--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশবাসীক ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২,০০০ টকীয়া নোট বেংকত সলনি কৰিবলৈ সময়সীমা বান্ধি দিছে। কিন্তু কোনোবাই যদি ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২,০০০ টকীয়া নোট সলনি কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ হাতত থকা সেই নোট অবৈধ হৈ পৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ দিছে  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গভৰ্ণৰ শক্তিকান্ত দাসে ।

 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ  গভৰ্ণৰগৰাকীয়ে সোমবাৰে কয় যে ২,০০০ টকীয়া নোট সলনি কৰিবলৈ "পৰ্যাপ্ত" সময় আছে। তেওঁ লগতে কয় যে ৩০ ছেপ্টেম্বৰত নোট সলনিৰ  সময়সীমা শেষ হোৱাৰ পিছতো ২,০০০ টকীয়া  নোট অবৈধ হৈ নপৰিব। ইয়াৰ বাবে জনতাই আৰু কিছু সময় পাব।তেওঁ লগতে কয়  যে নোটবোৰ সলনি কৰাৰ বাবে   এটা নিৰ্দিষ্ট সময়সীমা এইবাবেই বান্ধি দিয়া হৈছে যাতে জনতাই তেনে নোট সলনি কৰিবলৈ তৎপৰ হয়। তেওঁ অৱশ্যে নোট সলনি কৰাৰ সময়সীমা পুনৰ কেতিয়ালৈ বৃদ্ধি কৰা হ’ব পাৰে সেই বিষয়ত কোনো মন্তব্য প্ৰকাশ নকৰিলে।

 ইপিনে ভাৰতীয় ষ্টেট বেংকেপ্ৰকাশ কৰা মতে স্লিপ অবিহনেই বেংকত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। যদি আপুনি ২,০০০ টকীয়া নোট বেংকত ঘূৰাই দিব  বিচাৰে,তেন্তে  আপুনি বেঙ্কত কোনো ধৰণৰ পৰিচয় পত্ৰও প্ৰদৰ্শন কৰিব নালাগে। 

এয়াও জনা গৈছে  যে বেঙ্কত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তেনে  বেঙ্কৰ শাখালৈ যাব পাৰে আৰু ২,০০০ টকাৰ নোট সলনি কৰিব পাৰে।এবাৰত এগৰাকী লোকে সৰ্বাধিক ২০,০০০ টকা পৰ্যন্ত নোট সলনি কৰিব পাৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন