--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীত প্ৰবাহত স্তব্ধ হৈ পৰিছে উত্তৰ ভাৰতৰ কেইবা খনো ৰাজ্যৰ জনজীৱন৷ প্ৰচণ্ড শীত আৰু  কুঁৱলীয়ে ইতিমধ্যে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু কেই খন ৰাজ্যৰ জনজীৱন প্ৰভাৱান্বিত  কৰিছে।শীত আৰু কুঁৱলীৰ বাবে  বিমানৰ চলাচলৰ লগতে  ৰে'ল চলাচলো ব্যাহত হৈ পৰিছে৷ ফলত বহু যাত্ৰী  সমস্যাৰ সন্মুখীন হৈছে।

 বতৰ বিজ্ঞান  কাৰ্যালয়ে প্ৰকাশ কৰা মতে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কুঁৱলীৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে। ঘনৰ পৰা অতি ঘন কুঁৱলীয়ে উত্তৰ ভাৰতৰ বেছিভাগ অংশ আৱৰি ধৰিব পাৰে। পৰৱৰ্তী দুদিনৰ বাবে ঠাণ্ডাৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাত ঘন কুঁৱলী আৰু শীত প্ৰবাহৰ  পৰিস্থিতিৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। কুঁৱলী আৰু শীতৰ বাবে  বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে বুধবাৰ আৰু বৃহস্পতিবাৰৰ বাবে  দিল্লীত  কমলা সতৰ্কবাণী জাৰি কৰিছে। বুধবাৰে দিল্লীৰ তাপমাত্ৰা চাৰি ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়।


 দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থানৰ উত্তৰ অংশ আৰু মধ্য প্ৰদেশৰ উত্তৰ অংশত বিমান, ৰে’ল আৰু পথৰ যোগাযোগত বাধাৰ সৃষ্টি হৈছে৷ ঘন কুৱলীৰ বাবেই বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিমানেৰে অসমলৈ আহিব নোৱাৰিলে৷ বুধবাৰে পুৱা দিল্লীত দৃশ্যমানতা ৫০ মিটাৰলৈ হ্ৰাস পায়।  কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰত ২১ খন ঘৰুৱা বিমান আৰু তিনিখন আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণ কৰিব পৰা নগ’ল। নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ দিল্লী বিমানবন্দৰৰ পৰা প্ৰায় ১৬ খন ঘৰুৱা বিমান আৰু ১৩ খন আন্তঃৰাষ্ট্ৰীয় বিমানে  উৰা মাৰিছে । মঙলবাৰেও ১২০  খন বিমানে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ দিল্লীৰ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক