--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ দেশৰ ৰাজনীতিত এলাগী হ’বলৈ ধৰিছে কংগ্ৰেছ দল। দেশৰ ৰাজনীতিৰ সৰ্বপুৰণি দলটোৰ শেহতীয়া স্থিতিক লৈ দলৰ ভিতৰচ’ৰাতে এতিয়া সৃষ্টি হৈছে অসন্তুষ্টিৰ। দলৰ ভৱিষ্যতক লৈ সন্দিহান হৈ উঠিছে একাংশ জ্যেষ্ঠ নেতা। ইফালে, তৃণমূল কংগ্ৰেছে কংগ্ৰেছক এলাগী কৰি নতুন বিৰোধী জোঁট গঠনৰ কুচকাৱাজো চলাই আছে। ইয়াৰ মাজতে কংগ্ৰেছৰ ভৱিষ্যতক লৈ সন্দেহ ব্যক্ত কৰিছে দলৰে এগৰাকী জ্যেষ্ঠ নেতাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে কংগ্ৰেছ যে এতিয়া একপ্ৰকাৰ সম্ভাৱনাশূন্য অৱস্থালৈ গতি কৰিছে কাৰ্যতঃ তাৰেই ইংগিত দিলে।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি আজাদে কয়, ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৩০০আসন লাভ কৰি বিজয়ী হোৱাৰ কোনো সম্ভাৱনা তেওঁ দেখা নাই। জম্মু-কাশ্মীৰৰ ৩৭০অনুচ্ছেদ সন্দৰ্ভত আলোচনা কৰাৰ সময়ত তেওঁ কয়, জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰই ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদান্ত বাতিল কৰিব পাৰে কেৱল উচ্চতম ন্যায়ালয়েহে। অন্যথা যদিহে কংগ্ৰেছে ২০২৪চনত ৩০০আসন লাভ কৰি শাসনলৈ আহে তেন্তে সেয়া হ’ব পাৰে। কিন্তু তেনে হোৱাৰ সম্ভাৱনা তেওঁ দেখা নাই বুলি ব্যক্ত কৰে। আজাদে লগতে কয় যে, কংগ্ৰেছে ৩০০ আসনত বিজয়ী হ’বলৈ তেওঁ প্ৰাৰ্থনা কৰিব। আজাদৰ এই মন্তব্য বিশেষ তাপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই দলটোৰ ভৱিষ্যতক লৈ এনেদৰে সন্দিহান হৈ পৰাটো নিসন্দেহে শুভ লক্ষণ নহয়।
কংগ্ৰেছৰ ভিতৰচ’ৰাত পূৰ্বৰে পৰাই ভালেকেইগৰাকী জ্যেষ্ঠ নেতাই নেতৃত্বৰ বিৰোধ কৰি আহিছে। এক অৰ্থত ইয়াক বিৰোধ বুলি নকৈ ক’ব পাৰি দলৰ শীৰ্ষ নেতৃত্বক আইনা দেখুওৱা বুলি। কিন্তু তাৰ পাছতো দলৰ হাইকমাণ্ড যেন নাৰাজ নিজৰ দলৰ বাস্তৱৰ সৈতে মুখামুখি হ’বলৈ। ইটোৰ পাছত সিটো নিৰ্বাচনত পৰাজয়, দলীয় নেতৃত্বৰ কেজুৱেল প্ৰবৃত্তি তথা আভ্যন্তৰীণ গণতন্ত্ৰ ব্যাহত হোৱাৰ অভিযোগে দলটোৰ ভিতৰচ’ৰাত এতিয়া হাহাকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত দলটোৰ শীৰ্ষ নেতৃত্বই একপ্ৰকাৰ মুকলি অনাস্থা প্ৰকাশেৰে যেন নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে দলটোৰ প্ৰতি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক