--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীত প্ৰবাহত স্তব্ধ হৈ পৰিছে উত্তৰ ভাৰতৰ কেইবা খনো ৰাজ্যৰ জনজীৱন৷ প্ৰচণ্ড শীত আৰু  কুঁৱলীয়ে ইতিমধ্যে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু কেই খন ৰাজ্যৰ জনজীৱন প্ৰভাৱান্বিত  কৰিছে।শীত আৰু কুঁৱলীৰ বাবে  বিমানৰ চলাচলৰ লগতে  ৰে'ল চলাচলো ব্যাহত হৈ পৰিছে৷ ফলত বহু যাত্ৰী  সমস্যাৰ সন্মুখীন হৈছে।

 বতৰ বিজ্ঞান  কাৰ্যালয়ে প্ৰকাশ কৰা মতে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কুঁৱলীৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে। ঘনৰ পৰা অতি ঘন কুঁৱলীয়ে উত্তৰ ভাৰতৰ বেছিভাগ অংশ আৱৰি ধৰিব পাৰে। পৰৱৰ্তী দুদিনৰ বাবে ঠাণ্ডাৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাত ঘন কুঁৱলী আৰু শীত প্ৰবাহৰ  পৰিস্থিতিৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। কুঁৱলী আৰু শীতৰ বাবে  বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে বুধবাৰ আৰু বৃহস্পতিবাৰৰ বাবে  দিল্লীত  কমলা সতৰ্কবাণী জাৰি কৰিছে। বুধবাৰে দিল্লীৰ তাপমাত্ৰা চাৰি ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়।


 দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থানৰ উত্তৰ অংশ আৰু মধ্য প্ৰদেশৰ উত্তৰ অংশত বিমান, ৰে’ল আৰু পথৰ যোগাযোগত বাধাৰ সৃষ্টি হৈছে৷ ঘন কুৱলীৰ বাবেই বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিমানেৰে অসমলৈ আহিব নোৱাৰিলে৷ বুধবাৰে পুৱা দিল্লীত দৃশ্যমানতা ৫০ মিটাৰলৈ হ্ৰাস পায়।  কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰত ২১ খন ঘৰুৱা বিমান আৰু তিনিখন আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণ কৰিব পৰা নগ’ল। নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ দিল্লী বিমানবন্দৰৰ পৰা প্ৰায় ১৬ খন ঘৰুৱা বিমান আৰু ১৩ খন আন্তঃৰাষ্ট্ৰীয় বিমানে  উৰা মাৰিছে । মঙলবাৰেও ১২০  খন বিমানে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ দিল্লীৰ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু