--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰৰ  কাহিনী বহুতে জানে। গ্ৰেটাৰ নয়দাৰ শচীন মীনাৰ প্ৰেমত পৰাৰ পাছত বিগত বৰ্ষৰ মে’ মাহত পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতলৈ আহিছিল সীমা। ইয়াৰ পাছত সীমাই শচীনৰ লগত সুখেৰে জীয়াই আছে। সীমাৰ প্ৰাক্তন স্বামী গুলাম হাইদৰে এইবাৰ জাননী প্ৰেৰণ কৰিছে যে মীনা দম্পতীয়ে ক্ষতিপূৰণ হিচাপে তিনি কোটি টকা দিব লাগিব। জাননীখনত কোৱা হৈছে যে এমাহৰ ভিতৰত শচীন আৰু সীমাই ‘ক্ষমা খুজিব’ লাগিব। ইয়াৰ লগতে ভাৰতীয় মুদ্ৰাত তিনি কোটি টকা দিব লাগে। যদি নিদিয়ে তেন্তে গুলামে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিছে।


সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গোলামৰ হৈ মীনা দম্পতীলৈ অধিবক্তা আলী মমিনে জাননী প্ৰেৰণ কৰিছে। সীমা পাকিস্তানৰ পৰা চাৰিটা সন্তান লৈ ভাৰতলৈ আহিছিল। গোলামে ল’ৰা-ছোৱালীকেইটাৰ তত্ত্বাৱধান পাবলৈ আইনী পথ লোৱাৰ সিদ্ধান্ত লয়। মীনা পৰিয়ালৰ সৈতে যোগাযোগ পাকিস্তানী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী আনছাৰ বাৰাণীৰ। আনছাৰে মামিনক ভাৰতৰ সকলো আইনী প্ৰক্ৰিয়া চলোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল। 


সীমাৰ সৈতে শচীনৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ২০১৯ চনৰ পৰা। অনলাইন গেম খেলি থাকোঁতে দুয়োজনে কথা পাতিছিল। বন্ধুত্বৰ বাহিৰেও দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল। লকডাউনৰ সময়ছোৱাত অনলাইনযোগে প্ৰেম কৰিছিল দুয়োৰে। পাছত দুয়ো একেলগে পৰিয়াল এটা গঢ়ি তোলাৰ সিদ্ধান্ত লয়। দুয়ো নেপাললৈ গ’ল। পশুপতিনাথ মন্দিৰলৈ গৈ বিবাহপাশত বান্ধ খালে। ইয়াৰ পাছত যোৱা বছৰৰ ১৩ মে’ত তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। গ্ৰেটাৰ নয়ডাৰ শচীনৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলে৷তথ্য লাভ কৰাৰ পিছতে যোৱা ৪ জুলাইত সীমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শচীন আৰু তেওঁৰ পিতৃকো আটক কৰি আৰক্ষীয়ে জেৰা কৰে। অবৈধ প্ৰৱেশৰ উপৰিও সীমাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগো উত্থাপন হৈছিল। ভুৱা নামৰ কাহিনীও পোহৰলৈ আহিল। আৰক্ষীৰ তদন্তত সীমাই বেনামীভাৱে নেপালত হোটেল বুকিং কৰা বুলি জানিব পৰা গৈছে।সেই সময়ত কিয় নাম সলনি কৰিলে বুলিও প্ৰশ্ন উত্থাপন হৈছিল। অৱশেষত সীমাক জেলৰ পৰা মুকলি কৰি দিয়া হ’ল। পাছত পুনৰ পোহৰলৈ আহিল সীমাৰ গৰ্ভধাৰণৰ খবৰ। গম পোৱা গ’ল যে সীমা শচীনৰ সন্তানৰ মাক হ’বলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক