--°C
Loading...
Listen to Article
2 min read
80%

ডিডিটেল ডেস্কঃ প্ৰেমে নামানে জাতি-কূল। প্ৰেমে নামে বয়সৰ সীমা। ইয়াৰ পিছতো কিছুমানৰ প্ৰেমে স্বীকৃতি পায় আৰু কিছুমানে নাপায়। প্ৰেম বিবাহ কৰা বাবেই এগৰাকী যুৱতী বলি হৈছে নিজ পৰিয়ালৰ অমানৱীয় অত্যাচাৰৰ। মধ্য প্ৰদেশৰ বেটুলত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী অবিচি জাতিৰ যুৱতীয়ে এগৰাকী দলিত যুৱকৰ সৈতে প্ৰেমত আৱদ্ধ হৈ বিবাহত বহে। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে কোনোপধ্যেই মানি নলয় এই বিবাহক। সাক্ষী যাদৱ নামৰ এগৰাকী ২৪ বছৰীয়া যুৱতী অমিত আহিৰৱাৰ নামৰ এজন ২৭ বছৰীয়া দলিত যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অৱশেষত সাক্ষীয়ে তাইৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সাক্ষীৰ এজাহাৰৰ ভিত্তিত পিতৃকে ধৰি ৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে এই বিয়াখন হৈছিল ২০২০ চনৰ ১১ মাৰ্চত। সাক্ষীক শহুৰেকৰ ঘৰৰ পৰা জোৰ-জবৰদস্তি লৈ আহি পিতৃ পৰিয়ালে তাইক পঢ়িবলৈ ৰাজগড়লৈ পঠিয়াই দিয়ে। সাক্ষীক এটা হোষ্টেলত ৰাখি পঢুৱায় পৰিয়ালে। অমিত আহিৰৱাৰক যাতে কোনোপধ্যেই সাক্ষীয়ে লগ নাপায় তাৰ সকলো ব্যৱস্থা কৰিছিল যুৱতীগৰাকীৰ পৰিয়ালে। কিন্তু প্ৰকৃত প্ৰেমে কোনো বাধা নামানে। অৱশেষত সাক্ষীয়ে ২৮ অক্টোবৰত মনে মনে পলাই আহি স্বামীগৃহত উপস্থিত হয়হি। এই খবৰ পোৱাৰ পাছতে সাক্ষীৰ পিতৃয়ে তাইক নৰ্মদা নদীলৈ লৈ যায় আৰু ৪ জন লোকৰ সন্মুখত তাইক অৰ্ধ-উলংগ কৰি শুদ্ধিকৰণ কৰে। নদীত সাক্ষীক ডুব মৰোৱাৰ লগতে তাইক জুঠা পুৰী খাবলৈ দিয়ে। চুলি কাটি দিয়ে আৰু পিন্ধি থকা কাপোৰ দলিয়াই পেলাবলৈ কোৱা হৈছিল। এজন দলিত যুৱকক বিয়া কৰোৱা বাবে এই শাস্তি প্ৰদান কৰি তাইক শুদ্ধি কৰা হৈছে বুলি পিতৃয়ে কয়।

আৰু পঢ়কঃ বাইকেৰে গৈ আছিল যুৱক,হঠাৎ বুকুৰ মাজেৰে সৰকি গ’ল ৪০ ফুট দীঘল দুডাল লোহাৰ ৰড!

বৰ্তমান সাক্ষী যাদৱক ঘৰৰ পৰা হেঁচা দিয়া হৈছে যে, তাই যাতে স্বামীক বিবাহ বিচ্ছেদ দিয়ে আৰু এক সমগোত্ৰীয় যুৱকৰ সৈতে বিয়াত বহে। পৰিয়ালৰ এই দাবী কোনোপধ্যেই মানি নলওঁ বুলি কৈ আৰক্ষীৰ কাষ চাপিছে সাক্ষী যাদৱ। আৰক্ষীয়ে ধাৰা ৫০৬,৫০৪, ৩৪ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যুৱতীগৰাকীয়ে লগতে কয় যে ''ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত থকা 'জীৱনৰ অধিকাৰ' মোৰ জীৱনৰ মৌলিক অধিকাৰ। যাৰ অধীনত মই মোৰ জীৱনসংগীক নিৰ্বাচন কৰাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে। সমাজৰ ৰক্ষণশীল, জাতিবাদী মানসিকতা অতিক্ৰম কৰি মই মোৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰি বিবাহপাশত আৱদ্ধ হৈছো। মোৰ এই মৌলিক অধিকাৰ কোনোৱে খৰ্ব কৰিব নোৱাৰে..মোৰ পিতৃ-মাতৃৱেও নোৱাৰে। আশা ৰাখিছো মই ন্যায় পাম।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?