--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ আমেৰিকাৰ ন্যায় বিভাগৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানীক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে, এই খবৰ এতিয়াও বাতৰিৰ শিৰোনাম। এতিয়া আদানী গ্ৰুপৰ আন এক তথ্য পোহৰলৈ আহিছে যিটো নেতিবাচক। কেনিয়া চৰকাৰে আদানি গ্ৰুপৰ সৈতে দেশৰ মূল বিমানবন্দৰৰ চুক্তি বাতিল কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও ৭৩৬ মিলিয়ন ডলাৰৰ প্ৰস্তাৱিত চুক্তিও বাতিল কৰা হৈছে।


কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে শুকুৰবাৰে কয় যে তেওঁ ক্ৰয় প্ৰক্ৰিয়া বাতিল কৰাৰ নিৰ্দেশ দিছে, যাৰ অধীনত দেশখনৰ মূল বিমানবন্দৰৰ নিয়ন্ত্ৰণ আদানি গ্ৰুপক দিয়াৰ চুক্তি আছিল । আমেৰিকাত কোম্পানীটোৰ প্ৰতিষ্ঠাপক গৌতম আদানীৰ বিৰুদ্ধে চলি থকা গোচৰ আৰু অভিযোগৰ বাবেই এনে হৈছে। ইয়াৰ উপৰিও উইলিয়াম ৰুটোৱে আদানী গ্ৰুপৰ সৈতে হোৱা আন এখন চুক্তি বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰা বুলিও কয়। ইয়াৰ অধীনত ৭৩৬ মিলিয়ন ডলাৰৰ ৩০ বছৰীয়া ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব চুক্তি বাতিল কৰা হৈছে যিটো যোৱা মাহত আদানি গ্ৰুপৰ এটা ইউনিটৰ সৈতে স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অধীনত আদানি কোম্পানীয়ে কেনিয়াত শক্তি সংবহন লাইন স্থাপনৰ কাম কৰিব লাগিছিল।

উইলিয়াম ৰুটোৱে কয়, ‘‘মই পৰিবহণ মন্ত্ৰালয়,শক্তি আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ৰ সৈতে আদানী গ্ৰুপৰ চলি থকা ক্ৰয় প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছো। এইটো মিত্ৰ দেশ আৰু তদন্তকাৰী সংস্থাৰ পৰা পোৱা তথ্যৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।’’

আমেৰিকাৰ তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে যে বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী আৰু আন সাতজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতৰ চৰকাৰী বিষয়াক ২৬৫ মিলিয়ন ডলাৰৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। একে সময়তে আদানী গ্ৰুপে সকলো অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰি সকলো আইনী সম্পদ ব্যৱহাৰ কৰিব বুলি কয়।

দেশত আদানী গ্ৰুপ আৰু ইয়াৰ স্বত্বাধিকাৰী গৌতম আদানীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ উত্থাপন হৈছিল। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সংসদত বিৰোধী নেতা ৰাহুল গান্ধীয়ে তেওঁৰ লগতে গৌতম আদানী আৰু শাসকীয় বিজেপিকো তীব্ৰ লক্ষ্য কৰি লয়। দুৰ্নীতিৰ অভিযোগক লৈ দেশত তীব্ৰ বক্তব্য আৰু সংবাদমেল অনুষ্ঠিত হৈছিল আৰু এই বিষয়টো এটা উত্তপ্ত প্ৰিয় বিষয় হৈয়েই ৰয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ