--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰত হাড়ৰ গুৰুত্ব অতি উচ্চ, ই আমাৰ শৰীৰৰ গঠন প্ৰক্ৰিয়াত সহায় কৰে। যদি হাড়বোৰ দুৰ্বল হৈ পৰে তেন্তে আমাৰ শৰীৰত বিষ আৰম্ভ হ’বলৈ ধৰে। মেৰুদণ্ড স্বাস্থ্যও শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ যদিও ৩০ বছৰৰ পাছত ক্ৰমে ই দুৰ্বল হৈ পৰে। সেয়েহে এনেবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ তালিকাত কেনেবোৰ খাদ্য গ্ৰহণ কৰা উচিত। এই বিষয়ে কিছু কথা জানো আহক।

* মেৰুদণ্ড দুৰ্বল বুলি কেনেকৈ জানিব?

যেতিয়া আমাৰ মেৰুদণ্ড দুৰ্বল হ’বলৈ আৰম্ভ কৰে তেতিয়া কঁকালৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ নিতম্বৰ বিষ আৰু খোজকঢ়াত অসুবিধাৰ হ’ব পাৰে। বহু ক্ষেত্ৰত হাত-ভৰি অজ্ঞান হ’বলৈ আৰম্ভ কৰাও দেখা যায়। এনে পৰিস্থিতিত যদি আপোনাৰ বয়স ৩০ বছৰৰ কম হয়, তেন্তে মেৰুদণ্ড শক্তিশালী কৰিবলৈ কিছুমান খাদ্য গ্ৰহণৰ লগতে প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰি প্ৰটিনৰ বৃদ্ধিয়ে মেদবহুলতা আৰু কলেষ্টেৰল আশংকাও বৃদ্ধি কৰে।

কেনেবোৰ খাদ্যই মেৰুদণ্ড হাড় শক্তিশালী কৰে-

১. গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰীত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিটো আমাৰ হাড়ৰ শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে গাখীৰ, দৈ আৰু পনীৰ খাব নিয়মীয়াভাৱে খোৱা উচিত।

২. ৩০ বছৰৰ তলৰ লোকে আয়ুৰ্বেদিক গুণসম্পন্ন দৈনিক খাদ্যত আদা, হালধি, দালচেনি, আদা আৰু তুলসী সেৱন কৰিব পাৰে। আমাৰ শৰীৰ আৰু হাড়ৰ বাবে অতি উপকাৰী হোৱাৰ লগতে দিনটোত দুবাৰকৈ হাৰ্বেল চাহ খাব পাৰে।

৩. সেউজীয়া শাক-পাচলিক ছুপাৰফুড বুলি কোৱা হয় কাৰণ ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে আৰু স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। যদি আপুনি নিয়মীয়া খাদ্যত ব্ৰকলি, বন্ধাকবি আৰু কচু অন্তৰ্ভুক্ত কৰে, তেন্তে মেৰুদণ্ডৰ স্বাস্থ্যৰ কোনো সমস্যা নহয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ