--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সফল হ'বলৈ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এয়া পুনৰ প্ৰমাণ কৰিলে এগৰাকী বিশেষ মহিলাই। তেওঁৰ নাম কিৰণ।  কেৱল নিজ শক্তিৰে দৰিদ্ৰতাক পৰাস্ত কৰাই নহয়, তেওঁৰ দৰে বহু মহিলাকো কৰ্মসংস্থাপন দিছে কিৰণে। ইয়াৰ বাবে তেওঁ কোনো ডাঙৰ কোম্পানী বা সঁজুলিৰ আশ্ৰয় লোৱা নাছিল। দৰিদ্ৰতাৰ দিনবোৰ অতিক্ৰম কৰিবলৈ তেওঁ হাতখন আৰু পথাৰত গজা সৰু সৰু ঘাঁহবোৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। আজি তেওঁৰ দৰেই প্ৰায় ৩২গৰাকী মহিলাই মূৰ দাঙি জীৱনটো পাৰ কৰিবলৈ সক্ষম হৈছে। আনকি তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰীয়েও অনলাইন মাৰ্কেটৰ জগতখনতো এক সুকীয়া পৰিচয় ডাঙি ধৰিছে। 

উত্তৰ প্ৰদেশৰ দেওৰীয়াত অৱস্থিত ভটনী ডেভেলপমেণ্ট ব্লকত পৰিয়ালৰ সৈতে থাকে কিৰণ। পৰিয়ালটোৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে  পূৰ্বে তেওঁ অতিশয় বিচলিত হৈছিল বুলি‌ উল্লেখ কৰিছে। ইয়াৰ পাছত তেওঁ Self Help Group ৰ সৈতে জড়িত হৈ পৰে। ইয়াত তেওঁ পথাৰত গজা  ঘাঁহৰ সহায়ত বিভিন্ন ঘৰুৱা আচবাব তৈয়াৰ কৰিছিল। তেওঁ খৰাহি, ডলা, উপহাৰৰ বাকচ, বিচনী আদি বনাই আৰম্ভ কৰিছিল তেওঁৰ সৰু ব্যবসায় ।

কিৰণে প্ৰস্তুত কৰা সামগ্ৰীসমূহ ক্ৰমান্বয়ে স্থানীয় বজাৰৰ লগতে অনলাইন বজাৰতো স্থান দখল কৰিবলৈ সক্ষম হ’ল। ইয়াৰ পাছতে তেওঁ নিজৰ দলত প্ৰায় ৩২ গৰাকী মহিলা যোগ কৰিছে। এতিয়া তেওঁলোকৰ মুঞ্জ ঘাঁহৰ পৰা তৈয়াৰী সামগ্ৰীৰ চাহিদা যথেষ্ট। বৰ্তমান তেওঁলোকৰ সামগ্ৰী বহুতো অনলাইন শ্বপিং ৱেবছাইটতো উপলব্ধ। কিৰণৰ দলটোৱে বনোৱা সামগ্ৰীৰ বাবে নেপাল ডুবাইকে ধৰি বহু দেশৰ পৰা অৰ্ডাৰ আহে। কিৰণৰ মতে, তেওঁৰ বনোৱা  বিভিন্ন সামগ্ৰীৰ হাৰ বেলেগ বেলেগ।

কিৰণৰ দলটোৱে এতিয়া নতুন কিবা এটা শিকি বজাৰলৈ আনিবলৈ প্ৰস্তুতি চলাইছে। দলটোৰ মহিলাসকলে গৰুৰ গোবৰৰ পৰা বন্তি বনাবলৈ শিকিছে। আগন্তুক কেইমাহমানৰ ভিতৰত তেওঁ গৰুৰ গোবৰৰ পৰা বন্তি বনাই বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ বাহিৰেও দলটোৱে নিৰন্তৰ নতুন সামগ্ৰীৰ তালিকা বৃদ্ধি কৰি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক