--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী গ্ৰুপৰ অধ্যক্ষ তথা ব্লুমবাৰ্গ বিলিয়নাৰ তালিকাৰ অনুসৰি বিশ্বৰ ১৮ নং ধনী উদ্যোগপতি গৌতম আদানীকে ধৰি সাতজন লোকৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত সৌৰ শক্তি লাভৰ বাবে ২৬৫ মিলিয়ন ডলাৰ (প্ৰায় ২২৫০ কোটি টকা) উৎকোচ দিয়া আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগকাৰীয়ে অভিযোগ কৰিছে যে গৌতম আদানীয়ে মিছা প্ৰৱঞ্চনাৰে আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল ৷

Adani News: Adani Group stocks plunge up to 20% after Gautam Adani's  indictment in US on bribery and fraud charges | India Business News - Times  of India

সেউজ শক্তিৰ চুক্তি লাভ কৰাৰ অভিযোগত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী আৰু আদানী গ্ৰীণৰ কাৰ্যবাহী সঞ্চালক সাগৰ আদানীৰ বিৰুদ্ধে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। সংবাদ মাধ্যম অনুসৰি গৌতম আদানীয়ে সেউজ শক্তিৰ চুক্তি লাভৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক প্ৰায় ২২৫০ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ ৰাজহুৱা অভিযোগকাৰীয়ে। আনহাতে, আমেৰিকাৰ অভিযোগকাৰীসকলে উত্থাপন কৰা অভিযোগ ৰাজহুৱা হোৱাৰ পিছত ইয়াৰ উত্তৰ জাৰি কৰিছে আদানি গ্ৰীনে। ইয়াত কোৱা হৈছে যে আমেৰিকাৰ ন্যায় বিভাগে দাখিল কৰা অপৰাধমূলক অভিযোগৰ পিছত আদানি গ্ৰুপৰ কোম্পানীসমূহে প্ৰস্তাৱিত ডলাৰ ব’ণ্ডৰ প্ৰস্তাৱ আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়। কিন্তু আদানি গ্ৰুপৰ সহযোগী কোম্পানীসমূহে ৫০৬৮ কোটি টকাৰ (ভাৰতীয় টকাত)মাৰ্কিন ডলাৰৰ বণ্ড জাৰি কৰাৰ প্ৰস্তাৱিত পৰিকল্পনা বাতিল কৰিছে। আদানী গ্ৰীণ এনাৰ্জীয়ে ষ্টক এক্সচেঞ্জত কৰা নিয়ন্ত্ৰণমূলক ফাইলিঙত এই তথ্য দিছে। কোম্পানীটোৱে জনোৱা মতে, আমেৰিকাৰ ন্যায় বিভাগ আৰু আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে কোম্পানীটোৰ ব’ৰ্ডৰ সদস্য গৌতম আদানী আৰু সাগৰ আদানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু এইবোৰ কথা মনত ৰাখি কোম্পানীটোৱে আমেৰিকান ডলাৰৰ ব’ণ্ড জাৰি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Gautam Adani to Overhaul Family Offices to Bring Transparency in  Operations: Report

গৌতম আদানীকে ধৰি কোম্পানীটোৰ সৈতে জড়িত সাতজন লোকৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ বাবে আদানী সেউজ শক্তিকে ধৰি ষ্টক এক্সচেঞ্জত তালিকাভুক্ত ১০টা আদানী কোম্পানীৰে শ্বেয়াৰ ২০ শতাংশ পৰ্যন্ত তীব্ৰ হ্ৰাস পাইছে। আদানী সেউজ শক্তিৰ অংশ ১৮ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে আদানি এণ্টাৰপ্ৰাইজে ২১ শতাংশ, আদানী বন্দৰ ২০ শতাংশ হ্ৰাস পোৱাৰ লগতে আদানি এনাৰ্জি ছলিউচনৰ অংশও ২০ শতাংশ হ্ৰাস পোৱা দেখা গৈছে।

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পুনৰ ক্ষোভ প্ৰকাশ কৰে ব্যৱসায়ী গৌতম আদানীৰ ওপৰত। আমেৰিকাত উৎকোচ কেলেংকাৰী সন্দৰ্ভত বিতৰ্কত লিপ্ত হোৱা গৌতম আদানীৰ সন্দৰ্ভত ৰাহুলে কয় যে ‘আমেৰিকাৰ এজেন্সীয়ে তেওঁক  হাতে-লুটে ধৰিছে, কিন্তু ভাৰতত তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। গ্ৰেপ্তাৰ কৰিব লাগে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক আদানীৰ সৈতে গোপন বুজাবুজি কৰাৰ অভিযোগ উত্থাপন কৰে।’

ৰাহুল গান্ধীয়ে কয় যে ‘আমি মনে মনে বহি নাথাকো। সংসদতো এই বিষয়টো উত্থাপন কৰিম। আমিও জানো যে বিজেপি চৰকাৰে আদানীক বচাব। আমেৰিকাৰ তদন্তকাৰী সংস্থাটোৱে কয় যে আদানীয়ে ২ হাজাৰ কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে, তথাপিও তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এতিয়া আদানী কিয় জেলত নাই কিয়? আদানীক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত যুটীয়া সংসদীয় সমিতিৰ (জেপিচি)য়ে কৰিব লাগে।’

আদানীৰ লগতে ৰাহুল গান্ধীয়ে সংবাদমেলত মাধৱী ব’চৰ নামো লয়। তেওঁ মাধৱী ব’চৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে। ৰাহুল গান্ধীয়ে কয়,‘মাধৱী ব’চক পদৰ পৰা অপসাৰণ কৰিব লাগে। তেওঁ আদানিক বচাই আছে। মাধৱী ব’চৰো তদন্ত হ’ব লাগে, তেওঁৰ স্বাৰ্থ আদানীৰ কোম্পানীৰ সৈতে জড়িত।’

ৰাহুল গান্ধীয়ে কয় যে যেতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৌতম আদানী একত্ৰিত হৈ আছে তেতিয়ালৈকে তেওঁলোক সুৰক্ষিত। তেওঁ কয়, আমি জানো যে চৰকাৰে আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, কাৰণ আদানী জে’ললৈ গ’লে প্ৰধানমন্ত্ৰী মোদীও যাব। বিজেপিৰ পুঁজি আদানীৰ সৈতে জড়িত।’

সংবাদমেলত যেতিয়া ৰাহুল গান্ধীক সোধা হৈছিল, আদানীৰ প্ৰকল্প থকা কংগ্ৰেছ শাসিত ৰাজ্যসমূহত তেওঁ কি কৰিব... সকলোৰে তদন্ত কৰি প্ৰকল্পটো বাতিল কৰা হ’বনে? এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে ‘যদি এই ৰাজ্যসমূহৰ প্ৰকল্পসমূহ ভুল পদ্ধতিৰে চলি আছে তেন্তে সেইবোৰৰ তদন্ত কৰি বাতিল কৰিব লাগে। দোষীসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’




















FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ