--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিগৰাকী গান্ধীৰ নেতৃত্বতে ভাৰতে স্বাধীনতা লাভ কৰিছিল, সেইগৰাকী গান্ধীৰেই আজি ভাৰতত যেন সন্মান লাঘৱ হৈছে। একাংশ হিন্দুত্ববাদী লোকে এতিয়া গন্ধীৰ সলনি গান্ধী হত্যাকাৰী নাথুৰাম গডছেকহে পূজা কৰিবলৈ লোৱাৰ কথাই আচৰিত কৰি তুলিছে বহুতকে। কেৱল ভাৰততে নহয়, বিদেশৰ লোকৰ মনতো হৈছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে  তেওঁৰ ভাৰত ভ্ৰমণৰ সময়তে  ভাৰত চৰকাৰক   মানৱ অধিকাৰৰ উলংঘনৰ ঘটনাবোৰকলৈ  সমালোচনা কৰে।তেওঁ কয় যে সংখ্যালঘু শ্ৰেণীসমূহৰ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকক শক্তিশালী কৰিব পাৰি।সকলো শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰিতেওঁলোকক  শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ মূল্যবোধ অনুশীলন কৰিবলৈও তেওঁ  আহ্বান জনায়। ভাৰতত থাকিয়েই ভাৰতীয়ক মহাত্মা গনাধীৰ আদৰ্শ অনুসৰণ কৰিবলৈ কোৱা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। আইআইটি বোম্বাইত আয়োজিত  এক অনুষ্ঠানত ভাষণ দি গুট্ৰেছে কয়, "বিশ্বৰ মঞ্চত ভাৰতে শক্তিশালী পদক্ষেপৰ  জৰিয়তে  কৰ্তৃত্ব আৰু বিশ্বাসযোগ্যতা লাভ কৰিব পাৰে।"তেওঁ কয় 'সংখ্যালঘুসকলক সুৰক্ষা দিয়াটো ভাৰতৰ দায়িত্ব'

তেওঁ লগতে কয়, "মানৱ অধিকাৰ পৰিষদৰ এজন নিৰ্বাচিত সদস্য হিচাপে ভাৰতে বিশ্বব্যাপী মানৱ অধিকাৰৰ পৰিবেশ গঢ়ি তোলা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ  অধিকাৰ সুৰক্ষিত কৰাৰ দায়িত্ব আছে।" এণ্টোনিঅ গুট্ৰেছে বহু সাংস্কৃতিক, বহু-ধৰ্মীয় আৰু বহুজাতিক সমাজৰ বিশাল মূল্য আৰু অৱদানক স্বীকৃতি দি  দৃঢ় পদক্ষেপৰ জৰিয়তে সকলোকে সৰক্ষিত কৰাৰ বিষয়তো   গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে ঘৃণামূলক ভাষণক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে  আৰু সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ অধিকাৰ আৰু স্বাধীনতা সুৰক্ষিত কৰি  লাগিব বুলি কয় ।
গুট্ৰেছে লগতে কয়, "এয়া হৈছে ভাৰত যাক বিশ্বই সন্মান  কৰে। মই ভাৰতীয়সকলক সতৰ্ক হ'বলৈ আৰু সামগ্ৰিক, বহুত্ববাদী, বিবিধ সম্প্ৰদায় আৰু সমাজত তেওঁলোকৰ সহযোগ  বৃদ্ধি কৰিবলৈ আহ্বান জনাইছো। ভাৰতে  লিংগ সমতা আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বহু কাম  কৰিবলগীয়া আছে। 

দিনটোৰ আৰম্ভণিতে গুট্ৰেছে  মুম্বাইত ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ স্মৃতিসৌধ পৰিদৰ্শন কৰে আৰু শ্ৰদ্ধা জ্ঞাপন কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক