--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্ট এটেকত স্বামীৰ মৃত্যুবৰণ। স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি পত্নীৰ আত্মহত্যা। গাজিয়াবাদৰ এক যুৱ দম্পতীৰ কৰুণ পৰিণতি।

২৫ বছৰীয়া অভিষেক আহলুৱালীৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পত্নী অঞ্জলিয়ে এই শোক সহ্য কৰিব নোৱাৰি সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে।

পৰিয়ালৰ লোকে জনোৱা মতে, অভিষেক আৰু অঞ্জলিৰ বিবাহ ৩০ নৱেম্বৰত হৈছিল। সোমবাৰে দুয়োজনে দিল্লী চিৰিয়াখানা ভ্ৰমণ কৰিছিল। তাতে অভিষেকে বুকুত বিষ অনুভৱ কৰে। যুৱকজনক প্ৰথমে গুৰু টেগ বাহাদুৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত ছফদাৰজং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দিনটোৰ পাছত চিকিৎসকে অভিষেকক মৃত ঘোষণা কৰে। মৃত্যুৰ কাৰণ হিচাপে চিনাক্ত কৰা হৈছে হাৰ্ট এটেক। নিশা ৯ মান বজাত তেওঁৰ মৃতদেহ গাজিয়াবাদৰ বৈশালীৰ আহলকন এপাৰ্টমেণ্টলৈ লৈ অনা হয়। স্বামীৰ আকস্মিক মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰি অঞ্জলিয়ে লৰালৰিকৈ তেওঁলোকৰ সপ্তম মহলাৰ বেলকনিলৈ গৈ তললৈ জপিয়াই দিয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অঞ্জলিক ততাতৈয়াকৈ বৈশালীৰ মেক্স হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আজি পুৱাৰ ভাগত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।

নৱ বিবাহিত দম্পতীৰ এই কৰুণ পৰিঘটনাই সকলোৰে মনত আঘাত দি গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement