--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথৰ গাড়ী চালকসকলে টোলটেক্স দিবলৈ এতিয়া আৰু টোলগেটত ৰৈ থাকিব নালাগিব। এই বিষয়ে আন এটা বিকল্প ব্যৱস্থা কৰা হ’ব। বাহনখনৰ পঞ্জীয়নৰ সময়ত পঞ্জীয়নভুক্ত নম্বৰটো বেংক একাউণ্টত সংলগ্ন কৰা হ’ব। তেনেদৰেই গাড়ীৰ মালিকৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব টোলৰ ধন।

কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰিছে। অতি সোনকালে দেশত টোল টেক্স সংগ্ৰহৰ পদ্ধতি সলনি হ’বলৈ গৈ আছে। বৰ্তমান সমগ্ৰ দেশতে FASTag টোল সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হৈছে। টেল গেটত টেক্স সংগ্ৰহৰ পৰিৱৰ্তে কেমেৰা ৰখা হ’ব। কেমেৰাত বাহনসমূহৰ নম্বৰ প্লেট স্কেন কৰি বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ টোল টেক্স সংগ্ৰহ কৰা হ’ব। এই কেমেৰাসমূহক অটোমেটিক নম্বৰ প্লেট ৰিডাৰ (এএনপিআৰ) কেমেৰা বুলি জনা যাব।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে দাবী কৰিছে যে এই কেমেৰা স্থাপন কৰিলে টোল প্লাজাত যান-বাহনৰ অপেক্ষাৰ সময়সীমা হ্ৰাস পাব। বৰ্তমান দেশত প্ৰায় ৯৭ শতাংশ টোল সংগ্ৰহ FASTag ৰ জৰিয়তে কৰা হৈছে, তথাপিও টোল প্লাজাবোৰত জাম হয়। গতিকে অতি সোনকালে কাৰ্যকৰী হ’ব এই প্ৰক্ৰিয়া।

গড়কাপ্তানী মন্ত্ৰালয়ে জনাইছে যে দেশৰ সকলো ঘাইপথৰ পৰা টোল প্লাজা আঁতৰোৱা হ’ব। টোল প্লাজাৰ ঠাইত এএনপিআৰ স্থাপন কৰা হ’ব, য’ত গাড়ীখনৰ নম্বৰ প্লেট পঢ়ি বেংক একাউণ্টৰ পৰা টোল টেক্স কৰ্তন কৰা হ’ব। ঘাইপথৰ প্ৰৱেশ আৰু প্ৰস্থান স্থানত কেমেৰা স্থাপন কৰা হ’ব। ব্যৱস্থাটোৱে নম্বৰ প্লেটৰ ছবিখন লৈ ঠিকনাৰ দূৰত্ব জানিব পাৰিব আৰু সেই অনুসৰি টোল টেক্স সংগ্ৰহ কৰা হ’ব।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ছেপ্টেম্বৰ মাহত কৈছিল যে চৰকাৰে এই বিষয়ত এটা পাইলট প্ৰজেক্ট চলাই আছে। এই ব্যৱস্থাৰ সুবিধা হ’ব যে যান-বাহনৰ পৰা দূৰত্বৰ ভিত্তিত টোল লোৱা হ’ব। গাডকাৰীৰ মতে এই নতুন প্ৰযুক্তিয়ে দুটা সুবিধা প্ৰদান কৰিব পাৰে – টোল বুথত যাতায়তৰ বাধাহীন গতি আৰু ব্যৱহাৰ অনুসৰি ধন পৰিশোধ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক