--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ২৫ বছৰ বয়সতে জীৱনাসান ঘটিল তামিল অভিনেতা পৱনৰ৷ শেহতীয়াকৈ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ 

সম্প্ৰতি হৃদৰোগৰ ফলত মনোৰঞ্জন উদ্যোগত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীৰ বিয়োগ ঘটিছে৷ জনপ্ৰিয় কানাড়া তাৰকা পুনীত ৰাজকুমাৰো হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ মৃত্যুৰ খবৰে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগক জোকাৰি গৈছিল।

শেহতীয়া খবৰ অনুসৰি আন এজন যুৱ অভিনেতা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। মাত্ৰ ২৫ বছৰ বয়সৰ পৱন নামৰ এজন হিন্দী আৰু তামিল টিভি অভিনেতাৰ শুকুবাৰে পুৱা মৃত্যু হয়। পৱনৰ মুম্বাইস্থিত বাসগৃহত পুৱা প্ৰায় ৫ বজাত হাৰ্ট এটেকৰ ফলত মৃত্যু হয়৷

পৱন কৰ্ণাটকৰ মাণ্ড্য জিলাৰ বাসিন্দা৷ পৱনৰ মৃতদেহ মুম্বাইৰ পৰা তেওঁৰ জন্মস্থান মাণ্ড্যলৈ অনা হ’ব৷ তাতেই তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিব।

কৰ্ণাটকৰ বাসিন্দা হোৱা সত্বেও, তেওঁ অভিনয়ৰ বাবে মুম্বাইত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰিছিল। তেওঁ হিন্দী আৰু তামিল ভাষাৰ বিভিন্ন ধাৰাবাহিকত অভিনয় কৰিছিল৷ 

তেওঁৰ অকাল বিয়োগত মাণ্ড্যৰ বিধায়ক এইচ টি মঞ্জু, প্ৰাক্তন বিধায়ক কে বি চন্দ্ৰশেখৰা, প্ৰাক্তন মন্ত্ৰী কে চি নাৰায়ণ গৌড়া, প্ৰাক্তন বিধায়ক বি প্ৰকাশ, টিএপিচিএমএছৰ অধ্যক্ষ বি এল দেৱৰাজু, কংগ্ৰেছ নেতা বুকানাকাৰে বিজয়া ৰামেগৌড়া, ব্লক কংগ্ৰেছৰ সভাপতি বি নগেন্দ্ৰ কুমাৰ, জেডিএছ নেতা আক্কিহেব্বালু ৰঘু, যুৱ জনতা দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুৰুবাহাল্লি নাগেশকে ধৰি আন বহুজনে শোক প্ৰকাশ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু