ডিজিটেল ডেস্কঃ হাৰ্ট এটেকত স্বামীৰ মৃত্যুবৰণ। স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি পত্নীৰ আত্মহত্যা। গাজিয়াবাদৰ এক যুৱ দম্পতীৰ কৰুণ পৰিণতি।
২৫ বছৰীয়া অভিষেক আহলুৱালীৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পত্নী অঞ্জলিয়ে এই শোক সহ্য কৰিব নোৱাৰি সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে।
পৰিয়ালৰ লোকে জনোৱা মতে, অভিষেক আৰু অঞ্জলিৰ বিবাহ ৩০ নৱেম্বৰত হৈছিল। সোমবাৰে দুয়োজনে দিল্লী চিৰিয়াখানা ভ্ৰমণ কৰিছিল। তাতে অভিষেকে বুকুত বিষ অনুভৱ কৰে। যুৱকজনক প্ৰথমে গুৰু টেগ বাহাদুৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত ছফদাৰজং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
দিনটোৰ পাছত চিকিৎসকে অভিষেকক মৃত ঘোষণা কৰে। মৃত্যুৰ কাৰণ হিচাপে চিনাক্ত কৰা হৈছে হাৰ্ট এটেক। নিশা ৯ মান বজাত তেওঁৰ মৃতদেহ গাজিয়াবাদৰ বৈশালীৰ আহলকন এপাৰ্টমেণ্টলৈ লৈ অনা হয়। স্বামীৰ আকস্মিক মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰি অঞ্জলিয়ে লৰালৰিকৈ তেওঁলোকৰ সপ্তম মহলাৰ বেলকনিলৈ গৈ তললৈ জপিয়াই দিয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অঞ্জলিক ততাতৈয়াকৈ বৈশালীৰ মেক্স হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আজি পুৱাৰ ভাগত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।
নৱ বিবাহিত দম্পতীৰ এই কৰুণ পৰিঘটনাই সকলোৰে মনত আঘাত দি গৈছে।