--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিগৰাকী গান্ধীৰ নেতৃত্বতে ভাৰতে স্বাধীনতা লাভ কৰিছিল, সেইগৰাকী গান্ধীৰেই আজি ভাৰতত যেন সন্মান লাঘৱ হৈছে। একাংশ হিন্দুত্ববাদী লোকে এতিয়া গন্ধীৰ সলনি গান্ধী হত্যাকাৰী নাথুৰাম গডছেকহে পূজা কৰিবলৈ লোৱাৰ কথাই আচৰিত কৰি তুলিছে বহুতকে। কেৱল ভাৰততে নহয়, বিদেশৰ লোকৰ মনতো হৈছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে  তেওঁৰ ভাৰত ভ্ৰমণৰ সময়তে  ভাৰত চৰকাৰক   মানৱ অধিকাৰৰ উলংঘনৰ ঘটনাবোৰকলৈ  সমালোচনা কৰে।তেওঁ কয় যে সংখ্যালঘু শ্ৰেণীসমূহৰ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকক শক্তিশালী কৰিব পাৰি।সকলো শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰিতেওঁলোকক  শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ মূল্যবোধ অনুশীলন কৰিবলৈও তেওঁ  আহ্বান জনায়। ভাৰতত থাকিয়েই ভাৰতীয়ক মহাত্মা গনাধীৰ আদৰ্শ অনুসৰণ কৰিবলৈ কোৱা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। আইআইটি বোম্বাইত আয়োজিত  এক অনুষ্ঠানত ভাষণ দি গুট্ৰেছে কয়, "বিশ্বৰ মঞ্চত ভাৰতে শক্তিশালী পদক্ষেপৰ  জৰিয়তে  কৰ্তৃত্ব আৰু বিশ্বাসযোগ্যতা লাভ কৰিব পাৰে।"তেওঁ কয় 'সংখ্যালঘুসকলক সুৰক্ষা দিয়াটো ভাৰতৰ দায়িত্ব'

তেওঁ লগতে কয়, "মানৱ অধিকাৰ পৰিষদৰ এজন নিৰ্বাচিত সদস্য হিচাপে ভাৰতে বিশ্বব্যাপী মানৱ অধিকাৰৰ পৰিবেশ গঢ়ি তোলা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ  অধিকাৰ সুৰক্ষিত কৰাৰ দায়িত্ব আছে।" এণ্টোনিঅ গুট্ৰেছে বহু সাংস্কৃতিক, বহু-ধৰ্মীয় আৰু বহুজাতিক সমাজৰ বিশাল মূল্য আৰু অৱদানক স্বীকৃতি দি  দৃঢ় পদক্ষেপৰ জৰিয়তে সকলোকে সৰক্ষিত কৰাৰ বিষয়তো   গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে ঘৃণামূলক ভাষণক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে  আৰু সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ অধিকাৰ আৰু স্বাধীনতা সুৰক্ষিত কৰি  লাগিব বুলি কয় ।
গুট্ৰেছে লগতে কয়, "এয়া হৈছে ভাৰত যাক বিশ্বই সন্মান  কৰে। মই ভাৰতীয়সকলক সতৰ্ক হ'বলৈ আৰু সামগ্ৰিক, বহুত্ববাদী, বিবিধ সম্প্ৰদায় আৰু সমাজত তেওঁলোকৰ সহযোগ  বৃদ্ধি কৰিবলৈ আহ্বান জনাইছো। ভাৰতে  লিংগ সমতা আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বহু কাম  কৰিবলগীয়া আছে। 

দিনটোৰ আৰম্ভণিতে গুট্ৰেছে  মুম্বাইত ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ স্মৃতিসৌধ পৰিদৰ্শন কৰে আৰু শ্ৰদ্ধা জ্ঞাপন কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু