--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনোবাই বিৰিয়ানী খাই ভাল পায়, কোনোবাই পোলাও খাবলৈ ভাল পায়। কিছুমান মানুহৰ প্ৰিয় খাদ্য হ’ল ফুচকা। আশ্বৰ্যজনকভাৱে নিউয়ৰ্কৰ ৩৯ বছৰীয়া বাসিন্দা পেট্ৰিক বেঞ্জামিনৰ প্ৰিয় খাদ্য হ’ল চিমেণ্ট, বালি, ইটা। 

পেট্ৰিকৰ বয়স এতিয়া ৪০ বছৰীয়া। ১৮ বছৰ বয়সৰ পৰাই তেওঁৰ এই ধৰণৰ খাদ্যৰ প্ৰতি এক অপ্ৰতিৰোধ্য আকৰ্ষণ। প্ৰথমে ঘৰৰ বেৰৰ পৰা চিমেণ্ট খাবলৈ ধৰে। কিন্তু তেওঁৰ এই অদ্ভুত অভ্যাসৰ কথা কোনেও গম পোৱা নাছিল। 

এদিন ঘৰৰ বেৰৰ পৰা চিমেণ্ট খান্দি মুখত ভৰাই দিলে। সেইদিনাৰ পৰাই তেওঁৰ চিমেণ্টৰ প্ৰতি থকা প্ৰেমৰ জন্ম হৈছিল। এটা অদ্ভুত অনুভৱৰ সৃষ্টি হয় তেওঁৰ। ইয়াৰ পিছত প্ৰতিদিনে সি অলপ চিমেণ্ট খাবলৈ ধৰিলে। চিমেণ্টৰ পিছত ইটা-বালিৰ সোৱাদও মনলৈ আহে। তেতিয়াৰ পৰাই চিমেণ্ট, বালি, ইটা পেট্ৰিকৰ পছন্দৰ খাদ্য হৈ পৰিল।

পেট্ৰিকৰ পৰিয়ালে বহু ডাক্তৰৰ ওচৰলৈ লৈ গ’ল। কিন্তু কোনো ঔষধেই কাম কৰা নাছিল। বৰঞ্চ চিমেণ্ট আৰু বালিৰ প্ৰতি পেট্ৰিকৰ প্ৰেম বাঢ়ি গৈয়েই আছে। চিকিৎসকে এই বিৰল ৰোগৰ কাৰণ বিচাৰি উলিয়াব পৰা নাছিল। কিছু সময়ৰ পাছত পেট্ৰিকে নিজৰ শৈশৱৰ বন্ধুক বিয়া কৰালে। পেট্ৰিকৰ বাবে জীৱনটো যিদৰে চলি থাকে। কিন্তু তেওঁ এই অভ্যাসৰ পৰা ওলাই আহিব নোৱাৰিলে। পেট্ৰিকৰ পৰিয়ালেও সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ এই অভ্যাসৰ পৰা ওলাই আহিব পাৰিবনে নাই!

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক