--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কালি কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা পদকৰ তালিকাত অসমৰ এই বিষয়া-জোৱানসকলে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু প্রশংসনীয় সেৱা পদক লাভ কৰে।

ডিজিটেল ডেস্ক: কৰ্তব্যত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে অসমৰ ২৫জনকৈ আৰক্ষী, গৃহৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ বিষয়া-জোৱানলৈ পদক আগবঢ়োৱা হৈছে। কালি কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা পদকৰ তালিকাত অসমৰ এই বিষয়া-জোৱানসকলে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু প্রশংসনীয় সেৱা পদক লাভ কৰে। 


তালিকা অনুসৰি অসম আৰক্ষীৰ মহাপৰিদৰ্শক ইমদাদুল হুছেইন বৰালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসমৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্লেটুন কমাণ্ডাৰ সমীৰণ দে' পুৰকায়স্থলৈয়ো এই বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। আনহাতে অসম আৰক্ষীৰ ১৪জন বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ প্ৰশংসনীয় সেৱা পদক আগবঢ়োৱা হৈছে। 


এই পদক লাভ কৰাসকল হ'ল আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, আৰক্ষী অধীক্ষক ড° চাদেক আলী আহমেদ, আৰক্ষী অধীক্ষক ৰিপুল দাস, আৰক্ষী অধীক্ষক নৱনীত মহন্ত, আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়া, উপ-আৰক্ষী অধীক্ষক অনিল মৰাণ, লেন্স নায়ক হেমধৰ বড়া, লেন্স নায়ক দিগন্ত কুমাৰ নাথ, পৰিদৰ্শক জগদীশ কলিতা, উপ-পৰিদৰ্শক পৰীক্ষিৎ উজীৰ, লেন্স নায়ক সুৰেশ বড়ো, লেন্স নায়ক হবিবুৰ ৰহমান, লেন্স নায়ক প্রসাদ তালুকদাৰ আৰু উপ-পৰিদৰ্শক পবীন চন্দ্র দাস। 


আনহাতে অগ্নিনির্বাপক বাহিনীৰ ছাব অফিচাৰ ভূৱন চন্দ্ৰ মালী আৰু লীডিং ফায়াৰমেন নন্দেশ্বৰ দাসৰ উপৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ উপ-নিয়ন্ত্রক জলেশ্বৰ ডেকা আৰু প্লেটুন কমাণ্ডাৰ চক্ৰধৰ বৰ্মনলৈ প্ৰশংসনীয় সেৱাৰ পদক আগবঢ়োৱা হৈছে। এইসকলৰ উপৰি কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত (চি আই এছ এফ) মহাপৰিদৰ্শক হিচাপে কৰ্মৰত অসম সন্তান নৱজ্যোতি গগৈলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু অসম ৰাইফলছত ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত অসম সন্তান দুৰ্গেশ্বৰ বড়ো, সীমা সুৰক্ষা বাহিনীত (বি এছ এফ) সহকাৰী উপ- পৰিদৰ্শক হিচাপে কৰ্মৰত অসম সন্তান ভূৱন ডেকা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত (চি আৰ পি এফ) মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মৰত অসম সন্তান ডাঃ বিজয় কুমাৰ বসুমতাৰী আৰু ৰে'ল সুৰক্ষা বাহিনীত (আৰ পি এফ) সহকাৰী কমাণ্ডেণ্ট হিচাপে কৰ্মৰত অসম সন্তান কল্যাণ দেউৰীলৈ প্রশংসনীয় সেৱা পদক আগবঢ়োৱা হৈছে। 


প্রণিধানযোগ্য যে এইবাৰ ১২৫জন আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু গৃহৰক্ষী বিষয়া- জোৱানলৈ ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ পদক, ১০১জন আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু গৃহৰক্ষী বিষয়া- জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু ৭৫৬জন আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু গৃহৰক্ষী বিষয়া-জোৱানলৈ প্রশংসনীয় সেৱা পদক আগবঢ়োৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'ভাৰতীয় অন্তৰীক্ষ ষ্টেছন'ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ
উৎকৃষ্ট সেৱাৰ বাবে অসমৰ ২৫জনলৈ ৰাষ্ট্ৰপতিৰ পদক
গণতন্ত্ৰ দিৱসত ইতিহাস ৰচনা: সঞ্জয় লীলা ভাঞ্চালীৰ ‘ভাৰত গাথা’ই মুহিলে দেশবাসীক
গৌৰৱৰ ক্ষণ; ১৫০ বছৰ সম্পূৰ্ণ হ’ল ‘বন্দে মাতৰম’ৰ, দেশজুৰি উদযাপন
আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস; এই দিৱসৰ তাৎপৰ্য জানো আহক
'গ্ৰন্থ কুটিৰ' মুকলি কৰি ৰাষ্ট্ৰপতিয়ে ল'লে অসমৰ প্ৰাচীন সাহিত্যৰ সুবাস, ৰাষ্ট্ৰপতি ভৱনত সাঁচিপতীয়া পুথি
'দায়িত্ব, সম্পৰ্ক, কামৰ পৰা কিছু সময় বিৰতি !' ইনষ্টাগ্ৰামত পোষ্ট দি কিয় ডিলিট কৰিলে নেহা কক্কৰে ?
নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ উদ্বেগজনক তথ্য, দেশত দৈনিক ৫০০টা শিশুৰ বিৰুদ্ধে অপৰাধ
ভাৰতত প্ৰতিবছৰে সংঘটিত হয় প্ৰায় ৪ লাখ ৬০ হাজাৰ পথ দুৰ্ঘটনা , প্ৰাণহানি ১ লাখ ৭২ হাজাৰ লোকৰ : পৰিমল শুক্লবৈদ্য
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকালত বিপদ সংকেত : জ্যোতিষীয় গণনাৰ বিস্ফোৰক তথ্য
শুকান তুলসীৰ লগত জড়িত এই ভুল পৰিহাৰ কৰক; বিসৰ্জনৰ নিয়ম জানি লওক
চলিত বর্ষত ৭.৩% হ'ব ভাৰতৰ জি ডি পি
কাকপথাৰৰ ডিৰাক সোণজান গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা
কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ, আবেদন দাখিলৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি