--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষই বিদায় মাগিলে। ২০২৪ সমুখত। এইখিনিতে চৰ্চালৈ আহিছে নষ্ট্ৰাডামুছৰ কিছু ভৱিষ্যদ্বাণী। ২০২৪তে এই ভৱিষ্যতবাণীসমূহে বাস্তৱিক ৰূপ ল’ব আশংকা কৰা হৈছে।

নষ্ট্ৰাডামাছৰ এটা আচৰিত ভৱিষ্যদ্বাণী অনুসৰি ২০২৪ চনত নতুন পোপ দেখা যাব। কিন্তু তাতোকৈ ডাঙৰ কথা ৰোগাক্ৰান্ত হৈ পোপ ফ্ৰান্সিছে হয়তো পৃথিৱী এৰি যাব।

বছৰ বছৰ আগতে এই ভৱিষ্যৎদ্ৰষ্টাসকলৰ জীৱনৰ অৱসান ঘটিলেও তেওঁলোকৰ ভৱিষ্যদ্বাণীয়ে এতিয়াও চৰ্চালাভ কৰি আহিছে। ফৰাচী জ্যোতিষীজনৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৪ চনত পৃথিৱীখন অধিক শুকান হ’ব আৰু বানপানী হ’ব।

ৰাণী এলিজাবেথৰ মৃত্যুৰ সঠিক ভৱিষ্যদ্বাণী কৰা নষ্ট্ৰাডামাছে কৈছিল যে ৰজা চাৰ্লছৰ পিছত সেইজন ৰজা হ’ব ‘যিজনৰ কোনো ৰাজকীয় চিন নাথাকিব’। এই ৰহস্যময় পূৰ্বাভাসে ৰাজকুমাৰ হেৰী বা এতিয়াও চিনাক্ত নোহোৱা আন এজন ব্যক্তিয়ে সিংহাসন দখল কৰিব বুলি জল্পনা-কল্পনাক ইন্ধন যোগাইছে।

নষ্ট্ৰাদামছৰ মতে, ভাৰত মহাসাগৰত চীনে বিধ্বংসী ৰূপ ধাৰণ কৰিব, যাৰ ফলত নৌ যুদ্ধৰ জন্ম হ’ব। অৱশ্যে ডেইলী ষ্টাৰৰ তথ্য অনুসৰি চীনে পৰাজয়ৰ সন্মুখীন হ’ব পাৰে।

 নষ্ট্ৰাডামুছৰ দৰেই ১৯৯৬ চনত মৃত্যু হোৱা বাবা ভাংগাই কৰা ভৱিষ্যত্বাণী অনুসৰি আগন্তুক বছৰটোত যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ, নাগৰিক অশান্তি, ৰাজনৈতিক অশান্তি আদি দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ