--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশবাসীক ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২,০০০ টকীয়া নোট বেংকত সলনি কৰিবলৈ সময়সীমা বান্ধি দিছে। কিন্তু কোনোবাই যদি ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২,০০০ টকীয়া নোট সলনি কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ হাতত থকা সেই নোট অবৈধ হৈ পৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ দিছে  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গভৰ্ণৰ শক্তিকান্ত দাসে ।

 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ  গভৰ্ণৰগৰাকীয়ে সোমবাৰে কয় যে ২,০০০ টকীয়া নোট সলনি কৰিবলৈ "পৰ্যাপ্ত" সময় আছে। তেওঁ লগতে কয় যে ৩০ ছেপ্টেম্বৰত নোট সলনিৰ  সময়সীমা শেষ হোৱাৰ পিছতো ২,০০০ টকীয়া  নোট অবৈধ হৈ নপৰিব। ইয়াৰ বাবে জনতাই আৰু কিছু সময় পাব।তেওঁ লগতে কয়  যে নোটবোৰ সলনি কৰাৰ বাবে   এটা নিৰ্দিষ্ট সময়সীমা এইবাবেই বান্ধি দিয়া হৈছে যাতে জনতাই তেনে নোট সলনি কৰিবলৈ তৎপৰ হয়। তেওঁ অৱশ্যে নোট সলনি কৰাৰ সময়সীমা পুনৰ কেতিয়ালৈ বৃদ্ধি কৰা হ’ব পাৰে সেই বিষয়ত কোনো মন্তব্য প্ৰকাশ নকৰিলে।

 ইপিনে ভাৰতীয় ষ্টেট বেংকেপ্ৰকাশ কৰা মতে স্লিপ অবিহনেই বেংকত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। যদি আপুনি ২,০০০ টকীয়া নোট বেংকত ঘূৰাই দিব  বিচাৰে,তেন্তে  আপুনি বেঙ্কত কোনো ধৰণৰ পৰিচয় পত্ৰও প্ৰদৰ্শন কৰিব নালাগে। 

এয়াও জনা গৈছে  যে বেঙ্কত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তেনে  বেঙ্কৰ শাখালৈ যাব পাৰে আৰু ২,০০০ টকাৰ নোট সলনি কৰিব পাৰে।এবাৰত এগৰাকী লোকে সৰ্বাধিক ২০,০০০ টকা পৰ্যন্ত নোট সলনি কৰিব পাৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস