--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডোত্তৰ ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে আত্মহত্যাৰ ঘটনা৷ পোহৰলৈ আহিছে এটাৰ পাছত আন এটা অন্ধকাৰ দিশ৷ সংসদৰ চলিত শীতকালীন অধিৱেশনত কালি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশত৷ ক’ভিড মহামাৰীৰ ফলত ২০২০ বৰ্ষত ভাৰতৰ কৃষিক্ষেত্ৰই সন্মুখীন হোৱা বিপৰ্যয়তকৈয়ো চলিত বৰ্ষত ব্যৱসায় ক্ষেত্ৰখনে সন্মুখীন হোৱা বিপৰ্যয় অধিকতৰ বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷ মঙলবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ১১,৭১৬গৰাকী ব্যৱসায়ীয়ে ‌২০২০ বৰ্ষত আত্মহত্যা কৰিছে৷ আত্মহত্যাৰ মূল কাৰণ ক’ভিডে বিপৰ্যস্ত কৰা ব্যৱসায় বুলি তথ্যত প্ৰকাশ পাইছে৷

ক’ভিডৰ পূৰ্বৰ সময়তকৈ ভাৰতত আত্মহত্যাৰ এই হাৰ ২৯%লৈ বৃদ্ধি পাইছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই প্ৰকাশ কৰা তথ্যত পোৱা গৈছে যে আত্মহত্যা কৰা ব্যৱসায়ীৰ সংখ্যাত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীৰ সংখ্যাই অধিক৷ আন এটি উদ্বেগজনক কথা এয়ে যে অসমতো বৃদ্ধি পাবলৈ লৈছে আত্মহত্যাৰ সংখ্যা৷ অসমত ৩২৪৩ গৰাকী লোকে ক'ভিডকালত আত্মহত্যা কৰিছে৷ অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীবোৰে দিকবিদিক হেৰুৱাই পেলাইছে৷ হাতৰ পৰা কৰ্মসংস্থাপন নোহোৱা হৈ যোৱাত তেওঁলোকে দুৰ্ভাগ্যজনকভাৱে বাচি লৈছে আত্মহত্যাৰ পথ৷ কিয়নো, ব্যৱসায়ীসকলক সকাহ দিবলৈ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ কোনো বিশেষ উদ্যোগ পৰিলক্ষিত হোৱা নাই৷ কেৱল মাত্ৰ এটা শ্ৰেণীৰ লোকক পাঁচ কেজিকৈ চাউল আৰু হিতাধিকাৰী সজাই চৰকাৰ চলাই গৈছে বিজেপিয়ে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই তেওঁলোকৰ অধ্যয়নত আত্মহত্যাৰ পৰিসংখ্যা অহা দুই-তিনিবছৰত আৰু বৃদ্ধি হ’ব আশংকা ব্যক্ত কৰিছে৷

উল্লেখযোগ্য যে, যোৱা বৰ্ষত বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছিল৷ ভাৰতকো চুই গৈছিল সেই ধুমুহাই৷ ভাৰতত এই পৰ্যন্ত ক’ভিডত প্ৰাণ হেৰুৱাইছে ৪ লাখ ৬৯ হাজাৰ ২৪৭ গৰাকী লোকে৷ সৰ্বস্বান্ত হৈছে কোটিৰো অধিক লোক৷ ক’ভিডসৃষ্ট পৰিস্থিতিত সংস্থাপন হেৰুৱাইছে ১২.২ কোটি ভাৰতীয়ই৷ পৰিসংখ্যা হিচাপত চাবলৈ গ’লে ৮০% ভাৰতীয় নাগৰিকে হেৰুৱাইছে তেওঁলোকৰ বৃত্তি (তথ্যঃ ফাৰ্ষ্টপোষ্ট, ২ ফেব্ৰুৱাৰী, ২০২১)৷ ক’ভিডৰ বাবে ভাৰতত প্ৰথমটো লকডাউন আৰম্ভ হৈছিল ২০২০ চনৰ ২৫ মাৰ্চত৷ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ লকডাউনত ঘৰতে আবদ্ধ হৈ পৰিছিল দেশবাসী৷ দেশৰ আগশাৰীৰ অৰ্থনীতিবিদ আৰু শুভচিন্তকে প্ৰধানমন্ত্ৰীৰ আকস্মিক লকডাউনত আশ্চৰ্য প্ৰকাশ কৰিছিল আৰু লকডাউনৰ ফলত সম্ভাৱ্য বিপৰ্যস্ত ভাৰত এখনৰ বিষয়ে উল্লেখ কৰিছিল৷ কিন্তু, সকলো পৰামৰ্শক নস্যাৎ কৰি আলোচনাৰ বাবে কোনো পৰিৱেশ নৰখাকৈয়ে অতি আকস্মিকভাৱে মোদীয়ে একক সিদ্ধান্তৰে লকডাউন ঘোষণা কৰিছিল৷

তাৰ পৰৱৰ্তী সময়ত উপৰ্যুপৰি লকডাউনে জোকাৰি গ'ল ভাৰতৰ সমাজ ব্যৱস্থাক৷ তচনচ হৈ পৰিল অৰ্থনীতি৷ বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে বিধ্বস্ত কৰা ভাৰতীয় অৰ্থনীতিক ক’ভিড মহামাৰীয়ে বহু বছৰলৈ পিছুৱাই লৈ গ'ল৷ যোৱা বৰ্ষত পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে কাম হেৰুওৱা শ্ৰমিকে খোজ কাঢ়িয়েই পাৰ হৈছিল দেশৰ ইপাৰ-সিপাৰ৷

ৰে’লৰ আলিত পৰি লৈছিল শ্ৰমিকৰ ৰুটীৰ টুকুৰা৷ বিৰোধী দলক অপ্ৰাসংগিক কৰি তুলিব খোজা মানসিকতা আৰু পুঁজিপতিৰ তুষ্টিকৰণত ব্যস্ত থকা কেন্দ্ৰস্থ চৰকাৰখনৰ দেশৰ নাগৰিকৰ প্ৰতি কোনো দায়বদ্ধতা দেখিবলৈ পোৱা নগ’ল৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অৰ্থনৈতিক পেকেজ ঘোষণা কৰিলে৷ পেকেজ মাথোঁ ঘোষণাতেই ৰ'ল৷ বাস্তৱত ভোকে দহিলে জনতাক৷ ঋণ লৈ ঘৰ চলাবলগীয়া পৰ্যায় আহি পৰিল নাগৰিকৰ৷ আকৌ, ঋণ লৈ ঋণ পৰিশোধ কৰিবলৈও হাতৰ পৰা ক'ভিডে কাঢ়ি নিলে সংস্থাপন৷ ক'ভিড আৰু চৰকাৰে ভুলভাৱে প্ৰয়োগ কৰা নীতিয়ে কাঢ়ি নিলে দুবেলাৰ দুমুঠি, নিশাৰ ঘুমটি৷ এতিয়া ভাল দিনলৈ বাট চাই চাই প্ৰমাদ গণিছে ভাৰতৰ ১৩০ কোটি জনগণে৷

আৰু পঢ়কঃ তৰুণ প্ৰজন্মত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদ! আঁৰত কি কাৰণ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই