--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামানন্দ সাগৰৰ টেলিভিছন ধাৰাবাহিক 'ৰামায়ণ'ত সীতাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিল দীপিকা চিখলিয়া। দীপিকাক সকলোৱে সীতামা নামেৰেই মাতে। দেশৰ প্ৰতিজন দৰ্শকে সীতামা বুলি কলেই দীপিকা চিখলিয়াৰ কথা মনত পেলায়। সীতাৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ বহু মৰম-আদৰ, শ্ৰদ্ধা, সন্মান লাভ কৰিছে দীপিকাই। 

৩৩ বছৰীয়া দীঘলীয়া বিৰতিৰ অন্তত পুনৰ টিভি জগতলৈ উভতি আহিবলৈ সাজু হৈছে ৫৮ বছৰীয়া অভিনেত্ৰীগৰাকী। এটা নতুন শ্ব’ত দেখিবলৈ পোৱা যাব দীপিকা চিখলিয়াক। যাৰ কাহিনী অযোধ্যাৰ পটভূমিত ৰচিত।

এই অনুষ্ঠানটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত দেখা গৈছে দীপিকা চিখলিয়াৰ নতুন ৰূপ। 'ধৰতীপুত্ৰ নন্দিনী' নামেৰে নামাকৰণ কৰা এই অনুষ্ঠানত দীপিকাই সুমিত্রা দেৱীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এগৰাকী আইতাকৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকাই। ৩৩ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত দীপিকা পুনৰ টেলিভিছনলৈ ঘূৰি আহিব এই অনুষ্ঠান জৰিয়তে। এই কথাই সুখী কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক।

উল্লেখ্য যে এই অনুষ্ঠান দীপিকা চিখলিয়াই নিজে প্ৰযোজনা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?