--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এন চি পি বিভাজনৰ লগে লগে মহাৰাষ্ট্ৰত ৰাজনৈতিক ভূমিকম্প দেখা পোৱাৰ মাত্ৰ কেইদিনমানৰ পাছতেই ভাইৰেল হোৱা বিজেপি নেতা কিৰিট সোমাইয়াৰ এটা ভিডিঅ’ই তোলপাৰ সৃষ্টি কৰিছে৷ মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁটক আক্ৰমণ কৰিবলৈ বিৰোধী দলক এই বিষয়টোৱে নতুন ইচ্ছ্যু দিছে।

কংগ্ৰেছ আৰু উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই সোমাইয়া আৰু শাসকীয় মিত্ৰজোঁটৰ ওপৰত তীব্ৰ সমালোচনা কৰি কয় যে এই ভিডিঅ’টোৱে তেওঁলোকৰ “চৰিত্ৰ আৰু প্ৰকৃত মুখ” উন্মোচন কৰিছে। এনেধৰণৰ আন কেইবাটাও ক্লিপও আছে বুলি দাবী কৰিছে।

ইপিনে সোমাইয়াই ভিডিঅ’টোৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি তদন্ত বিচাৰিছে।সোমাইয়া আৰু একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰক আঘাত কৰি কংগ্ৰেছে কয় যে এই ভিডিঅ’টোৱে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰৰ লগতে তেওঁলোকৰ ভণ্ডামিও উদঙাই দিছে।

কংগ্ৰেছৰ বিধায়ক যশোমতী ঠাকুৰে কয় যে “শাসকীয় মিত্ৰজোঁটৰ চৰিত্ৰ আৰু প্ৰকৃত মুখ আজি উন্মোচিত হৈছে। কিৰিট সোমাইয়াই বহু বিধায়ক আৰু সাংসদক ব্লেকমেইল কৰিছে। এতিয়া, আমি দেখিবলৈ পাইছোঁ যে তেওঁ আনকি কেইবাগৰাকীও মহিলাকো ব্লেকমেইল কৰিছে। মই শুনিছো যে আঠ ঘণ্টীয়া এটা ক্লিপ ওলাইছে৷ক্লিপটোৰ বাবে কিমান মহিলাক নিশ্চয় হাৰাশাস্তি আৰু অত্যাচাৰ কৰা হ’ল সেয়া মই কল্পনাও কৰিব নোৱাৰো।”মহিলাগৰাকীয়ে লগতে কয় যে, "সততে নৈতিকতা সম্পৰ্কে বক্তৃতা দিয়া বিজেপি নেতাসকলে কিৰিট সোমাইয়াক জবাবদিহি কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস থকা উচিত। তেওঁৰ বিৰুদ্ধে প্ৰতাৰণামূলক ৰাজহুৱা জীৱন যাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।"

সোমাইয়াৰ নাম উল্লেখ নকৰাকৈয়ে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে বালাচাহেব থাকৰেৰ উদ্ধৃতি দি কয় যে "যিজনক নিজৰ কৰ্মৰ দ্বাৰা মৃত্যুবৰণ কৰিবলৈ গৈ আছে তেওঁক ধৰ্মৰে হত্যা নকৰিব৷আমাৰ ওচৰত শিৱসেনাৰ সন্মানীয় প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ মূল্যবোধ আছে।" 

ইপিনে সোমাইয়াই উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছলৈ পত্ৰ লিখিছে যে তেওঁ কেতিয়াও কোনো মহিলাক নিৰ্যাতন চলোৱা নাই। তেওঁ "ভিডিঅ'"ৰ সত্যতাৰ তদন্তৰ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ