--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০০২ চনত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত কোন দলৰ চৰকাৰ শাসনত আছিল? দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সমাজশাস্ত্ৰ বিষয়ত অহা এই প্ৰশ্নক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কথা পোহৰলৈ অহাৰ পাছতে এতিয়া এই সম্পৰ্কীয় ত্ৰুটি স্বীকাৰ কৰি লৈছে চিবিএছই-এ। চিবিএছই-এ অনুষ্ঠিত কৰা দ্বাদশ শ্ৰেণীৰ টাৰ্ম-১ পৰীক্ষাত এটা প্ৰশ্ন সোধা হৈছিল।

প্ৰশ্নটো আছিল, কোন চৰকাৰৰ দিনত ২০০২চনত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল?’ এই প্ৰশ্নৰ সৈতে চাৰিটা বিকল্প সংলগ্ন কৰি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিবলৈ দিয়া হৈছিল। বিকল্প চাৰিটা আছিল, কংগ্ৰেছ, বিজেপি, ডেম’ক্ৰেটিক, ৰিপাব্লিকান। এই প্ৰশ্নটোক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোনে কি উদ্দেশ্যত এনে অতি বিতৰ্কিত আৰু স্পৰ্শকাতৰ বিষয় এটাক লৈ প্ৰশ্ন উত্থাপন কৰিলে সেয়া চিন্তনীয় হৈ পৰিছে।

ইফালে, বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিবিএছই-এ। এই প্ৰশ্নটো অবাঞ্চিত বুলি অভিহিত কৰি দেশৰ আগশাৰীৰ শিক্ষা ব’ৰ্ডখনে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। টুইটযোগে চিবিএছই-এ কয়, দ্বাদশ শ্ৰেণীৰ টাৰ্ম-১ৰ পৰীক্ষাত সোগা এটা প্ৰশ্ন অবাঞ্চিত বুলি চিহ্নিত কৰা হৈছে। ই চিবিএছইৰ প্ৰশ্নকাকত সম্পৰ্কীয় নীতিৰ পৰিপন্থী এটা প্ৰশ্ন। চিবিএছই-এ এই ত্ৰুটি স্বীকাৰ কৰি লৈছে আৰু ইয়াৰ বাবে দায়বদ্ধ লোকক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?