--°C
Loading...
Listen to Article
2 min read
80%

ডিডিটেল ডেস্কঃ প্ৰেমে নামানে জাতি-কূল। প্ৰেমে নামে বয়সৰ সীমা। ইয়াৰ পিছতো কিছুমানৰ প্ৰেমে স্বীকৃতি পায় আৰু কিছুমানে নাপায়। প্ৰেম বিবাহ কৰা বাবেই এগৰাকী যুৱতী বলি হৈছে নিজ পৰিয়ালৰ অমানৱীয় অত্যাচাৰৰ। মধ্য প্ৰদেশৰ বেটুলত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী অবিচি জাতিৰ যুৱতীয়ে এগৰাকী দলিত যুৱকৰ সৈতে প্ৰেমত আৱদ্ধ হৈ বিবাহত বহে। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে কোনোপধ্যেই মানি নলয় এই বিবাহক। সাক্ষী যাদৱ নামৰ এগৰাকী ২৪ বছৰীয়া যুৱতী অমিত আহিৰৱাৰ নামৰ এজন ২৭ বছৰীয়া দলিত যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অৱশেষত সাক্ষীয়ে তাইৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সাক্ষীৰ এজাহাৰৰ ভিত্তিত পিতৃকে ধৰি ৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে এই বিয়াখন হৈছিল ২০২০ চনৰ ১১ মাৰ্চত। সাক্ষীক শহুৰেকৰ ঘৰৰ পৰা জোৰ-জবৰদস্তি লৈ আহি পিতৃ পৰিয়ালে তাইক পঢ়িবলৈ ৰাজগড়লৈ পঠিয়াই দিয়ে। সাক্ষীক এটা হোষ্টেলত ৰাখি পঢুৱায় পৰিয়ালে। অমিত আহিৰৱাৰক যাতে কোনোপধ্যেই সাক্ষীয়ে লগ নাপায় তাৰ সকলো ব্যৱস্থা কৰিছিল যুৱতীগৰাকীৰ পৰিয়ালে। কিন্তু প্ৰকৃত প্ৰেমে কোনো বাধা নামানে। অৱশেষত সাক্ষীয়ে ২৮ অক্টোবৰত মনে মনে পলাই আহি স্বামীগৃহত উপস্থিত হয়হি। এই খবৰ পোৱাৰ পাছতে সাক্ষীৰ পিতৃয়ে তাইক নৰ্মদা নদীলৈ লৈ যায় আৰু ৪ জন লোকৰ সন্মুখত তাইক অৰ্ধ-উলংগ কৰি শুদ্ধিকৰণ কৰে। নদীত সাক্ষীক ডুব মৰোৱাৰ লগতে তাইক জুঠা পুৰী খাবলৈ দিয়ে। চুলি কাটি দিয়ে আৰু পিন্ধি থকা কাপোৰ দলিয়াই পেলাবলৈ কোৱা হৈছিল। এজন দলিত যুৱকক বিয়া কৰোৱা বাবে এই শাস্তি প্ৰদান কৰি তাইক শুদ্ধি কৰা হৈছে বুলি পিতৃয়ে কয়।

আৰু পঢ়কঃ বাইকেৰে গৈ আছিল যুৱক,হঠাৎ বুকুৰ মাজেৰে সৰকি গ’ল ৪০ ফুট দীঘল দুডাল লোহাৰ ৰড!

বৰ্তমান সাক্ষী যাদৱক ঘৰৰ পৰা হেঁচা দিয়া হৈছে যে, তাই যাতে স্বামীক বিবাহ বিচ্ছেদ দিয়ে আৰু এক সমগোত্ৰীয় যুৱকৰ সৈতে বিয়াত বহে। পৰিয়ালৰ এই দাবী কোনোপধ্যেই মানি নলওঁ বুলি কৈ আৰক্ষীৰ কাষ চাপিছে সাক্ষী যাদৱ। আৰক্ষীয়ে ধাৰা ৫০৬,৫০৪, ৩৪ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যুৱতীগৰাকীয়ে লগতে কয় যে ''ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত থকা 'জীৱনৰ অধিকাৰ' মোৰ জীৱনৰ মৌলিক অধিকাৰ। যাৰ অধীনত মই মোৰ জীৱনসংগীক নিৰ্বাচন কৰাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে। সমাজৰ ৰক্ষণশীল, জাতিবাদী মানসিকতা অতিক্ৰম কৰি মই মোৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰি বিবাহপাশত আৱদ্ধ হৈছো। মোৰ এই মৌলিক অধিকাৰ কোনোৱে খৰ্ব কৰিব নোৱাৰে..মোৰ পিতৃ-মাতৃৱেও নোৱাৰে। আশা ৰাখিছো মই ন্যায় পাম।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক