--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এক সুখবৰ। ছিংগাপুৰস্থিত আগশাৰীৰ  প্ৰযোজনা প্ৰতিষ্ঠান আকাঙ্গা ফিল্ম এছিয়াই অসমৰ বিশিষ্ট ছবি  পৰিচালক ৰীমা দাসৰ আহিবলগীয়া "মালতী, মাই লাভ" ছবি খনৰ সৈতে জড়িত হ’ব।  ৰীমা দাস এতিয়া দেশ -বিদেশৰ এক পৰিচিত নাম হৈ পৰিছে।  আন্তঃৰাষ্ট্ৰীয়স্ৰত ৰীমা দাসে নিৰ্মাণ কৰা ছিৰ উচ্চ প্ৰশংসা হৈছে। পৰিচালকগৰাকী কেইখনমান উল্লেখযোগ্য ছবি হৈছে  "ভিলেজ ৰকষ্টাৰ্ছ" আৰু "তৰা’ছ হাছবেণ্ড  আদি । 

প্লেটফৰ্ম শিতানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এইখন প্ৰথম ভাৰতীয় ছবি আৰু টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ৰীমা দাসৰ একেৰাহে তৃতীয়খন ছবি।ৰীমা দা,ৰ নতুন ছবি  'মালতী, মাই লাভ'ৰ    দৃশ্যগ্ৰহণ ২০২৫ চনৰ ভিতৰত হ'ব। ছবি খনৰ প্ৰযোজনাত ৰীমা  দাসৰ উপৰি আকাঙ্গাৰ মুৰব্বী ফ্ৰান বৰগিয়ানে সহযোগ কৰিব। ছবি খনৰ কাহিনী  অপূৰ্ব আৰু মালতীৰ অটল প্ৰেমৰ কথাৰে আৰম্ভ হ’ব। পাকচক্ৰ পৰি  অপূৰ্বৰ কাৰাবাস হয়আৰু  মালতী সমাজৰ বাবে  অভিশপ্ত হৈ পৰে।

এসময়ত অপূৰ্বৰ সৈতে কটোৱা মধুৰ সময়বোৰ পুনৰ ঘূৰাই পাবলৈ  সংকল্পবদ্ধ হৈ মালতীয়ে সামাজিক বিচাৰ আৰু নাৰীত্বৰ এক বিশেষ  পথ তৈয়াৰ কৰিবলৈ সমৰ্থ হয়। ছবি খনৰ কাহিনীভাগ এনেদৰেই আগবঢ়িব বুলি জানিব পৰা গৈছে।নিজৰ আহিবলগীয়া ছবি খনৰ বিষয়ে ৰীমা দাসে কয় " মোৰ আগৰ ছবিবোৰৰ বিপৰীতে, 'মালতী, মাই লাভ' হৈছে এক ভিন্নধৰণৰ সৃষ্টি,  ছবি খনে  আৱেগবোৰ জটিলতাবোৰ  উন্মোচন কৰিব। 'মালতী, মাই লাভ ’ প্ৰেম আৰু ব্যাকুলতাৰ এক কাহিনী আৰু ছবি খনে  অসমৰ পটভূমিত নাৰীত্বৰ সাৰাংশক প্ৰতিনিধিত্ব কৰিব," । 

ছবি খনৰ বিষয়ে স্পেইনৰ বিশিষ্ট প্ৰযোজক বৰগিয়াই কয়  " আমি বহু বছৰ ধৰি ৰীমাৰ কামবোৰ অনুসৰণ কৰি আহিছো, আৰু অত্যন্ত আনন্দৰ সৈতে কওঁ যে আমি তেওঁৰ নতুন ছবি খনত  সহযোগিতা কৰিম। ৰীমাৰ  ভাৰতৰ পৰা অহা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে অতি অনন্য হিচাবে বিবেচিত হৈছে," । আকাঙ্গাই শেহতীয়াকৈ ভাৰতৰ সৈতে আন দুখন ছবিৰো  সহ-প্ৰযোজনা কৰিব বুলি  ঘোষণা কৰিছে। ছবি দুখন হৈছে  আকাশ ছাব্ৰাৰ  "আই উইল স্মাইল ইন ছেপ্টেম্বৰ" আৰু দেয়ালী মুখাৰ্জীৰ "নতুন গুড়"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু