--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড উদ্যোগত তিনিগৰাকী খানৰ অৱদান অসামান্য। তিনিওগৰাকী হৈছে শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খান। এই চলচ্চিত্ৰ ছুপাৰষ্টাৰসকলে বলীউড উদ্যোগত বহুতো অভিনেত্ৰীক নিজৰ পৰিচয় গঢ়োৱাত সহায় কৰিছে। কিন্তু আপুনি জানেনে এই তিনিজন অভিনেতাৰ কাৰণে এগৰাকী মিছ ইণ্ডিয়াই বলীউডক চিৰদিনৰ বাবে বিদায় দিবলৈ বাধ্য হৈছিল। এই অভিনেত্ৰী আন কোনো নহয় মিছ ইণ্ডিয়া চনু ৱালিয়া। তেওঁ ১৯৮৫ চনত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল। তাৰ পাছত স্বাভাৱিকতে কি ঘটে। তেওঁ বলীউড উদ্যোগত প্ৰৱেশ কৰিছিল।

তেওঁ বিখ্যাত চলচ্চিত্ৰ 'খুন ভাৰী মাং'ৰ জৰিয়তে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে প্ৰথম দৰ্শনিতেই সকলোৰে হৃদয় জয় কৰিছিল। অভিনেত্ৰীগৰাকীক সেই যুগৰ আটাইতকৈ আকৰ্ষণীয় অভিনেত্ৰী হিচাপে গণ্য কৰা হৈছিল। যেতিয়া ১৯৮৮ চনৰ 'আকৰ্ষণ' চলচ্চিত্ৰখন মুক্তি পায়, চিনেমাখনৰ বিভিন্ন দৃশ্যযথেষ্ট আলোচনাৰ বিষয় হৈ পৰে।

অভিনেত্ৰীগৰাকীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত মডেলিং কৰাৰ সিদ্ধান্ত লৈছিল। মডেলিঙত তেওঁৰ সুন্দৰ সফলতাৰ পাছত, তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ১৯৮৫ চনত মিছ ইণ্ডিয়া খিতাপ জয় কৰে।

বলীউডত প্ৰৱেশ কৰাৰ পাছত, তেওঁ কেইবাখনো চলচ্চিত্ৰত ভাল কাম কৰিছিল। অভিনেত্ৰীগৰাকীৰ অভিনয়ে সেইসময়ত সকলোকে কৰিছিল আপ্লুট৷ অভিনেত্ৰীগৰাকীয়ে যথেষ্ট সফলতা অৰ্জন কৰাৰ পাছত হঠাতে বলীউড উদ্যোগৰ পৰা নাইকিয়া হৈ যায়।

বহু বছৰৰ পাছত এক সাক্ষাৎকাৰত এই বিষয়ে সোধাত তেওঁ কয় যে, বলীউড উদ্যোগৰ পৰা ওলাই যোৱাৰ কাৰণ হৈছে তিনিজন খান। এই তিনিজন খানৰ বাবে, এবাৰতেই তেওঁ পোৱা বহুতো কাম হেৰুৱাইছিল। এই ৩জন খান আন কোনো নহয়, শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খান৷ দৰাচলতে, অভিনেত্ৰীগৰাকীৰ উচ্চতা যথেষ্ট বেছি আছিল, আনহাতে তিনিজন খানৰ উচ্চতা অতি কম আছিল। এনে পৰিস্থিতিত, এই তিনিজন খানে ওখ ছোৱালীবোৰে যাতে অভিনয় কৰাৰ সুযোগ নাপায় তাৰ প্ৰতি লক্ষ্যৰাখি তিনিওজনে তেওঁৰ লগত অভিনয় কৰাৰ বাবে মানা কৰিছিল।

বলীউডক বিদায় জনোৱাৰ পাছত, চনুৱে পাছত হোটেলৰ গৰাকী সূৰ্য প্ৰকাশক বিয়া কৰায় আৰু যুগ্মজীৱনৰ আৰম্ভণি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ