--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপোনাৰ বিদ্যুতৰ বিল হাজাৰ, লাখত নহয়, কোটি কোটি টকাত আহে, তেন্তে কল্পনা কৰক আপোনাৰ অৱস্থা কি হ’ব। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ঘটিছে এক ঘটনা। বিজুলীৰ বিল দেখি হাস্পতালত ভৰ্তি হবলগীয়া হ’ল এজন ব্যক্তি। তেওঁলোকৰ ঘৰলৈ আহিছিল ৩৪১৯ কোটি টকাৰ বিদ্যুৎ বিল। সেই সময়ত ঘৰত আছিল শহুৰেক আৰু বোৱাৰী। বিশাল ধনৰাশিৰ বিদ্যুতৰ বিল দেখি দুয়ো স্তম্ভিত হৈ পৰে। বিলৰ পৰিমাণ দেখি বৃদ্ধ শহুৰেক চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়।

এই আচৰিত ঘটনাটো ঘটিছে গোৱালিয়ৰৰ আড়ম্বৰপূৰ্ণ অঞ্চল শিৱ বিহাৰ কলনীৰ। ঘৰখনত এদন ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তা নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰ-বোৱাৰীয়ে বাস কৰে। বোৱাৰী প্ৰিয়ংকা গুপ্তা এগৰাকী গৃহিণী। তেওঁৰ স্বামী সঞ্জীৱ পেছাত এজন অধিবক্তা।

সঞ্জীৱে কয় যে এইবাৰ তেওঁৰ ঘৰলৈ বিদ্যুতৰ বিল ৩৪১৯ কোটি টকা আহিল। এই বিল দেখি তেওঁৰ পত্নী প্ৰিয়ংকাৰ ব্লাড প্ৰেছাৰ বৃদ্ধি পায়। পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তা এগৰাকী হৃদৰোগী। তেওঁৰো উচ্চ ৰক্তচাপ বাঢ়ি যোৱাত অসুস্থ হৈ পৰে আৰু হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়।

কিন্তু বিদ্যুৎ বিভাগৰ লগত যোগাযোগ কৰাত হে ওলায় উৰহী গছৰ ওৰ। বিলখন বিদ্যুৎ কোম্পানীয়ে পৰীক্ষা কৰি সংশোধন কৰাত বিল আহে মাত্ৰ ১৩০০ টকা। এই ভুল সন্দৰ্ভত শক্তি কোম্পানীটোৰ জেনেৰেল মেনেজাৰে কয় যে এয়া মানৱীয় ভুল আৰু সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে মধ্যপ্ৰদেশত বিদ্যুৎ কোম্পানীৰ স্বেচ্ছাচাৰীতাৰ বাবে মানুহ অতিশয় বিচলিত হৈ পৰিছে। ক’ৰবাত মানুহে বিদ্যুৎ কৰ্তনৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ক’ৰবাত বৃদ্ধি পোৱা বিদ্যুতৰ বিলে মানুহক বিপদত পেলাইছে। এনে অৱস্থাত বিদ্যুৎ বিভাগৰ স্বেচ্ছাচাৰীতাৰ পৰা মানুহে কেতিয়া সকাহ পাব সেয়া লক্ষ্যণীয় হ’ব৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু