--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৩০০ফুট দ খাৱৈত পৰিল বাহন। ঠাইতে মৃত্যু হ’ল ১৩জনকৈ লোকৰ। দেওবাৰে পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িল ১৩জনকৈ লোকৰ। আহত হ’ল আন দুজন লোক।

এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনৰ চাকৰাতা এলেকাত। আৰক্ষী আৰু প্ৰশাসনে সদৰি কৰা মতে ১৫জন লোকক কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ পৰা বাগৰি পৰে ৩০০ ফুট গভীৰ এটা খাৱৈত। এই ভয়ংকৰ দুৰ্ঘটনাটোত ১৩জন লোকে থিতাতে প্ৰাণ হেৰুৱায়। গুৰুতৰভাৱে আহত আন দুজন লোক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাটো বুলহাদ-বালিয়া পথত সংঘটিত হৈছে। চাকৰাতা টেহচিলৰ সমীপতে শোকাৱহ ঘটনাটো সংঘটিত হয়। প্ৰথমে স্থানীয় লোকে দুৰ্ঘটনাৰ বিষয়ে অৱগত হয় আৰু তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও দুৰ্ঘটনাগ্ৰস্ত লোকসকলক বচোৱা সম্ভৱ নহ’ল। দুজন লোকক উদ্ধাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছে হাস্পতাললৈ। আন ১৩জনৰ মৃতদেহ পোষ্টমৰ্টেমৰ বাবে পঠিওৱা গৈছে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিহতসকলৰ পৰিয়াললৈ ২লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আহতসকলক দিয়া গৈছে ৫০হাজাৰকৈ টকাৰ সাহায্য। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ ন্যায়িক তদন্তৰো নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক