভিডিঅ’টোৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি তদন্ত বিচাৰিছে।সোমাইয়া আৰু একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰক আঘাত কৰি কংগ্ৰেছে কয় যে এই ভিডিঅ’টোৱে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰৰ লগতে তেওঁলোকৰ ভণ্ডামিও উদঙাই দিছে।

কংগ্ৰেছৰ বিধায়ক যশোমতী ঠাকুৰে কয় যে “শাসকীয় মিত্ৰজোঁটৰ চৰিত্ৰ আৰু প্ৰকৃত মুখ আজি উন্মোচিত হৈছে। কিৰিট সোমাইয়াই বহু বিধায়ক আৰু সাংসদক ব্লেকমেইল কৰিছে। এতিয়া, আমি দেখিবলৈ পাইছোঁ যে তেওঁ আনকি কেইবাগৰাকীও মহিলাকো ব্লেকমেইল কৰিছে। মই শুনিছো যে আঠ ঘণ্টীয়া এটা ক্লিপ ওলাইছে৷ক্লিপটোৰ বাবে কিমান মহিলাক নিশ্চয় হাৰাশাস্তি আৰু অত্যাচাৰ কৰা হ’ল সেয়া মই কল্পনাও কৰিব নোৱাৰো।”মহিলাগৰাকীয়ে লগতে কয় যে, "সততে নৈতিকতা সম্পৰ্কে বক্তৃতা দিয়া বিজেপি নেতাসকলে কিৰিট সোমাইয়াক জবাবদিহি কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস থকা উচিত। তেওঁৰ বিৰুদ্ধে প্ৰতাৰণামূলক ৰাজহুৱা জীৱন যাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।"

সোমাইয়াৰ নাম উল্লেখ নকৰাকৈয়ে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে বালাচাহেব থাকৰেৰ উদ্ধৃতি দি কয় যে "যিজনক নিজৰ কৰ্মৰ দ্বাৰা মৃত্যুবৰণ কৰিবলৈ গৈ আছে তেওঁক ধৰ্মৰে হত্যা নকৰিব৷আমাৰ ওচৰত শিৱসেনাৰ সন্মানীয় প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ মূল্যবোধ আছে।" 

ইপিনে সোমাইয়াই উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছলৈ পত্ৰ লিখিছে যে তেওঁ কেতিয়াও কোনো মহিলাক নিৰ্যাতন চলোৱা নাই। তেওঁ "ভিডিঅ'"ৰ সত্যতাৰ তদন্তৰ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু