--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰাকুল প্ৰীত সিং আৰু বলীউডৰ প্ৰযোজক জেকি ভাগনানীৰ বিয়া।  ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব তেওঁলোক। বিয়ালৈ মাজত বেছিদিন নাই। সেয়ে বিবাহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। বিয়াখন গোৱাত অনুষ্ঠিত হ'ব। ৰাকুল-জেকিৰ বিয়াৰ আয়োজন   অলপ বেলেগধৰণে  কৰা হৈছে। সকলো আয়োজনেই  পৰিৱেশ অনুকূলভাৱে কৰা হৈছে। বিয়াৰ পূৰ্বৰ উদযাপন ইতিমধ্যে  আৰম্ভ হৈছে। ৰাকুল আৰু জেকিৰ বিয়াৰ কাৰ্ডখন শেহতীয়াকৈ ৰাজহুৱা হৈছে। 

ৰাকুল আৰু জেকিয়ে প্ৰথমে বিবাহৰ কাৰ্ড খন লৈ সিদ্ধিবিনায়ক মন্দিৰলৈ যায় । ৰাকুলে  গুলপীয়া চেলৱাৰ কামিজ পিন্ধিছিল, গুলপীয়া স্কার্ফৰ সৈতে। আনহাতে দৰাই পাঞ্জাৱী পিন্ধি আছিল। সিদ্ধিবিনায়কৰ আশীৰ্বাদ বিচাৰি দুয়ো বিবাহৰ কাৰ্ড লৈ প্ৰথমে মন্দিৰলৈ গৈছিল।


তেওঁলোকৰ  কেইবা বছৰ ধৰি প্ৰেম চলি আছে। অৱশ্যে ৰাকুল  প্ৰীত বা জেকীয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল।   তেওঁলোকে  ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে।২২  ফেব্ৰুৱাৰীত, মুম্বাইত বন্ধু আৰু চেলিব্ৰিটিসকলৰ বাবে এক অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰা হৈছে।  জেকি প্ৰযোজক বাশু ভাগনানীৰ পুত্ৰ। তেওঁলোকৰ প্ৰযোজনা প্ৰতিষ্ঠানটোৱে বহু হিট ছবি দৰ্শকক উপহাৰ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তেওঁলোকৰ বিয়াৰ  অতিথিৰ তালিকাত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement