--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডোত্তৰ ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে আত্মহত্যাৰ ঘটনা৷ পোহৰলৈ আহিছে এটাৰ পাছত আন এটা অন্ধকাৰ দিশ৷ সংসদৰ চলিত শীতকালীন অধিৱেশনত কালি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশত৷ ক’ভিড মহামাৰীৰ ফলত ২০২০ বৰ্ষত ভাৰতৰ কৃষিক্ষেত্ৰই সন্মুখীন হোৱা বিপৰ্যয়তকৈয়ো চলিত বৰ্ষত ব্যৱসায় ক্ষেত্ৰখনে সন্মুখীন হোৱা বিপৰ্যয় অধিকতৰ বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷ মঙলবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ১১,৭১৬গৰাকী ব্যৱসায়ীয়ে ‌২০২০ বৰ্ষত আত্মহত্যা কৰিছে৷ আত্মহত্যাৰ মূল কাৰণ ক’ভিডে বিপৰ্যস্ত কৰা ব্যৱসায় বুলি তথ্যত প্ৰকাশ পাইছে৷

ক’ভিডৰ পূৰ্বৰ সময়তকৈ ভাৰতত আত্মহত্যাৰ এই হাৰ ২৯%লৈ বৃদ্ধি পাইছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই প্ৰকাশ কৰা তথ্যত পোৱা গৈছে যে আত্মহত্যা কৰা ব্যৱসায়ীৰ সংখ্যাত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীৰ সংখ্যাই অধিক৷ আন এটি উদ্বেগজনক কথা এয়ে যে অসমতো বৃদ্ধি পাবলৈ লৈছে আত্মহত্যাৰ সংখ্যা৷ অসমত ৩২৪৩ গৰাকী লোকে ক'ভিডকালত আত্মহত্যা কৰিছে৷ অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীবোৰে দিকবিদিক হেৰুৱাই পেলাইছে৷ হাতৰ পৰা কৰ্মসংস্থাপন নোহোৱা হৈ যোৱাত তেওঁলোকে দুৰ্ভাগ্যজনকভাৱে বাচি লৈছে আত্মহত্যাৰ পথ৷ কিয়নো, ব্যৱসায়ীসকলক সকাহ দিবলৈ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ কোনো বিশেষ উদ্যোগ পৰিলক্ষিত হোৱা নাই৷ কেৱল মাত্ৰ এটা শ্ৰেণীৰ লোকক পাঁচ কেজিকৈ চাউল আৰু হিতাধিকাৰী সজাই চৰকাৰ চলাই গৈছে বিজেপিয়ে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই তেওঁলোকৰ অধ্যয়নত আত্মহত্যাৰ পৰিসংখ্যা অহা দুই-তিনিবছৰত আৰু বৃদ্ধি হ’ব আশংকা ব্যক্ত কৰিছে৷

উল্লেখযোগ্য যে, যোৱা বৰ্ষত বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছিল৷ ভাৰতকো চুই গৈছিল সেই ধুমুহাই৷ ভাৰতত এই পৰ্যন্ত ক’ভিডত প্ৰাণ হেৰুৱাইছে ৪ লাখ ৬৯ হাজাৰ ২৪৭ গৰাকী লোকে৷ সৰ্বস্বান্ত হৈছে কোটিৰো অধিক লোক৷ ক’ভিডসৃষ্ট পৰিস্থিতিত সংস্থাপন হেৰুৱাইছে ১২.২ কোটি ভাৰতীয়ই৷ পৰিসংখ্যা হিচাপত চাবলৈ গ’লে ৮০% ভাৰতীয় নাগৰিকে হেৰুৱাইছে তেওঁলোকৰ বৃত্তি (তথ্যঃ ফাৰ্ষ্টপোষ্ট, ২ ফেব্ৰুৱাৰী, ২০২১)৷ ক’ভিডৰ বাবে ভাৰতত প্ৰথমটো লকডাউন আৰম্ভ হৈছিল ২০২০ চনৰ ২৫ মাৰ্চত৷ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ লকডাউনত ঘৰতে আবদ্ধ হৈ পৰিছিল দেশবাসী৷ দেশৰ আগশাৰীৰ অৰ্থনীতিবিদ আৰু শুভচিন্তকে প্ৰধানমন্ত্ৰীৰ আকস্মিক লকডাউনত আশ্চৰ্য প্ৰকাশ কৰিছিল আৰু লকডাউনৰ ফলত সম্ভাৱ্য বিপৰ্যস্ত ভাৰত এখনৰ বিষয়ে উল্লেখ কৰিছিল৷ কিন্তু, সকলো পৰামৰ্শক নস্যাৎ কৰি আলোচনাৰ বাবে কোনো পৰিৱেশ নৰখাকৈয়ে অতি আকস্মিকভাৱে মোদীয়ে একক সিদ্ধান্তৰে লকডাউন ঘোষণা কৰিছিল৷

তাৰ পৰৱৰ্তী সময়ত উপৰ্যুপৰি লকডাউনে জোকাৰি গ'ল ভাৰতৰ সমাজ ব্যৱস্থাক৷ তচনচ হৈ পৰিল অৰ্থনীতি৷ বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে বিধ্বস্ত কৰা ভাৰতীয় অৰ্থনীতিক ক’ভিড মহামাৰীয়ে বহু বছৰলৈ পিছুৱাই লৈ গ'ল৷ যোৱা বৰ্ষত পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে কাম হেৰুওৱা শ্ৰমিকে খোজ কাঢ়িয়েই পাৰ হৈছিল দেশৰ ইপাৰ-সিপাৰ৷

ৰে’লৰ আলিত পৰি লৈছিল শ্ৰমিকৰ ৰুটীৰ টুকুৰা৷ বিৰোধী দলক অপ্ৰাসংগিক কৰি তুলিব খোজা মানসিকতা আৰু পুঁজিপতিৰ তুষ্টিকৰণত ব্যস্ত থকা কেন্দ্ৰস্থ চৰকাৰখনৰ দেশৰ নাগৰিকৰ প্ৰতি কোনো দায়বদ্ধতা দেখিবলৈ পোৱা নগ’ল৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অৰ্থনৈতিক পেকেজ ঘোষণা কৰিলে৷ পেকেজ মাথোঁ ঘোষণাতেই ৰ'ল৷ বাস্তৱত ভোকে দহিলে জনতাক৷ ঋণ লৈ ঘৰ চলাবলগীয়া পৰ্যায় আহি পৰিল নাগৰিকৰ৷ আকৌ, ঋণ লৈ ঋণ পৰিশোধ কৰিবলৈও হাতৰ পৰা ক'ভিডে কাঢ়ি নিলে সংস্থাপন৷ ক'ভিড আৰু চৰকাৰে ভুলভাৱে প্ৰয়োগ কৰা নীতিয়ে কাঢ়ি নিলে দুবেলাৰ দুমুঠি, নিশাৰ ঘুমটি৷ এতিয়া ভাল দিনলৈ বাট চাই চাই প্ৰমাদ গণিছে ভাৰতৰ ১৩০ কোটি জনগণে৷

আৰু পঢ়কঃ তৰুণ প্ৰজন্মত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদ! আঁৰত কি কাৰণ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?