--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৩০০ফুট দ খাৱৈত পৰিল বাহন। ঠাইতে মৃত্যু হ’ল ১৩জনকৈ লোকৰ। দেওবাৰে পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িল ১৩জনকৈ লোকৰ। আহত হ’ল আন দুজন লোক।

এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনৰ চাকৰাতা এলেকাত। আৰক্ষী আৰু প্ৰশাসনে সদৰি কৰা মতে ১৫জন লোকক কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ পৰা বাগৰি পৰে ৩০০ ফুট গভীৰ এটা খাৱৈত। এই ভয়ংকৰ দুৰ্ঘটনাটোত ১৩জন লোকে থিতাতে প্ৰাণ হেৰুৱায়। গুৰুতৰভাৱে আহত আন দুজন লোক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাটো বুলহাদ-বালিয়া পথত সংঘটিত হৈছে। চাকৰাতা টেহচিলৰ সমীপতে শোকাৱহ ঘটনাটো সংঘটিত হয়। প্ৰথমে স্থানীয় লোকে দুৰ্ঘটনাৰ বিষয়ে অৱগত হয় আৰু তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও দুৰ্ঘটনাগ্ৰস্ত লোকসকলক বচোৱা সম্ভৱ নহ’ল। দুজন লোকক উদ্ধাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছে হাস্পতাললৈ। আন ১৩জনৰ মৃতদেহ পোষ্টমৰ্টেমৰ বাবে পঠিওৱা গৈছে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিহতসকলৰ পৰিয়াললৈ ২লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আহতসকলক দিয়া গৈছে ৫০হাজাৰকৈ টকাৰ সাহায্য। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ ন্যায়িক তদন্তৰো নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক