--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথৰ গাড়ী চালকসকলে টোলটেক্স দিবলৈ এতিয়া আৰু টোলগেটত ৰৈ থাকিব নালাগিব। এই বিষয়ে আন এটা বিকল্প ব্যৱস্থা কৰা হ’ব। বাহনখনৰ পঞ্জীয়নৰ সময়ত পঞ্জীয়নভুক্ত নম্বৰটো বেংক একাউণ্টত সংলগ্ন কৰা হ’ব। তেনেদৰেই গাড়ীৰ মালিকৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব টোলৰ ধন।

কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰিছে। অতি সোনকালে দেশত টোল টেক্স সংগ্ৰহৰ পদ্ধতি সলনি হ’বলৈ গৈ আছে। বৰ্তমান সমগ্ৰ দেশতে FASTag টোল সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হৈছে। টেল গেটত টেক্স সংগ্ৰহৰ পৰিৱৰ্তে কেমেৰা ৰখা হ’ব। কেমেৰাত বাহনসমূহৰ নম্বৰ প্লেট স্কেন কৰি বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ টোল টেক্স সংগ্ৰহ কৰা হ’ব। এই কেমেৰাসমূহক অটোমেটিক নম্বৰ প্লেট ৰিডাৰ (এএনপিআৰ) কেমেৰা বুলি জনা যাব।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে দাবী কৰিছে যে এই কেমেৰা স্থাপন কৰিলে টোল প্লাজাত যান-বাহনৰ অপেক্ষাৰ সময়সীমা হ্ৰাস পাব। বৰ্তমান দেশত প্ৰায় ৯৭ শতাংশ টোল সংগ্ৰহ FASTag ৰ জৰিয়তে কৰা হৈছে, তথাপিও টোল প্লাজাবোৰত জাম হয়। গতিকে অতি সোনকালে কাৰ্যকৰী হ’ব এই প্ৰক্ৰিয়া।

গড়কাপ্তানী মন্ত্ৰালয়ে জনাইছে যে দেশৰ সকলো ঘাইপথৰ পৰা টোল প্লাজা আঁতৰোৱা হ’ব। টোল প্লাজাৰ ঠাইত এএনপিআৰ স্থাপন কৰা হ’ব, য’ত গাড়ীখনৰ নম্বৰ প্লেট পঢ়ি বেংক একাউণ্টৰ পৰা টোল টেক্স কৰ্তন কৰা হ’ব। ঘাইপথৰ প্ৰৱেশ আৰু প্ৰস্থান স্থানত কেমেৰা স্থাপন কৰা হ’ব। ব্যৱস্থাটোৱে নম্বৰ প্লেটৰ ছবিখন লৈ ঠিকনাৰ দূৰত্ব জানিব পাৰিব আৰু সেই অনুসৰি টোল টেক্স সংগ্ৰহ কৰা হ’ব।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ছেপ্টেম্বৰ মাহত কৈছিল যে চৰকাৰে এই বিষয়ত এটা পাইলট প্ৰজেক্ট চলাই আছে। এই ব্যৱস্থাৰ সুবিধা হ’ব যে যান-বাহনৰ পৰা দূৰত্বৰ ভিত্তিত টোল লোৱা হ’ব। গাডকাৰীৰ মতে এই নতুন প্ৰযুক্তিয়ে দুটা সুবিধা প্ৰদান কৰিব পাৰে – টোল বুথত যাতায়তৰ বাধাহীন গতি আৰু ব্যৱহাৰ অনুসৰি ধন পৰিশোধ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত