--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ ৰে'ল ষ্টেচনবোৰত সাধাৰণতে চোৰ, পকেটমাৰ বা প্ৰৱঞ্চকৰ অতপালিত হাৰাশাস্তি খাবলগীয়া হয় যাত্ৰীসকলে। কিন্তু লক্ষ্ণৌৰ পৰিৱেশ সুকীয়া। বান্দৰে অতিষ্ঠ কৰিছে লক্ষ্ণৌৰ জনসাধাৰণ তথা মেট্ৰ' কৰ্তৃপক্ষক।


লক্ষ্ণৌত মেট্ৰ'ত যাত্ৰা কৰিব ওলাইছে যদি সাৱধান হওক, আপোনাৰ মুখামুখি হ'ব পাৰে বান্দৰৰ সৈতে। শেহতীয়াকৈ বান্দৰৰ আতংকত হাবাথুৰি খাইছে সাধাৰণ লোকৰ লগতে মেট্ৰ' কৰ্তৃপক্ষও। বান্দৰৰ অতপালি ৰোধৰ উপায় বিচাৰি ফুৰিছে লক্ষ্ণৌ মেট্ৰ' কৰ্তৃপক্ষ। প্ৰথমতে মেট্ৰ' কৰ্তৃপক্ষই ষ্টেচনবোৰত সোণালী বান্দৰৰ খঙাল শব্দ বজাই বান্দৰ খেদাৰ পন্থা হাতত লৈছিল। ইয়াৰদ্বাৰা কিছু পৰিমাণে সকাহ পালেও ই দীৰ্ঘস্থায়ী সমাধান নহ'ল। অৱশেষত মেট্ৰ' কৰ্তৃপক্ষই বিচাৰি উলিয়ালে এক অভিনৱ সমাধানৰ পথ। এইবাৰ বান্দৰৰ লগত মোকাবিলা কৰিবলৈ আনিলে সোণালী বান্দৰ। চহৰখনৰ ৯ টাকৈ মেট্ৰ' ষ্টেচনত বহুওৱা হ'ল সোণালী বান্দৰৰ 'কাটআউট'।


ষ্টেচন নিয়ন্ত্ৰক বিবেক মিশ্রই জনায় যে, প্ৰথমতে বান্দৰ খেদিবলৈ 'খঙাল সোণালী বান্দৰ'ৰ শব্দ বজোৱা হৈছিল। ইয়াৰ দ্বাৰা কিছু সকাহ পোৱা গৈছিল যদিও ই দীৰ্ঘসময়লৈ প্ৰভাৱিত কৰিব নোৱাৰিলে আৰু সেইকাৰণেই 'কাটআউট ডিছপ্লে' কৰাৰ সিদ্ধান্ত ল'বলগীয়া হ'ল। আনকি সময়ে সময়ে 'কাটআউট'বোৰৰ স্থান পৰিৱৰ্তন কৰি থকা হয় বুলিও তেওঁ জনায়।


বান্দৰক ভেটাৰ লক্ষ্ণৌ মেট্ৰ' প্ৰশাসনৰ এই অভিনৱ কৌশল বেচ আমোদজনক হিচাপে বিবেচিত হৈছে। এফালে সোণালী বান্দৰৰ কাটআউট আৰু আনফালে খঙাল সোণালী বান্দৰৰ শব্দই মেট্ৰ' ষ্টেচনবোৰৰ যাত্ৰীক একপ্ৰকাৰ মনোৰঞ্জন দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক