--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০০২ চনত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত কোন দলৰ চৰকাৰ শাসনত আছিল? দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সমাজশাস্ত্ৰ বিষয়ত অহা এই প্ৰশ্নক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কথা পোহৰলৈ অহাৰ পাছতে এতিয়া এই সম্পৰ্কীয় ত্ৰুটি স্বীকাৰ কৰি লৈছে চিবিএছই-এ। চিবিএছই-এ অনুষ্ঠিত কৰা দ্বাদশ শ্ৰেণীৰ টাৰ্ম-১ পৰীক্ষাত এটা প্ৰশ্ন সোধা হৈছিল।

প্ৰশ্নটো আছিল, কোন চৰকাৰৰ দিনত ২০০২চনত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল?’ এই প্ৰশ্নৰ সৈতে চাৰিটা বিকল্প সংলগ্ন কৰি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিবলৈ দিয়া হৈছিল। বিকল্প চাৰিটা আছিল, কংগ্ৰেছ, বিজেপি, ডেম’ক্ৰেটিক, ৰিপাব্লিকান। এই প্ৰশ্নটোক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোনে কি উদ্দেশ্যত এনে অতি বিতৰ্কিত আৰু স্পৰ্শকাতৰ বিষয় এটাক লৈ প্ৰশ্ন উত্থাপন কৰিলে সেয়া চিন্তনীয় হৈ পৰিছে।

ইফালে, বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিবিএছই-এ। এই প্ৰশ্নটো অবাঞ্চিত বুলি অভিহিত কৰি দেশৰ আগশাৰীৰ শিক্ষা ব’ৰ্ডখনে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। টুইটযোগে চিবিএছই-এ কয়, দ্বাদশ শ্ৰেণীৰ টাৰ্ম-১ৰ পৰীক্ষাত সোগা এটা প্ৰশ্ন অবাঞ্চিত বুলি চিহ্নিত কৰা হৈছে। ই চিবিএছইৰ প্ৰশ্নকাকত সম্পৰ্কীয় নীতিৰ পৰিপন্থী এটা প্ৰশ্ন। চিবিএছই-এ এই ত্ৰুটি স্বীকাৰ কৰি লৈছে আৰু ইয়াৰ বাবে দায়বদ্ধ লোকক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক