--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ২৫ বছৰ বয়সতে জীৱনাসান ঘটিল তামিল অভিনেতা পৱনৰ৷ শেহতীয়াকৈ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ 

সম্প্ৰতি হৃদৰোগৰ ফলত মনোৰঞ্জন উদ্যোগত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীৰ বিয়োগ ঘটিছে৷ জনপ্ৰিয় কানাড়া তাৰকা পুনীত ৰাজকুমাৰো হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ মৃত্যুৰ খবৰে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগক জোকাৰি গৈছিল।

শেহতীয়া খবৰ অনুসৰি আন এজন যুৱ অভিনেতা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। মাত্ৰ ২৫ বছৰ বয়সৰ পৱন নামৰ এজন হিন্দী আৰু তামিল টিভি অভিনেতাৰ শুকুবাৰে পুৱা মৃত্যু হয়। পৱনৰ মুম্বাইস্থিত বাসগৃহত পুৱা প্ৰায় ৫ বজাত হাৰ্ট এটেকৰ ফলত মৃত্যু হয়৷

পৱন কৰ্ণাটকৰ মাণ্ড্য জিলাৰ বাসিন্দা৷ পৱনৰ মৃতদেহ মুম্বাইৰ পৰা তেওঁৰ জন্মস্থান মাণ্ড্যলৈ অনা হ’ব৷ তাতেই তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিব।

কৰ্ণাটকৰ বাসিন্দা হোৱা সত্বেও, তেওঁ অভিনয়ৰ বাবে মুম্বাইত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰিছিল। তেওঁ হিন্দী আৰু তামিল ভাষাৰ বিভিন্ন ধাৰাবাহিকত অভিনয় কৰিছিল৷ 

তেওঁৰ অকাল বিয়োগত মাণ্ড্যৰ বিধায়ক এইচ টি মঞ্জু, প্ৰাক্তন বিধায়ক কে বি চন্দ্ৰশেখৰা, প্ৰাক্তন মন্ত্ৰী কে চি নাৰায়ণ গৌড়া, প্ৰাক্তন বিধায়ক বি প্ৰকাশ, টিএপিচিএমএছৰ অধ্যক্ষ বি এল দেৱৰাজু, কংগ্ৰেছ নেতা বুকানাকাৰে বিজয়া ৰামেগৌড়া, ব্লক কংগ্ৰেছৰ সভাপতি বি নগেন্দ্ৰ কুমাৰ, জেডিএছ নেতা আক্কিহেব্বালু ৰঘু, যুৱ জনতা দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুৰুবাহাল্লি নাগেশকে ধৰি আন বহুজনে শোক প্ৰকাশ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক