--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সফল হ'বলৈ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এয়া পুনৰ প্ৰমাণ কৰিলে এগৰাকী বিশেষ মহিলাই। তেওঁৰ নাম কিৰণ।  কেৱল নিজ শক্তিৰে দৰিদ্ৰতাক পৰাস্ত কৰাই নহয়, তেওঁৰ দৰে বহু মহিলাকো কৰ্মসংস্থাপন দিছে কিৰণে। ইয়াৰ বাবে তেওঁ কোনো ডাঙৰ কোম্পানী বা সঁজুলিৰ আশ্ৰয় লোৱা নাছিল। দৰিদ্ৰতাৰ দিনবোৰ অতিক্ৰম কৰিবলৈ তেওঁ হাতখন আৰু পথাৰত গজা সৰু সৰু ঘাঁহবোৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। আজি তেওঁৰ দৰেই প্ৰায় ৩২গৰাকী মহিলাই মূৰ দাঙি জীৱনটো পাৰ কৰিবলৈ সক্ষম হৈছে। আনকি তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰীয়েও অনলাইন মাৰ্কেটৰ জগতখনতো এক সুকীয়া পৰিচয় ডাঙি ধৰিছে। 

উত্তৰ প্ৰদেশৰ দেওৰীয়াত অৱস্থিত ভটনী ডেভেলপমেণ্ট ব্লকত পৰিয়ালৰ সৈতে থাকে কিৰণ। পৰিয়ালটোৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে  পূৰ্বে তেওঁ অতিশয় বিচলিত হৈছিল বুলি‌ উল্লেখ কৰিছে। ইয়াৰ পাছত তেওঁ Self Help Group ৰ সৈতে জড়িত হৈ পৰে। ইয়াত তেওঁ পথাৰত গজা  ঘাঁহৰ সহায়ত বিভিন্ন ঘৰুৱা আচবাব তৈয়াৰ কৰিছিল। তেওঁ খৰাহি, ডলা, উপহাৰৰ বাকচ, বিচনী আদি বনাই আৰম্ভ কৰিছিল তেওঁৰ সৰু ব্যবসায় ।

কিৰণে প্ৰস্তুত কৰা সামগ্ৰীসমূহ ক্ৰমান্বয়ে স্থানীয় বজাৰৰ লগতে অনলাইন বজাৰতো স্থান দখল কৰিবলৈ সক্ষম হ’ল। ইয়াৰ পাছতে তেওঁ নিজৰ দলত প্ৰায় ৩২ গৰাকী মহিলা যোগ কৰিছে। এতিয়া তেওঁলোকৰ মুঞ্জ ঘাঁহৰ পৰা তৈয়াৰী সামগ্ৰীৰ চাহিদা যথেষ্ট। বৰ্তমান তেওঁলোকৰ সামগ্ৰী বহুতো অনলাইন শ্বপিং ৱেবছাইটতো উপলব্ধ। কিৰণৰ দলটোৱে বনোৱা সামগ্ৰীৰ বাবে নেপাল ডুবাইকে ধৰি বহু দেশৰ পৰা অৰ্ডাৰ আহে। কিৰণৰ মতে, তেওঁৰ বনোৱা  বিভিন্ন সামগ্ৰীৰ হাৰ বেলেগ বেলেগ।

কিৰণৰ দলটোৱে এতিয়া নতুন কিবা এটা শিকি বজাৰলৈ আনিবলৈ প্ৰস্তুতি চলাইছে। দলটোৰ মহিলাসকলে গৰুৰ গোবৰৰ পৰা বন্তি বনাবলৈ শিকিছে। আগন্তুক কেইমাহমানৰ ভিতৰত তেওঁ গৰুৰ গোবৰৰ পৰা বন্তি বনাই বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ বাহিৰেও দলটোৱে নিৰন্তৰ নতুন সামগ্ৰীৰ তালিকা বৃদ্ধি কৰি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু