--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যেন ওৰেই নপৰিব ৰহস্যৰ! মৃত্যু হ’ল প্ৰভাকৰ ছেইলৰ। কোন এই প্ৰভাকৰ ছেইল? প্ৰভাকৰ ছেইল নামৰ ৩৭ বছৰীয়া লোকজনৰ হাৰ্ট এটেকত মৃত্যু হোৱাক লৈ পুনৰ চৰ্চা চলিছে। কাৰণ প্ৰভাকৰ ছেইল এটা নাম হৈ থকা নাছিল। তেওঁ হৈ পৰিছিল দেশত তোলপাৰ লগোৱা এটা কাণ্ডৰ স্বাক্ষুষ ধাৰাভাষ্যকাৰ। তেওঁৰ অভিযোগে তোলপাৰ লগাইছিল দেশৰ এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাত। তেওঁৰ সাক্ষ্যৰ পাছতে এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে হৈছিল তদন্ত। দেশত তোলপাৰ লগোৱা আৰিয়ান-ড্ৰাগছ কাণ্ডৰ পৰা আঁতৰিবলৈ বাধ্য হৈছিল সমীৰ ৱাংখেৰে। কিন্তু এতিয়া সেইজন প্ৰভাকৰ ছেইলৰ ৰহস্যজনকভাৱে মৃত্যু হ’ল। আৰক্ষীয়ে এই বিষয়ে নিশ্চিত কৰাৰ পাছতে এতিয়া চৰ্চা চলিছে ব্যাপক ৰূপত।


এতিয়া দেশত তোলপাৰ লগোৱা মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডৰ কথা অলপ অৱলোকন কৰা যাওক। 

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ কাণ্ডক লৈ চলি থকা ৰহস্যৰ নিত্য নতুন মোৰ দেখিবলৈ পোৱা গৈছে। জামিনত মুকলি হৈ থকা আৰিয়ান এতিয়া ন্যায়িক প্ৰক্ৰিয়াৰ আওঁতাতে আছে। মুম্বাইৰ প্ৰমোদ তৰীত চলি থকা ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ অভিযোগত এনচিবি-এ আটক কৰিছিল শ্বাহৰুখ তনয় আৰিয়ানক। যোৱা বছৰৰ ৩ অক্টোবৰৰ এই ঘটনাৰ পাছতে নানা বিতৰ্ক আৰু বেমেজালি। আৰিয়ানক গ্ৰেপ্তাৰ কৰি প্ৰায় এমাহ কাৰাবন্দী কৰি ৰাখিছিল এনচিবি-এ। তাৰ পাছত ব’ম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল।

আৰিয়ান খানৰ বিৰুদ্ধে এতিয়ালৈ কোনো অভিযোগেই প্ৰমাণ কৰিব পৰা নাই এনচিবি-এ। বৰং কেঁচু খান্দোতে সাপহে ওলোৱা পৰিলক্ষিত হৈছে। আৰিয়ানক গ্ৰেপ্তাৰৰ সময়ত এনচিবিৰ অভিযানকাৰী দলত দুজন সন্দেহজনক লোকৰ উপস্থিতি ধৰা পৰিছিল। এই লোক দুজনৰ এজন আছিল বিজেপি নেতা আৰু আনজন আছিল এজন পতালক অপৰাধী কে পি গোছাৱী। কে পি গোছাৱীক এজন প্ৰাইভেট ডিটেকটিভ বুলি চিনাকি কৰি দিয়া হৈছিল। কিন্তু তেওঁ আৰিয়ান খানৰ সৈতে এখন ছেলফী শ্বেয়াৰ কৰাৰ পাছতে তেওঁৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহে।

জালিয়াতিৰ গোচৰত অভিযুক্ত হৈ এইজন কে পি গোছাৱীয়ে ইমানদিনে পলাই ফুৰিছিল। তেনে ক্ষেত্ৰত তেওঁ কেনেকৈ এন চি বিৰ অভিযানকাৰী দলত চামিল হোৱাৰ সুযোগ পালে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছিল। কিন্তু এই ৰহস্যৰ ওৰ পৰিবলৈও বেছি সময়ৰ প্ৰয়োজন হোৱা নাছিল।

এইজন কে পি গোছাৱীৰ দেহৰক্ষী প্ৰভাকৰ ছেইল নামৰ লোকজনৰ সাক্ষ্যই সমগ্ৰ ঘটনাক্ৰমক লৈ সন্দেহ আৰু বৃদ্ধি কৰিছিল। কিয়নো এইজন প্ৰভাকৰ ছেইলে দাবী কৰিছিল যে, আৰিয়ান খান গ্ৰেপ্তাৰৰ আঁৰত আছিল ২৫ কোটি টকাৰ এটা ডীল। এই ডীল সম্পূৰ্ণ কৰাৰ দায়িত্বতে কে পি গোছাৱী আছিল বুলি অভিযোগ কৰিছিল প্ৰভাকৰ ছেইলে। তেওঁ আৰক্ষীৰ আগত দাখিল কৰা শপতনামাত এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আৰিয়ানৰ সৈতে ছেলফী ভাইৰেল হৈ পৰাৰ পাছত কে পি গোছাৱীৰ পুৰণি গোচৰৰ ফাইল যেতিয়া পুনৰ খোল খাইছিল তেতিয়াই লোকজনে আত্মগোপন কৰিছিল। এনে পৰিপ্ৰেক্ষিতত প্ৰাণৰ সংশয়ত ভুগি আৰক্ষীৰ কাষ চাপিছিল প্ৰভাকৰ ছেইল।

প্ৰভাকৰৰ শপতনামাৰ পাছতে সমগ্ৰ দৃশ্যপট ৰহস্যৰ আৱৰ্তলৈ গুচি যায়। ইফালে, মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাৱ মালিকে এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উত্থাপন কৰে ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগ। সমীৰ ৱাংখেৰেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত বলীউডৰ চেলিব্ৰিটীক ব্লেকমেইলিঙ কৰি অহা আৰু তেওঁলোকৰ পৰা মোটা অংকৰ ধন আদায় কৰা বুলি অভিযোগ কৰিছিল। 

আৰিয়ান খান কাণ্ড কোনো ড্ৰাগছ কাণ্ড নহয় বৰং ই এক অপহৰণ কাণ্ড আছিল বুলিও অভিযোগ কৰিছিল নৱাব মালিকে। ইফালে, প্ৰভাকৰৰ শপতনামাই এই দাবীক ন্যয্যতা দিছিল আৰু সমীৰ ৱাংখেৰে বাহিনী বিপদৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰে। এনে পৰিস্থিতিত প্ৰভাকৰ ছেইল জীয়াই থকাটো আছিল জৰুৰী। এনচিবি-এ সাক্ষী হিচাপে প্ৰক্ষেপ কৰা প্ৰভাকৰে এনচিবিৰ বিৰুদ্ধেই সাক্ষ্য দিয়াটোৱে তুমুল আলোড়ন সৃষ্টি কৰিছিল। এনে পৰিপ্ৰেক্ষিততে প্ৰভাকৰ ছেইলৰ মৃত্যু হোৱাটোৱে সমগ্ৰ প্ৰেক্ষাপটক গভীৰ ৰহস্যৰ মাজলৈ থেলি পঠিয়াব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ