--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এক সুখবৰ। ছিংগাপুৰস্থিত আগশাৰীৰ  প্ৰযোজনা প্ৰতিষ্ঠান আকাঙ্গা ফিল্ম এছিয়াই অসমৰ বিশিষ্ট ছবি  পৰিচালক ৰীমা দাসৰ আহিবলগীয়া "মালতী, মাই লাভ" ছবি খনৰ সৈতে জড়িত হ’ব।  ৰীমা দাস এতিয়া দেশ -বিদেশৰ এক পৰিচিত নাম হৈ পৰিছে।  আন্তঃৰাষ্ট্ৰীয়স্ৰত ৰীমা দাসে নিৰ্মাণ কৰা ছিৰ উচ্চ প্ৰশংসা হৈছে। পৰিচালকগৰাকী কেইখনমান উল্লেখযোগ্য ছবি হৈছে  "ভিলেজ ৰকষ্টাৰ্ছ" আৰু "তৰা’ছ হাছবেণ্ড  আদি । 

প্লেটফৰ্ম শিতানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এইখন প্ৰথম ভাৰতীয় ছবি আৰু টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ৰীমা দাসৰ একেৰাহে তৃতীয়খন ছবি।ৰীমা দা,ৰ নতুন ছবি  'মালতী, মাই লাভ'ৰ    দৃশ্যগ্ৰহণ ২০২৫ চনৰ ভিতৰত হ'ব। ছবি খনৰ প্ৰযোজনাত ৰীমা  দাসৰ উপৰি আকাঙ্গাৰ মুৰব্বী ফ্ৰান বৰগিয়ানে সহযোগ কৰিব। ছবি খনৰ কাহিনী  অপূৰ্ব আৰু মালতীৰ অটল প্ৰেমৰ কথাৰে আৰম্ভ হ’ব। পাকচক্ৰ পৰি  অপূৰ্বৰ কাৰাবাস হয়আৰু  মালতী সমাজৰ বাবে  অভিশপ্ত হৈ পৰে।

এসময়ত অপূৰ্বৰ সৈতে কটোৱা মধুৰ সময়বোৰ পুনৰ ঘূৰাই পাবলৈ  সংকল্পবদ্ধ হৈ মালতীয়ে সামাজিক বিচাৰ আৰু নাৰীত্বৰ এক বিশেষ  পথ তৈয়াৰ কৰিবলৈ সমৰ্থ হয়। ছবি খনৰ কাহিনীভাগ এনেদৰেই আগবঢ়িব বুলি জানিব পৰা গৈছে।নিজৰ আহিবলগীয়া ছবি খনৰ বিষয়ে ৰীমা দাসে কয় " মোৰ আগৰ ছবিবোৰৰ বিপৰীতে, 'মালতী, মাই লাভ' হৈছে এক ভিন্নধৰণৰ সৃষ্টি,  ছবি খনে  আৱেগবোৰ জটিলতাবোৰ  উন্মোচন কৰিব। 'মালতী, মাই লাভ ’ প্ৰেম আৰু ব্যাকুলতাৰ এক কাহিনী আৰু ছবি খনে  অসমৰ পটভূমিত নাৰীত্বৰ সাৰাংশক প্ৰতিনিধিত্ব কৰিব," । 

ছবি খনৰ বিষয়ে স্পেইনৰ বিশিষ্ট প্ৰযোজক বৰগিয়াই কয়  " আমি বহু বছৰ ধৰি ৰীমাৰ কামবোৰ অনুসৰণ কৰি আহিছো, আৰু অত্যন্ত আনন্দৰ সৈতে কওঁ যে আমি তেওঁৰ নতুন ছবি খনত  সহযোগিতা কৰিম। ৰীমাৰ  ভাৰতৰ পৰা অহা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে অতি অনন্য হিচাবে বিবেচিত হৈছে," । আকাঙ্গাই শেহতীয়াকৈ ভাৰতৰ সৈতে আন দুখন ছবিৰো  সহ-প্ৰযোজনা কৰিব বুলি  ঘোষণা কৰিছে। ছবি দুখন হৈছে  আকাশ ছাব্ৰাৰ  "আই উইল স্মাইল ইন ছেপ্টেম্বৰ" আৰু দেয়ালী মুখাৰ্জীৰ "নতুন গুড়"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী