--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ অযোধ্যাত এতিয়া তীব্ৰ ব্যস্ততা৷ ইতিমধ্যে কালিৰ পৰাই আৰম্ভ হৈছে প্ৰাণ প্ৰতিষ্ঠা বিভিন্ন পৰ্ব৷ 

আজি ৰাম মন্দিৰৰ গৰ্ভগৃহত পূজা-অৰ্চনা নিৰ্মোহী আখাৰাৰ৷ পূজা-অৰ্চনাৰ পাছতেই অযোধ্যাত চলিল মহিলাৰ কলহ যাত্ৰা৷ আজি এক বিশেষভাৱে সজ্জিত ট্ৰাকত তুলি মন্দিৰ পৰিভ্ৰমণ ৰামলালাৰ নৱনিৰ্মিত মূৰ্তিৰ৷ 

ইপিনে অযোধ্যাৰ নৱনিৰ্মিত বিমান বন্দৰলৈ আজিৰে পৰা আৰম্ভ হৈছে কলকাতা আৰু বেংগালুৰুৰ পৰা বিমান সেৱা৷ মন্দিৰ মুকলিৰ প্ৰাকক্ষণত হ’ব পৰা ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত মোতায়েন কৰা হৈছে গোৰখপুৰ আৰু ৰায়বৰেলী এইমছৰ বহুসংখ্যক চিকিৎসকক৷ ইপিনে এতিয়াও ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই বুলি সূত্ৰপাত ঘটা বিতৰ্কৰ পাছত মুখ্য মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ বুলি দাবী কৰিছে ৰাম মন্দিৰ নিৰ্মাণ কমিটীয়ে৷ 

আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ পূৰ্বে সৰযু নদীৰ তীৰত আয়োজন কৰা হয় পূজা-পাঠ৷ সৰযুৰ পানীৰে স্নান কৰোৱা হয় ৰামলালাৰ নৱনিৰ্মিত মূৰ্তিক৷ ২০ জানুৱাৰীৰ পৰা অযোধ্যাত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে৷ কেৰালাৰ গুৰুবায়ুৰ, ত্ৰিপ্ৰয়াৰ মন্দিৰত পূজা-অৰ্চনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ 

২২ জানুৱাৰীত অযোধ্যালৈ আহিব তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী৷ তাৰ বিপৰীতে অযোধ্যালৈ নহাৰ কথা সদৰী কৰিছে বিৰোধী নেতা শাৰদ পাৱাৰ আৰু লালুপ্ৰসাদ যাদৱে৷ বাৰানসীৰ পৰা ৰোলাৰ স্কেটিং কৰি অযোধ্যাত উপস্থিত হ’ব প্ৰখ্যাত কথক নৃত্যশিল্পী ছনী চৌৰাচিয়া৷ ২২ জানুৱাৰীত দেশৰ সকলো ৰে’ল ষ্টেচন উজলি উঠিব বাৰেৰহণীয়া আলোকসজ্জাৰে৷ 

তাৰমাজতে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান স্থগিত ৰখাৰ বাবে আদালতত আৱেদন একাংশৰ৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ৰাজনীতিকৰ ৰাম মন্দিৰত চাফাই অভিযান৷ অযোধ্যাৰ বিভিন্ন স্থানত ৰংগুলি অংকন৷ ইপিনে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ উপস্থিতিক লৈ কটাক্ষ বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমণিয়ন স্বামীৰ৷ এক টুইটযোগে বিজেপি নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী পত্নী অবিহনে কিদৰে সম্পন্ন কৰিব বুলি প্ৰশ্ন তোলাৰ লগতে শংকৰাচাৰ্য অনুপস্থিত থাকিবলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বিপৰীতে ৰাম নৱমীৰ দিনাই ৰামৰ প্ৰাৰ্থনা কৰিব বুলি আগবঢ়ায় তীৰ্যক মন্তব্য। 

ইপিনে, প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান বিসৰ্জন কৰাৰ হুংকাৰ দিয়া শংকৰাচাৰ্যসকলৰ ভিতৰত অন্যতম শংকৰাচাৰ্য অভিমুক্তেচৰানন্দ সৰস্বতীয়ে অৱশেষত সন্মতি প্ৰকাশ কৰিছে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাত উপস্থিত থকাৰ। ইতিপূৰ্বে ৰাম মন্দিৰৰ নিৰ্মাণ অসম্পূৰ্ণ বুলি প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান বৰ্জনৰ কথা ঘোষণা কৰিছিল শংকৰাচাৰ্যসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক