--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপোনাৰ বিদ্যুতৰ বিল হাজাৰ, লাখত নহয়, কোটি কোটি টকাত আহে, তেন্তে কল্পনা কৰক আপোনাৰ অৱস্থা কি হ’ব। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ঘটিছে এক ঘটনা। বিজুলীৰ বিল দেখি হাস্পতালত ভৰ্তি হবলগীয়া হ’ল এজন ব্যক্তি। তেওঁলোকৰ ঘৰলৈ আহিছিল ৩৪১৯ কোটি টকাৰ বিদ্যুৎ বিল। সেই সময়ত ঘৰত আছিল শহুৰেক আৰু বোৱাৰী। বিশাল ধনৰাশিৰ বিদ্যুতৰ বিল দেখি দুয়ো স্তম্ভিত হৈ পৰে। বিলৰ পৰিমাণ দেখি বৃদ্ধ শহুৰেক চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়।

এই আচৰিত ঘটনাটো ঘটিছে গোৱালিয়ৰৰ আড়ম্বৰপূৰ্ণ অঞ্চল শিৱ বিহাৰ কলনীৰ। ঘৰখনত এদন ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তা নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰ-বোৱাৰীয়ে বাস কৰে। বোৱাৰী প্ৰিয়ংকা গুপ্তা এগৰাকী গৃহিণী। তেওঁৰ স্বামী সঞ্জীৱ পেছাত এজন অধিবক্তা।

সঞ্জীৱে কয় যে এইবাৰ তেওঁৰ ঘৰলৈ বিদ্যুতৰ বিল ৩৪১৯ কোটি টকা আহিল। এই বিল দেখি তেওঁৰ পত্নী প্ৰিয়ংকাৰ ব্লাড প্ৰেছাৰ বৃদ্ধি পায়। পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ গুপ্তা এগৰাকী হৃদৰোগী। তেওঁৰো উচ্চ ৰক্তচাপ বাঢ়ি যোৱাত অসুস্থ হৈ পৰে আৰু হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়।

কিন্তু বিদ্যুৎ বিভাগৰ লগত যোগাযোগ কৰাত হে ওলায় উৰহী গছৰ ওৰ। বিলখন বিদ্যুৎ কোম্পানীয়ে পৰীক্ষা কৰি সংশোধন কৰাত বিল আহে মাত্ৰ ১৩০০ টকা। এই ভুল সন্দৰ্ভত শক্তি কোম্পানীটোৰ জেনেৰেল মেনেজাৰে কয় যে এয়া মানৱীয় ভুল আৰু সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে মধ্যপ্ৰদেশত বিদ্যুৎ কোম্পানীৰ স্বেচ্ছাচাৰীতাৰ বাবে মানুহ অতিশয় বিচলিত হৈ পৰিছে। ক’ৰবাত মানুহে বিদ্যুৎ কৰ্তনৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ক’ৰবাত বৃদ্ধি পোৱা বিদ্যুতৰ বিলে মানুহক বিপদত পেলাইছে। এনে অৱস্থাত বিদ্যুৎ বিভাগৰ স্বেচ্ছাচাৰীতাৰ পৰা মানুহে কেতিয়া সকাহ পাব সেয়া লক্ষ্যণীয় হ’ব৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ