--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৯ বছৰ ধৰি আৰক্ষীৰ জিম্মাত আছিল 'প্ৰভু হনুমান’। আদালতৰ নিৰ্দেশৰ পিছতেই মুকলি কৰি দিয়া হ’ল 'হনুমান’ক। পুৰণি ঠিকনালৈ উভতি আহিল প্ৰভু। বিহাৰৰ ভোজপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

১৯৯৪ চনৰ ২৯ মে’। ভোজপুৰৰ গুণ্ডী গাঁৱৰ শ্ৰীৰংগনাথ মন্দিৰৰ পৰা ভগৱান হনুমান আৰু সন্ত বৰবৰ স্বামীৰ অষ্টধাতু মূৰ্তি চুৰি হৈ যায়। মূৰ্তিটো চুৰি হোৱাৰ পিছতে মন্দিৰৰ তদানীন্তন পুৰোহিত দ্যানেশ্বৰ দ্বিবেদীয়ে এগৰাকী অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অষ্টধাতুৰ প্ৰতিমূৰ্তি উদ্ধাৰো কৰে। সেই সময়ৰ পৰাই দুই মূৰ্তিৰ নতুন ঠিকনা হৈ পৰিল আৰক্ষী থানা।

তাৰ পিছত ২৯ বছৰ পাৰ হৈ গ’ল। আইনী জটিলতাৰ বাবে এই মূৰ্তিটো মন্দিৰলৈ ঘূৰাই দিব পৰা নগ’ল। অৱশেষত বিহাৰ ষ্টেট ৰিলিজিয়াছ ট্ৰাষ্ট ব’ৰ্ডে পাটনা উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰি তেওঁলোকৰ হাতত মূৰ্তিটো গতাই দিয়ে। ২৯ বছৰ যুঁজি অৱশেষত বিএছআৰটিবিয়ে এই গোচৰত জয়লাভ কৰে। ইয়াৰ পিছতে আদালতে আৰক্ষীক নিৰ্দেশ দিয়ে বিএছআৰটিবিক মূৰ্তিসমূহ গতাই দিবলৈ।

আদালতৰ এই নিৰ্দেশৰ পিছতে অনুৰাগীসকলে উল্লাসৰ সৃষ্টি কৰে। 'ভগৱান হনুমান'ক পুনৰ মন্দিৰলৈ লৈ যোৱাৰ বাবে এক ভৱিষ্যৎ শোভাযাত্ৰাৰ আয়োজন কৰে। কৃষ্ণগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰজেশ সিঙে কয় যে থানাৰ পৰা মূৰ্তিসমূহ পুনৰ মন্দিৰলৈ লৈ যোৱাটো অতি আনন্দৰ বিষয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু