--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই ২৫ লাখ ডলাৰৰ দাবীত ভাবুকিপূৰ্ণ মেইল ​​লাভ কৰিছে। আৰক্ষী সূত্ৰৰ মতে, কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু ৰাজ্যৰ কেইবাজনো মন্ত্ৰীয়েও এই ভাবুকিপূৰ্ণ মেইল ​​লাভ কৰিছে।

আৰক্ষীৰ মতে, Shahidkhan10786@protonmail.com - এই ইমেইলেৰে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ কেইবাজনো মন্ত্ৰীলৈ ভাবুকিমূলক বাৰ্তা প্ৰেৰণ কৰা হয়। ইমেইলটোত কোৱা হৈছে - ''যদি ২৫ লাখ ডলাৰ নিদিয়ে তেন্তে সমগ্ৰ ৰাজ্যৰ ৰে’ল, বাছ, মন্দিৰ, হোটেল আৰু সকলো জনবসতিপূৰ্ণ অঞ্চলত বোমা বিস্ফোৰণ হ’ব।’’

ইমেইলটোত আৰু লিখা আছিল, “আমি আপোনাৰ চিনেমাৰ আৰু ট্ৰেইলাৰ দেখুৱাব বিচাৰো। কেইঘণ্টামানৰ পিছতে আমবাৰী উৎসৱ বাছত বিস্ফোৰণ ঘটিব। ইয়াৰ পিছত আমি ছচিয়েল মিডিয়াত আমাৰ দাবী উত্থাপন কৰিম। ইয়াৰ পিছত আমি তালৈ পঠোৱা ইমেইল বাৰ্তাৰ স্ক্ৰীণশ্বটটোও অন্তৰ্ভুক্ত কৰিম। আমি পৰৱৰ্তী বিস্ফোৰণৰ বিষয়ে এক্সৰ জৰিয়তে ৰিপৰ্ট কৰিম।" 

এই ভাবুকিপূৰ্ণ মেইল ​​পোৱাৰ পিছত ৰাজ্য প্ৰশাসনত হুলস্থুলৰ সৃষ্টি হয়। বেংগালুৰু আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক