--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৯ বছৰ ধৰি আৰক্ষীৰ জিম্মাত আছিল 'প্ৰভু হনুমান’। আদালতৰ নিৰ্দেশৰ পিছতেই মুকলি কৰি দিয়া হ’ল 'হনুমান’ক। পুৰণি ঠিকনালৈ উভতি আহিল প্ৰভু। বিহাৰৰ ভোজপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

১৯৯৪ চনৰ ২৯ মে’। ভোজপুৰৰ গুণ্ডী গাঁৱৰ শ্ৰীৰংগনাথ মন্দিৰৰ পৰা ভগৱান হনুমান আৰু সন্ত বৰবৰ স্বামীৰ অষ্টধাতু মূৰ্তি চুৰি হৈ যায়। মূৰ্তিটো চুৰি হোৱাৰ পিছতে মন্দিৰৰ তদানীন্তন পুৰোহিত দ্যানেশ্বৰ দ্বিবেদীয়ে এগৰাকী অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অষ্টধাতুৰ প্ৰতিমূৰ্তি উদ্ধাৰো কৰে। সেই সময়ৰ পৰাই দুই মূৰ্তিৰ নতুন ঠিকনা হৈ পৰিল আৰক্ষী থানা।

তাৰ পিছত ২৯ বছৰ পাৰ হৈ গ’ল। আইনী জটিলতাৰ বাবে এই মূৰ্তিটো মন্দিৰলৈ ঘূৰাই দিব পৰা নগ’ল। অৱশেষত বিহাৰ ষ্টেট ৰিলিজিয়াছ ট্ৰাষ্ট ব’ৰ্ডে পাটনা উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰি তেওঁলোকৰ হাতত মূৰ্তিটো গতাই দিয়ে। ২৯ বছৰ যুঁজি অৱশেষত বিএছআৰটিবিয়ে এই গোচৰত জয়লাভ কৰে। ইয়াৰ পিছতে আদালতে আৰক্ষীক নিৰ্দেশ দিয়ে বিএছআৰটিবিক মূৰ্তিসমূহ গতাই দিবলৈ।

আদালতৰ এই নিৰ্দেশৰ পিছতে অনুৰাগীসকলে উল্লাসৰ সৃষ্টি কৰে। 'ভগৱান হনুমান'ক পুনৰ মন্দিৰলৈ লৈ যোৱাৰ বাবে এক ভৱিষ্যৎ শোভাযাত্ৰাৰ আয়োজন কৰে। কৃষ্ণগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰজেশ সিঙে কয় যে থানাৰ পৰা মূৰ্তিসমূহ পুনৰ মন্দিৰলৈ লৈ যোৱাটো অতি আনন্দৰ বিষয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক