--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ ৰে'ল ষ্টেচনবোৰত সাধাৰণতে চোৰ, পকেটমাৰ বা প্ৰৱঞ্চকৰ অতপালিত হাৰাশাস্তি খাবলগীয়া হয় যাত্ৰীসকলে। কিন্তু লক্ষ্ণৌৰ পৰিৱেশ সুকীয়া। বান্দৰে অতিষ্ঠ কৰিছে লক্ষ্ণৌৰ জনসাধাৰণ তথা মেট্ৰ' কৰ্তৃপক্ষক।


লক্ষ্ণৌত মেট্ৰ'ত যাত্ৰা কৰিব ওলাইছে যদি সাৱধান হওক, আপোনাৰ মুখামুখি হ'ব পাৰে বান্দৰৰ সৈতে। শেহতীয়াকৈ বান্দৰৰ আতংকত হাবাথুৰি খাইছে সাধাৰণ লোকৰ লগতে মেট্ৰ' কৰ্তৃপক্ষও। বান্দৰৰ অতপালি ৰোধৰ উপায় বিচাৰি ফুৰিছে লক্ষ্ণৌ মেট্ৰ' কৰ্তৃপক্ষ। প্ৰথমতে মেট্ৰ' কৰ্তৃপক্ষই ষ্টেচনবোৰত সোণালী বান্দৰৰ খঙাল শব্দ বজাই বান্দৰ খেদাৰ পন্থা হাতত লৈছিল। ইয়াৰদ্বাৰা কিছু পৰিমাণে সকাহ পালেও ই দীৰ্ঘস্থায়ী সমাধান নহ'ল। অৱশেষত মেট্ৰ' কৰ্তৃপক্ষই বিচাৰি উলিয়ালে এক অভিনৱ সমাধানৰ পথ। এইবাৰ বান্দৰৰ লগত মোকাবিলা কৰিবলৈ আনিলে সোণালী বান্দৰ। চহৰখনৰ ৯ টাকৈ মেট্ৰ' ষ্টেচনত বহুওৱা হ'ল সোণালী বান্দৰৰ 'কাটআউট'।


ষ্টেচন নিয়ন্ত্ৰক বিবেক মিশ্রই জনায় যে, প্ৰথমতে বান্দৰ খেদিবলৈ 'খঙাল সোণালী বান্দৰ'ৰ শব্দ বজোৱা হৈছিল। ইয়াৰ দ্বাৰা কিছু সকাহ পোৱা গৈছিল যদিও ই দীৰ্ঘসময়লৈ প্ৰভাৱিত কৰিব নোৱাৰিলে আৰু সেইকাৰণেই 'কাটআউট ডিছপ্লে' কৰাৰ সিদ্ধান্ত ল'বলগীয়া হ'ল। আনকি সময়ে সময়ে 'কাটআউট'বোৰৰ স্থান পৰিৱৰ্তন কৰি থকা হয় বুলিও তেওঁ জনায়।


বান্দৰক ভেটাৰ লক্ষ্ণৌ মেট্ৰ' প্ৰশাসনৰ এই অভিনৱ কৌশল বেচ আমোদজনক হিচাপে বিবেচিত হৈছে। এফালে সোণালী বান্দৰৰ কাটআউট আৰু আনফালে খঙাল সোণালী বান্দৰৰ শব্দই মেট্ৰ' ষ্টেচনবোৰৰ যাত্ৰীক একপ্ৰকাৰ মনোৰঞ্জন দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ