--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • কালি কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা পদকৰ তালিকাত অসমৰ এই বিষয়া-জোৱানসকলে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু প্রশংসনীয় সেৱা পদক লাভ কৰে।

ডিজিটেল ডেস্ক: কৰ্তব্যত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে অসমৰ ২৫জনকৈ আৰক্ষী, গৃহৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ বিষয়া-জোৱানলৈ পদক আগবঢ়োৱা হৈছে। কালি কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা পদকৰ তালিকাত অসমৰ এই বিষয়া-জোৱানসকলে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু প্রশংসনীয় সেৱা পদক লাভ কৰে। 


তালিকা অনুসৰি অসম আৰক্ষীৰ মহাপৰিদৰ্শক ইমদাদুল হুছেইন বৰালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসমৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্লেটুন কমাণ্ডাৰ সমীৰণ দে' পুৰকায়স্থলৈয়ো এই বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। আনহাতে অসম আৰক্ষীৰ ১৪জন বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ প্ৰশংসনীয় সেৱা পদক আগবঢ়োৱা হৈছে। 


এই পদক লাভ কৰাসকল হ'ল আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, আৰক্ষী অধীক্ষক ড° চাদেক আলী আহমেদ, আৰক্ষী অধীক্ষক ৰিপুল দাস, আৰক্ষী অধীক্ষক নৱনীত মহন্ত, আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়া, উপ-আৰক্ষী অধীক্ষক অনিল মৰাণ, লেন্স নায়ক হেমধৰ বড়া, লেন্স নায়ক দিগন্ত কুমাৰ নাথ, পৰিদৰ্শক জগদীশ কলিতা, উপ-পৰিদৰ্শক পৰীক্ষিৎ উজীৰ, লেন্স নায়ক সুৰেশ বড়ো, লেন্স নায়ক হবিবুৰ ৰহমান, লেন্স নায়ক প্রসাদ তালুকদাৰ আৰু উপ-পৰিদৰ্শক পবীন চন্দ্র দাস। 


আনহাতে অগ্নিনির্বাপক বাহিনীৰ ছাব অফিচাৰ ভূৱন চন্দ্ৰ মালী আৰু লীডিং ফায়াৰমেন নন্দেশ্বৰ দাসৰ উপৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ উপ-নিয়ন্ত্রক জলেশ্বৰ ডেকা আৰু প্লেটুন কমাণ্ডাৰ চক্ৰধৰ বৰ্মনলৈ প্ৰশংসনীয় সেৱাৰ পদক আগবঢ়োৱা হৈছে। এইসকলৰ উপৰি কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত (চি আই এছ এফ) মহাপৰিদৰ্শক হিচাপে কৰ্মৰত অসম সন্তান নৱজ্যোতি গগৈলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু অসম ৰাইফলছত ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত অসম সন্তান দুৰ্গেশ্বৰ বড়ো, সীমা সুৰক্ষা বাহিনীত (বি এছ এফ) সহকাৰী উপ- পৰিদৰ্শক হিচাপে কৰ্মৰত অসম সন্তান ভূৱন ডেকা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত (চি আৰ পি এফ) মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মৰত অসম সন্তান ডাঃ বিজয় কুমাৰ বসুমতাৰী আৰু ৰে'ল সুৰক্ষা বাহিনীত (আৰ পি এফ) সহকাৰী কমাণ্ডেণ্ট হিচাপে কৰ্মৰত অসম সন্তান কল্যাণ দেউৰীলৈ প্রশংসনীয় সেৱা পদক আগবঢ়োৱা হৈছে। 


প্রণিধানযোগ্য যে এইবাৰ ১২৫জন আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু গৃহৰক্ষী বিষয়া- জোৱানলৈ ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ পদক, ১০১জন আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু গৃহৰক্ষী বিষয়া- জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু ৭৫৬জন আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু গৃহৰক্ষী বিষয়া-জোৱানলৈ প্রশংসনীয় সেৱা পদক আগবঢ়োৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement