--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় তথ্য নিগমৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২৪ চনৰ তৃতীয় ত্ৰৈমাসিকত এপলে ভাৰতত ৪০ লাখ ইউনিটৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই ত্ৰৈমাসিকত এতিয়ালৈকে দেশৰ ভিতৰতে কোম্পানীটোৰ সফল ত্ৰৈমাসিক। এই বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগাইছে আইফোন ১৩ আৰু আইফোন ১৫ৰ বিক্ৰীয়ে। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক।

iPhone 16 Pro and iPhone 16 Pro Max - Apple (IN)

উল্লেখ্য যে ভাৰতীয় স্মাৰ্টফোনৰ সামগ্ৰিক বজাৰ ক্ৰমাণ্বয়ে ৫.৬ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা একেৰাহে পঞ্চম ত্ৰৈমাসিকৰ বাবে ইতিবাচক বৃদ্ধিৰ দিশটো আঙুলিয়াই দিয়া হৈছে। এই বৃদ্ধিত এপলে বহুখিনি অৰিহণা যোগাইছে আৰু কোম্পানীটোৱে ইয়াৰ আকৰ্ষণীয় পৰিসংখ্যাৰে শিৰোনাম দখল কৰিছে।

যদি আমি ভিভ’ৰ কথা কওঁ তেন্তে এই কোম্পানীটোৰ মুঠ বজাৰ অংশীদাৰিত্বৰ ১৫.৮ শতাংশ আছে, যাৰ বাবে ই শীৰ্ষত আছে। অৱশ্যে যোৱা বছৰৰ তুলনাত এই বছৰ অ’প’ৰ বিক্ৰী ৪০ শতাংশ বৃদ্ধি পাইছে। এই কাৰণেই এই ত্ৰৈমাসিকত ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ব্ৰেণ্ড হিচাপে পৰিগণিত হয়।

উল্লেখ্য যে এই বৃদ্ধিত মিড ৰেঞ্জ ফোনসমূহে ৪২ শতাংশ শ্বেয়াৰ লৈ আগবাঢ়ি আহিছে, যাৰ মূল্য ২০০ ডলাৰৰ পৰা ৪০০ ডলাৰৰ ভিতৰত। মিড ৰেঞ্জ ফোন ব্ৰেণ্ডৰ ক্ষেত্ৰত অ’প’ই আগৰণুৱা হোৱাৰ লগতে চেমচাং আৰু ভিভ’ৰ দৰে ব্ৰেণ্ডৰ স্থান হ্ৰাস পাইছে।

এপল আইফোন ১৫

প্ৰিমিয়াম স্মাৰ্টফোন ছেগমেণ্ট বজাৰত ৮৬ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বাবে এপলৰ আইফোন বিভিন্ন মডেলে বহুখিনি অৰিহণা যোগাইছে। ইয়াৰ ভিতৰত আছে আইফোন ১৩, আইফোন ১৪, আৰু আইফোন ১৫। একে সময়তে চেমচাঙৰ গেলাক্সি এছ ২৩ আৰু ৱানপ্লাছ ১২ৰ দৰে আন উচ্চ মডেলে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা স্পষ্ট যে ভাৰতীয়ৰ মাজত প্ৰিমিয়াম ছেগমেণ্টৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ইয়াৰ লগতে ৫জি স্মাৰ্টফোনৰ চাহিদাও লগে লগে বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু