--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰৰ  কাহিনী বহুতে জানে। গ্ৰেটাৰ নয়দাৰ শচীন মীনাৰ প্ৰেমত পৰাৰ পাছত বিগত বৰ্ষৰ মে’ মাহত পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতলৈ আহিছিল সীমা। ইয়াৰ পাছত সীমাই শচীনৰ লগত সুখেৰে জীয়াই আছে। সীমাৰ প্ৰাক্তন স্বামী গুলাম হাইদৰে এইবাৰ জাননী প্ৰেৰণ কৰিছে যে মীনা দম্পতীয়ে ক্ষতিপূৰণ হিচাপে তিনি কোটি টকা দিব লাগিব। জাননীখনত কোৱা হৈছে যে এমাহৰ ভিতৰত শচীন আৰু সীমাই ‘ক্ষমা খুজিব’ লাগিব। ইয়াৰ লগতে ভাৰতীয় মুদ্ৰাত তিনি কোটি টকা দিব লাগে। যদি নিদিয়ে তেন্তে গুলামে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিছে।


সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গোলামৰ হৈ মীনা দম্পতীলৈ অধিবক্তা আলী মমিনে জাননী প্ৰেৰণ কৰিছে। সীমা পাকিস্তানৰ পৰা চাৰিটা সন্তান লৈ ভাৰতলৈ আহিছিল। গোলামে ল’ৰা-ছোৱালীকেইটাৰ তত্ত্বাৱধান পাবলৈ আইনী পথ লোৱাৰ সিদ্ধান্ত লয়। মীনা পৰিয়ালৰ সৈতে যোগাযোগ পাকিস্তানী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী আনছাৰ বাৰাণীৰ। আনছাৰে মামিনক ভাৰতৰ সকলো আইনী প্ৰক্ৰিয়া চলোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল। 


সীমাৰ সৈতে শচীনৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ২০১৯ চনৰ পৰা। অনলাইন গেম খেলি থাকোঁতে দুয়োজনে কথা পাতিছিল। বন্ধুত্বৰ বাহিৰেও দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল। লকডাউনৰ সময়ছোৱাত অনলাইনযোগে প্ৰেম কৰিছিল দুয়োৰে। পাছত দুয়ো একেলগে পৰিয়াল এটা গঢ়ি তোলাৰ সিদ্ধান্ত লয়। দুয়ো নেপাললৈ গ’ল। পশুপতিনাথ মন্দিৰলৈ গৈ বিবাহপাশত বান্ধ খালে। ইয়াৰ পাছত যোৱা বছৰৰ ১৩ মে’ত তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। গ্ৰেটাৰ নয়ডাৰ শচীনৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলে৷তথ্য লাভ কৰাৰ পিছতে যোৱা ৪ জুলাইত সীমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শচীন আৰু তেওঁৰ পিতৃকো আটক কৰি আৰক্ষীয়ে জেৰা কৰে। অবৈধ প্ৰৱেশৰ উপৰিও সীমাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগো উত্থাপন হৈছিল। ভুৱা নামৰ কাহিনীও পোহৰলৈ আহিল। আৰক্ষীৰ তদন্তত সীমাই বেনামীভাৱে নেপালত হোটেল বুকিং কৰা বুলি জানিব পৰা গৈছে।সেই সময়ত কিয় নাম সলনি কৰিলে বুলিও প্ৰশ্ন উত্থাপন হৈছিল। অৱশেষত সীমাক জেলৰ পৰা মুকলি কৰি দিয়া হ’ল। পাছত পুনৰ পোহৰলৈ আহিল সীমাৰ গৰ্ভধাৰণৰ খবৰ। গম পোৱা গ’ল যে সীমা শচীনৰ সন্তানৰ মাক হ’বলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু