--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ দেশৰ ৰাজনীতিত এলাগী হ’বলৈ ধৰিছে কংগ্ৰেছ দল। দেশৰ ৰাজনীতিৰ সৰ্বপুৰণি দলটোৰ শেহতীয়া স্থিতিক লৈ দলৰ ভিতৰচ’ৰাতে এতিয়া সৃষ্টি হৈছে অসন্তুষ্টিৰ। দলৰ ভৱিষ্যতক লৈ সন্দিহান হৈ উঠিছে একাংশ জ্যেষ্ঠ নেতা। ইফালে, তৃণমূল কংগ্ৰেছে কংগ্ৰেছক এলাগী কৰি নতুন বিৰোধী জোঁট গঠনৰ কুচকাৱাজো চলাই আছে। ইয়াৰ মাজতে কংগ্ৰেছৰ ভৱিষ্যতক লৈ সন্দেহ ব্যক্ত কৰিছে দলৰে এগৰাকী জ্যেষ্ঠ নেতাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে কংগ্ৰেছ যে এতিয়া একপ্ৰকাৰ সম্ভাৱনাশূন্য অৱস্থালৈ গতি কৰিছে কাৰ্যতঃ তাৰেই ইংগিত দিলে।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি আজাদে কয়, ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৩০০আসন লাভ কৰি বিজয়ী হোৱাৰ কোনো সম্ভাৱনা তেওঁ দেখা নাই। জম্মু-কাশ্মীৰৰ ৩৭০অনুচ্ছেদ সন্দৰ্ভত আলোচনা কৰাৰ সময়ত তেওঁ কয়, জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰই ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদান্ত বাতিল কৰিব পাৰে কেৱল উচ্চতম ন্যায়ালয়েহে। অন্যথা যদিহে কংগ্ৰেছে ২০২৪চনত ৩০০আসন লাভ কৰি শাসনলৈ আহে তেন্তে সেয়া হ’ব পাৰে। কিন্তু তেনে হোৱাৰ সম্ভাৱনা তেওঁ দেখা নাই বুলি ব্যক্ত কৰে। আজাদে লগতে কয় যে, কংগ্ৰেছে ৩০০ আসনত বিজয়ী হ’বলৈ তেওঁ প্ৰাৰ্থনা কৰিব। আজাদৰ এই মন্তব্য বিশেষ তাপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই দলটোৰ ভৱিষ্যতক লৈ এনেদৰে সন্দিহান হৈ পৰাটো নিসন্দেহে শুভ লক্ষণ নহয়।
কংগ্ৰেছৰ ভিতৰচ’ৰাত পূৰ্বৰে পৰাই ভালেকেইগৰাকী জ্যেষ্ঠ নেতাই নেতৃত্বৰ বিৰোধ কৰি আহিছে। এক অৰ্থত ইয়াক বিৰোধ বুলি নকৈ ক’ব পাৰি দলৰ শীৰ্ষ নেতৃত্বক আইনা দেখুওৱা বুলি। কিন্তু তাৰ পাছতো দলৰ হাইকমাণ্ড যেন নাৰাজ নিজৰ দলৰ বাস্তৱৰ সৈতে মুখামুখি হ’বলৈ। ইটোৰ পাছত সিটো নিৰ্বাচনত পৰাজয়, দলীয় নেতৃত্বৰ কেজুৱেল প্ৰবৃত্তি তথা আভ্যন্তৰীণ গণতন্ত্ৰ ব্যাহত হোৱাৰ অভিযোগে দলটোৰ ভিতৰচ’ৰাত এতিয়া হাহাকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত দলটোৰ শীৰ্ষ নেতৃত্বই একপ্ৰকাৰ মুকলি অনাস্থা প্ৰকাশেৰে যেন নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে দলটোৰ প্ৰতি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?