--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগৰ গুচাবলৈ আমি প্ৰায়ভাগ লোকেই চাহ খাওঁ। চাহত কেফেন নামৰ পদাৰ্থ বিধ থাকে। এইবিধ পদাৰ্থই ভাগৰ দূৰ কৰাত সহায় কৰে। কিন্তু কিছুমান চাহে আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনিব পাৰে। আমাৰ বহুতেই টি-বেগ ব্যৱহাৰ কৰিও চাহ প্ৰস্তুত কৰো।

 বিশেষকৈ ৰে'ল আদিত ভ্ৰমণ কৰাৰ সময়তো এনে চি বেগৰ পৰা প্ৰস্তুত কৰা চাহ আমি বহুতে পান কৰো।  কিয়নো অকমান গৰম পানীত টি বেগটো ডুবাই দিলেই চাহ সাজু হৈ যায়। 

কিন্তু এনে একাপ চাহ খাই আমি হয়তো ভাবিবলৈ আহৰিয়েই নাপাও যে আমি হয়তো  চাহ কাপৰ সৈতে কিবা বিষাক্ত বস্তুও সেৱন কৰিলো।

আপোনাৰ যদি টি-বেগৰ পৰা প্ৰস্তুত কৰা চাহ পান কৰাটো  দৈনন্দিন অভ্যাসত পৰিণত হৈছে তেতিয়াহ’লে সাৱধান হওক। টি বেগৰ জৰিতে আপোনাৰ অলক্ষিতে পেটত সোমাব পাৰে  বহু প্লাষ্টিক কণা।

কানাডাৰ মন্ট্ৰিল মেকগিল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই বুলি  প্ৰতিবেদনত দিছিল যে গৰম পানীত টি বেগ ডুবালে তাৰ পৰা লাখ লাখ প্লাষ্টিকৰ কণা বাহিৰ হয় যিবোৰ কণা চাহ খাওতে শৰীৰত প্ৰৱেশ কৰে।

গৰম পানীৰ তাপমাত্ৰাত প্লাষ্টিক কণাবোৰ অধিক সক্ৰিয় হৈ পৰে। মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চাৰি ধৰণৰ টি বেগ পৰীক্ষা কৰি চাইছিল। প্ৰতিটো টি বেগতেই তেওঁলোকে প্লাষ্টিকৰ উপস্থিতি বিচাৰি পাইছিল।

আমেৰিকাৰ কেমিকেল ছচাইটিৰ প্ৰকাশিত জাৰ্ণেল ‘এনভাইৰনমেন্টেল ছায়েন্স এণ্ড টেকন’লজি’ত গৱেষণাৰ সৱিশেষ প্ৰকাশিত হৈছিল।

গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি  প্ৰায় ভাগ টি বেগতে ১১০০ কোটি মাইক্ৰপ্লাষ্টিক আৰু ৩০০ কোটি নেনোপ্লাষ্টিক কণা থাকিব পাৰে । এনে প্লাষ্টিক কণা  খালী চকুৰে দেখা পোৱা নাযায়। মাইক্ৰস্কোপতো আনকি সকলোবোৰৰ অস্তিত্ব ধৰা নপৰে। 

মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰকাশ পোৱাৰ পাছতে এনেবোৰ কথা পোহৰলৈ আহিছে।  গতিকে চাহ পান কৰিবলগীয়া হ'লে সাধাৰণভাবে আমি যিদৰে ঘৰতে উতলাই চাহ প্ৰস্তুত কৰো তেনে চাহ খোৱাই ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ